মাহমুদ আলী,নীলবাগান ৩১ ডিচেম্বৰ হোজাই জিলাত ত্ৰাসৰ সৃষ্টি কৰিছে শিল, বালি কঢ়িয়াই নিয়া ডাম্পাৰসমূহে৷ হোজাইৰ ৰাজপথত চলি থকা কেবাশতাধিক ডাম্পাৰ...
মাহমুদ আলী,নীলবাগান ৩১ ডিচেম্বৰ হোজাই জিলাত ত্ৰাসৰ সৃষ্টি কৰিছে শিল, বালি কঢ়িয়াই নিয়া ডাম্পাৰসমূহে৷ হোজাইৰ ৰাজপথত চলি থকা কেবাশতাধিক ডাম্পাৰে দৈনিক সংঘটিত কৰিছে পথ দূৰ্ঘটনা৷ডাম্পাৰৰ খুন্দাত বহুকেইজন লোক ইতিমধ্যে নিহত হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈ এক প্ৰকাৰ পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে৷আজি হোজাইৰ নীলবাগানত পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা৷নীলবাগানৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দূৰ্ঘটনাটো৷ দূৰ্ঘটনাত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত 'চূৰ্ণ বিচূৰ্ণ হয় এখন ক্ৰেটা বাহন।AS 02CC 3975 নম্বৰৰ পাত্থৰ কঢ়িওৱা ডাম্পাৰৰ খুন্দাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে৷ ক্ৰেটা গাড়ীখন হোজাইৰ ইছলাম নগৰৰ ছাবিৰ আহমেদ নামৰ যুৱকজনৰ বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে গাড়ীখন যোৱা ৰাতি কিনি আনিছিল ছাবিৰ আহমেদে৷দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন নীলবাগান আৰক্ষীয়ে জব্দ কৰি মোৰাজাৰ থানাত চমজাই দিয়ে ৷
No comments