জয়ন্ত বৰা, বঢ়মপুৰ , ২৬ ডিচেম্বৰ : নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়াগাঁৱৰ বাইপাছ চ'কৰ সমীপত যোৱানিশা প্ৰায় ১১.৩০ বজাত...
জয়ন্ত বৰা, বঢ়মপুৰ , ২৬ ডিচেম্বৰ : নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়াগাঁৱৰ বাইপাছ চ'কৰ সমীপত যোৱানিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয় । নিহত যুৱকজন হ'ল বঢ়মপুৰ নিবাসী হিমাংশু বৰা (২৫) । জানিব পৰা মতে , কালি নিশা হিমাংশুৰ এজন বন্ধুৱে দিয়া জন্মদিনৰ পাৰ্টী উপভোগ কৰিবলৈ গৈ অজ্ঞাত কাৰণত নিশা নগাঁও চহৰৰ অভিমুখে নিজৰ এ এছ ০১ই পি ৩৬৪৪ নম্বৰৰ মহিন্দ্ৰা মাৰাজ' গাড়ীখন লৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে বাগৰি পৰে । যাৰ ফলত গাড়ীখনৰ চালক হিমাংশু বৰা থিতাতে নিহত হয় আৰু গাড়ীখনত যোৱা আন দুজন বন্ধু কিছুপৰিমাণে আহত হয় বুলি জানিব পৰা গৈছে । অতি অমায়িক আৰু ভদ্ৰ স্বভাৱৰ যুৱকজন কম সময়তে সকলোৰে প্রিয়ভাজন হৈ পৰিছিল । হিমাংশুৰ মৃত্যুত বঢ়মপুৰ নৱসুৰুজ গোষ্ঠী আৰু ছহিদ পুথিভঁৰাল , হৰ-গৌৰী গণেশ মন্দিৰ সমিতি , বঢ়মপুৰ জ্যোতি সংঘ আৰু লাইব্ৰেৰীৰ বিষয়ববীয়াসকল , বঢ়মপুৰ দৈনিক বজাৰ সমিতি , ক্ষুদ্ৰ ব্যৱসায়ীসকল , বঢ়মপুৰ ইয়ং ষ্টাৰ ক্লাৱৰ উপৰি তেওঁৰ পৰিচিত সকলো ব্যক্তি আৰু বন্ধুবৰ্গই শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছে । আজি যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ সময়ত বঢ়মপুৰৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক লোক তেওঁৰ ঘৰত সমবেত হোৱাৰ লগতে এক শোকাকূল পৰিৱেশৰ সৃষ্টি হয় । মৃত্যুৰ সময়ত যুৱকজনে পিতৃ-মাতৃসহ পৰিয়ালৰ বহু আত্মীয়-স্বজনক এৰি থৈ যায় ।
No comments