Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শ্বিলং-চেৰাপুঞ্জী নহয়, এইবাৰ চৰাইদেউৰ শিলঘাগৰী জলপ্ৰপাতলৈ আহক

চৰাইদেউৰপৰা অভিজিৎ ভূঞা, ৩১ ডিচেম্বৰ : স্বাগতম নৱবৰ্ষ। ২০২০ বৰ্ষটো শেষ কৰি ইংৰাজী নতুন বছৰক আদৰিবলৈ সাজু হৈছে সকলো। কৰ'ণা মহামাৰীয়ে সমগ...


চৰাইদেউৰপৰা অভিজিৎ ভূঞা, ৩১ ডিচেম্বৰ : স্বাগতম নৱবৰ্ষ। ২০২০ বৰ্ষটো শেষ কৰি ইংৰাজী নতুন বছৰক আদৰিবলৈ সাজু হৈছে সকলো। কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে বছৰজুৰি সন্ত্ৰাস সৃষ্টি কৰাৰ পাছত নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী। পিছ পৰি ৰোৱা নাই অবিভক্ত শিৱসাগৰ জিলাৰ জনতাও। নৱবৰ্ষত পৰ্যটকক আদৰিবলৈ সাজু কৰি তোলা হৈছে  পৰ্যটন ক্ষেত্ৰ সমূহ। অবিভক্ত শিৱসাগৰ জিলাৰ অন্তৰ্গত বৰ্তমান চৰাইদেউ জিলাৰ সোণাৰিৰ অন্যান্য পৰ্যটন স্থানৰ লগতে নৱবৰ্ষত পৰ্যটকক আদৰিবলৈ সাজু হৈছে শিলঘাগৰী জলপ্ৰপাত। চৰাইদেউ জিলাৰ অন্তৰ্গত পৰ্যটন ক্ষেত্ৰ সমূহৰ ভিতৰত অন্যতম এক স্থান হ'ল শিলঘাগৰী জলপ্ৰপাত। জিলা সদৰ সোণাৰিৰপৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত শিলঘাঘৰী জলপ্ৰপাতটো অসম-অৰুণাচল সীমান্তৰ দিল্লী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত। বনাঞ্চল খনৰ হালোৱা বন খণ্ডৰপৰা প্ৰায় চাৰি কিলোমিটাৰ ভিতৰত থকা শিলঘাগৰী জলপ্ৰপাতলৈ বছৰটোৰ বিভিন্ন সময়ত আগমণ ঘটে পৰ্যটকৰ। নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ শিলঘাগৰী জলপ্ৰপাতৰ অঞ্চলটোত নৱবৰ্ষৰ প্ৰথমটো দিনৰপৰা বনভোজৰ দলসমূহে ভিৰ কৰা পৰিলক্ষিত হয়। যাৰ ফলত ইতিমধ্যে অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত এই শিলঘাগৰী জলপ্ৰপাতৰ আন্তঃগাথঁনি উন্নয়নত গুৰুত্ব দিছে। ইফালে বনভোজপ্ৰেমীসকলে ২০২০ বৰ্ষক বিদায় দি নতুন এটা বছৰক আদৰিবলৈ সাজু হোৱাৰ সময়তে কিছুদিন বন্ধ হৈ থকা শিলঘাগৰী জলপ্ৰপাতটো পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। উজনি অসমৰ অন্যতম পৰ্যটন স্থলীত পৰিণত হোৱা জলপ্ৰপাত টোক আনুষ্ঠানিকভাৱে মুকলি কৰে বিউটি বাইলুং খ্যাত জনপ্ৰিয় অভিনেত্ৰী চুমকী কছাৰীয়ে। সাংবাদিক গৌতম গগৈৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত মুকলি কৰা হয় শিলঘাগৰী জলপ্ৰপাত পৰ্যটন স্থলী। শিলঘাগৰী জলপ্ৰপাত পৰ্যটন স্থলী মুকলি কৰি অভিনেত্ৰী গৰাকীয়ে কয়, "বিগত বৰ্ষৰ প্ৰায়খিনি সময় চৰকাৰী নিৰ্দেশনা মানি ঘৰতে আৱদ্ধ হৈ থকাৰ পাছত প্ৰকৃতিৰ লগত কিছু আত্মিক সম্পৰ্ক গঢ়ি তুলিবলৈ শিলঘাগৰীলৈ আহিব পাৰে। নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ শিলঘাগৰী জলপ্ৰপাতৰ পানীৰ খলখলনিত জীপাল হৈ পৰিব মনবোৰ'।মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ বৰুৱাছালি মৌজাৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী এলেকাত অৱস্থিত দিল্লী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আছে শিলঘাগৰী জলপ্ৰপাত। শ্বিলং-চেৰাপুঞ্জী নহয় , এইবাৰ আপুনিও আহিব পাৰে এইখন অসমৰে চৰাইদেউ জিলাৰ শিলঘাগৰী জলপ্ৰপাতলৈ।


No comments