গণ বাৰ্তা ,ছয়গাঁও, ১৬ ডিচেম্বৰ : লুণ্ঠন প্ৰৱঞ্চনাৰ বাতৰি পৰিবেশন কৰি থকা সাংবাদিকো এইবাৰ পৰিল প্ৰৱঞ্চকৰ জালত। সহজতে অনলাইন যোগে ঋণ পোৱাৰ...
গণ বাৰ্তা ,ছয়গাঁও, ১৬ ডিচেম্বৰ : লুণ্ঠন প্ৰৱঞ্চনাৰ বাতৰি পৰিবেশন কৰি থকা সাংবাদিকো এইবাৰ পৰিল প্ৰৱঞ্চকৰ জালত। সহজতে অনলাইন যোগে ঋণ পোৱাৰ আশাত এইবাৰ প্ৰৱঞ্চকৰ জালত সোমাল ছয়গাঁৱৰ নিউজ লাইভৰ সাংবাদিক ভগৱান দাসে । ১ লাখ টকা ঋণ দিয়াৰ বাবদ সাংবাদিক ভগৱান দাসৰ পৰা প্ৰৱঞ্চকৰ দলটোৱে অতি কৌশলেৰে সৰকালে ৩ লাখ ১০ হাজাৰ টকা। পিছত বৃহৎ পৰিমাণৰ এই ধন হেৰুৱাই হাবুদুবু খোৱা ভগৱান দাস ওচৰ চাপিল ছয়গাঁও আৰক্ষীৰ আৰু প্ৰৱঞ্চক দলটোৰ বিৰুদ্ধে তেওঁ ছয়গাঁও আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। দাসৰ অভিযোগৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে কলকাতাৰ ২৪ পৰগণা জিলাৰ ছল্টলেকৰ শান্তিময় নগৰত (গৌৰুঞ্জানগৰ) অভিযান চলাই প্ৰণৱ মহন্ত নামৰ মূল প্ৰৱঞ্চক জনক কৰায়ত্ত কৰে। টেকনো এচোছিয়েত নামৰ ভূৱা প্ৰতিষ্ঠানতোৰ মূল প্ৰৱঞ্চক প্ৰণৱ মহন্তৰ ঘৰ লক্ষীমপুৰৰ দক্ষিণ কলাবালীত । লক্ষীমপুৰৰ প্ৰণৱ মহন্তই কলকাতাত বাহৰ পাতি ভুৱা অনলাইন লোনৰ বজাৰ খুলি সাধাৰণ মানুহক ঠগি আহিছিল । ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে প্ৰৱঞ্চক প্ৰণৱ মহন্তক গ্ৰেপ্তাৰ কৰাৰ বাবে বিগত তিনিদিন ধৰি কলকতাত বাহৰ পাতি আছিল। যোৱকালি কলিকতাত গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চক প্ৰণৱ মহন্তক আজি ছয়গাঁও আৰক্ষী থানালৈ আনে। আৰক্ষী সুত্ৰে জানিব পৰামতে ধৃত প্ৰনৱ মহন্তৰ পৰা ৩২ খন এটিএম কাৰ্ড, তিনিটা মবাইল হেণ্ডছেটসহ ভূৱা নথি পত্ৰ জব্দ কৰিছে। ছয়গাঁও আৰক্ষী থানাৰ ১১০৩/২০২০ নম্বৰত গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চক প্ৰণৱ মহন্তক জেৰা অব্যাহত আছে। এতিয়া ভগৱান দাসে এই ৩ লাখ ১০ হাজাৰ টকা ঘুৰাই পাব নে নাই তাক লৈ চিন্তিত হৈ পৰিছে।
No comments