Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উন্নয়ন প্ৰাধিকৰণৰ ভূমিত ফ্লেট নিৰ্মাণক লৈ কঠোৰ স্থিতি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰঃ যি কোনো মুহূৰ্তত হ’ব স্থগিত

গণ বাৰ্তা বিশেষ, যোৰহাট, ৪ ডিচেম্বৰ ঃ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ ৰাজহুৱা বাছ আস্থানৰ ১৪ বিঘাৰো অধিক ভূমিত এজন অনা-অসমীয়া বণিয়াক আৱাসিক...

গণ বাৰ্তা বিশেষ, যোৰহাট, ৪ ডিচেম্বৰ ঃ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ ৰাজহুৱা বাছ আস্থানৰ ১৪ বিঘাৰো অধিক ভূমিত এজন অনা-অসমীয়া বণিয়াক আৱাসিক আৰু ব্যৱসায়িক নিৰ্মাণৰ বাবে দিয়া প্ৰসংগত যোৰহাটৰ  বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে স্থিতি স্পষ্ট কৰিলে। বিধায়ক গোস্বামীয়ে আজি এক সংবাদমেলত উল্লেখ কৰে যে এই বিষয়ে তেওঁ সবিশেষ জনা নাছিল। অন্যান্য নিগম-নিকায়, কলেজ আদিৰ দৰে তেওঁ উন্নয়ন প্ৰাধিকৰণৰো এজন পদেন সদ্যস্য। সেই সূত্ৰে ৭/৩/২০২০ তাৰিখৰ ব’ৰ্ডৰ সভালৈ তেওঁৰ এজন প্ৰতিনিধি গৈছিল। ব’ৰ্ডে উক্ত স্থানত নিৰ্মাণৰ বাবে ই-টেণ্ডাৰ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু টেণ্ডাৰ হোৱাৰ পাছত কোন কোন প্ৰতিষ্ঠানে ভাগ ল’লে, কাক কাম আবন্টন দিব পাৰি সেই সিদ্ধান্ত ল’বলৈ পুনৰ ব’ৰ্ডৰ আন এখন সভা দিয়াটো দৰকাৰ আছিল।

 কিন্তু জে ডি এয়ে সেই কাম কৰা নাছিল। এই বিষয়টোৰ সন্দৰ্ভত অভিযোগ দাখিল কৰা অধিবক্তা ৰিণ্টু গোস্বামীসহ  ব্যক্তিসকল, উন্নয়ন প্ৰাধিকৰণৰ সভাপতি আৰু জিলা উপায়ুক্তৰ সৈতে তেওঁ পৃথকে পৃথকে আলোচনা কৰাৰ অন্তত এই ক্ষেত্ৰত উচিত পদক্ষেপ শীঘ্ৰে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি বিধায়ক গোস্বামীয়ে উল্লেখ কৰে। সংবাদ মেলত তেওঁ সকলো কথা কৌশলেৰে উত্তৰ দি কয় যে শীঘ্ৰে জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিব। ইয়াৰ পৰা এটা কথা স্পষ্ট যে বিধায়কজনে সমগ্ৰ প্ৰক্ৰিয়াটোত অনিয়ম দেখা পাইছে আৰু প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। নিতেশ জৈন নামৰ বণিয়াজনৰ লগত উন্নয়ন প্ৰাধিকৰণৰ যি চুক্তি হৈ গ’ল তাত কেনেধৰণৰ ফ্লেট নিৰ্মাণ হ’ব তাৰ উল্লেখ নাই আৰু প্ৰাধিকৰণৰ সভাপতিজনে প্ৰধানমন্ত্ৰী আৱাস নিৰ্মাণ হ’ব বুলি কোৱা প্ৰসংগ উনুকিয়াই দিয়াত বিধায়কজনে কোনো উত্তৰ নিদিলে যদিও এটা কৌশলী হাঁহি মাৰে।

 একেদৰে বণিয়াজনৰ লগত যিখন চুক্তি কৰা হ’ল সেইখন বাতিল কৰিব পৰাকৈ উন্নয়ন প্ৰাধিকৰণে কোনো দফা যে সংযোগ নকৰিলে সেই কথা সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ ক’লে- ‘মাত্ৰ কেইটামান মুহূৰ্ত ৰওক, সকলো গম পাব’। এই কথাৰ পৰা এটা কথা একপ্ৰকাৰ স্পষ্ট হয় যে শীঘ্ৰে এই প্ৰক্ৰিয়া বন্ধ হোৱাটো নিশ্চিত। কিন্তু উন্নয়ন প্ৰাধিকৰণে বণিয়াজনৰ লগত যিখন চুক্তি কৰি পঞ্জীয়ন পৰ্যন্ত কৰিলে তাত সন্নিৱিষ্ট ৮০ শতাংশ দফা ব্যৱসায়ীজনৰ সপক্ষে কৰা হৈছে। আৰু চুক্তিখন কোনো কাৰণত বাতিল কৰিব পৰাকৈ কোনো দফা সন্নিৱিষ্ট কৰা নাই। যাৰ বাবে প্ৰশাসনে এই কাম বন্ধ কৰিলেও ব্যৱসায়ীজন যে আদালতৰ দ্বাৰস্থ হ’ব সেয়া নিশ্চিত। আৰু সেয়ে হ’লে ১৪ বিঘাৰো অধিক ৰাজহুৱা ভূমিৰ ভৱিষ্যৎ ওলমি ৰ’ব আদালতৰ সিদ্ধান্তৰ ওপৰত। ইফালে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ ভিতৰছোৱাত দীৰ্ঘদিন ধৰি যে অনিয়ম চলি আহিছে সেই কথা বিধায়কজনে স্বীকাৰ কৰে। যোৰহাট নগৰৰ মাজৰ পৰা ট্ৰাক টাৰ্মিনাছটো স্থানান্তৰত প্ৰাধিকৰণে গুৰুত্ব দিব লাগে আৰু এই ক্ষেত্ৰত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদ মেলত উল্লেখ কৰে।

No comments