গণ বাৰ্তা , ছয়গাঁও , ১২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকীত আজি/ শণিবাৰে...
গণ বাৰ্তা , ছয়গাঁও , ১২ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকীত আজি/ শণিবাৰে শ্বহীদগৰাকীৰ ছয়গাঁৱৰ দলৈপাৰাৰ সমাধিক্ষেত্ৰত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শূভাৰম্ভ কৰে শ্বহীদ পিতৃ খগেন দাসে। দলৈপাৰা ৰাইজ গয়ৰহ আৰু ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই যুটীয়া ভাৱে এই শ্ৰদ্ধাঞ্জলিআনুষ্ঠানৰ আয়োজন কৰিছে।ইয়াৰ পিছতে দলৈপাৰা ৰাইজ গয়ৰহৰ সভাপতি বিমল শালৈ, ছয়গাঁও আঞ্চলিক ছাত্র সন্থাৰ উপম দাস, প্ৰাক্তন ছাত্রনেতা দেৱজিৎ গোস্বামীৰ লগতে অনুষ্ঠানত উপস্থিত থকা লোকসকলে শ্বহীদ গৰাকীৰ প্ৰতচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। শ্বহীদ গৰাকীৰ সমাধিক্ষেত্ৰত উপস্থিত থকা শ্বহীদ ভগ্নী সংগীতা দাসে মৃত্যুৰ এবছৰ হোৱাৰ সময়লৈকে শ্বহীদ দীপাঞ্জল দাসৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰমাণ পত্ৰখন নোপোৱাত ক্ষোভ ব্যক্ত কৰাৰ লগতে এইক্ষেত্ৰত ছাত্ৰ সন্থাৰ সহযোগিতা বিছাৰে। বিগত সময়ছোৱাত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে শ্বহীদ পৰিয়ালটিক বিভিন্ন সহায় আগবঢ়োৱাৰ লগতে ছাত্র সন্থাৰ সহযোগিতা আগবঢ়াই থকা বুলি শ্বহীদ ভগ্নী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে।আনহাতে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাসে চৰকাৰে দুস্কৃতিকাৰীৰ হাতত শ্বহীদ গৰাকীৰ মৃত্যু হোৱা বুলি কৰা ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰি অতি সোনকালে চৰকাৰে দীপাঞ্জলক শ্বহীদ ঘোষণা কৰিব লাগে বুলি মন্তব্য কৰে। তদুপৰি ১৩ ডিচেম্বৰৰ পৰা কা বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিব বুলিও সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে।
No comments