গণ বাৰ্তা, দুমুনিচকী ১৯ ডিচেম্বৰঃ কৃষি কৰ্মত নিয়োজিত হৈ আত্ম নিৰ্ভৰশীলতাৰ দিশত খোজ দিয়াৰ সপোন দেখিছে দৰং জিলাৰ ছিপাঝাৰৰ এটি মহিলা আত্মসহা...
গণ বাৰ্তা, দুমুনিচকী ১৯ ডিচেম্বৰঃ কৃষি কৰ্মত নিয়োজিত হৈ আত্ম নিৰ্ভৰশীলতাৰ দিশত খোজ দিয়াৰ সপোন দেখিছে দৰং জিলাৰ ছিপাঝাৰৰ এটি মহিলা আত্মসহায়ক গোটে ৷ চৰকাৰে স্ব নিৰ্ভৰশীল অসম গঢ়ি মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ শ্লোগান আওৰাই থাকিলেও প্ৰকৃতপক্ষে এই আত্মসহায়ক গোটটিয়ে চৰকাৰৰ ওচৰত বিভিন্ন আবেদন নিবেদন জনায়ো পোৱা নাই কোনো সুফল । লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা ৷ ছিপাঝাৰৰ তুৰাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২০১৮ চনতে গঠন কৰা মাজুলী আত্মসহায়ক গোটৰ মহিলাসকলে অৱশেষত নিজৰ সাচতীয়া ধনেৰে প্ৰায় ছ বিঘা মাটিত আৰম্ভ কৰিলে সৰিয়হ , আলু আৰু ৰঙালাউকে ধৰি বিভিন্ন শাকপাচলিৰ খেতি । তেওঁলোকৰ এই প্ৰচেষ্টাই ইতিমধ্যে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ সৰিয়হৰ পিচতে জিকা, ভোল , লেচেৰা আৰু ভেন্দীৰ খেতি কৰিবলৈ আয়োজন কৰিছে গোটৰ তেৰ গৰাকী মহিলাই ৷ পৰিতাপৰ বিষয় এয়ে যে ওচৰতে থকা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত বীজ আৰু আনুসংগিক সহায়ৰ বাবে কেবাবাৰো আবেদন জনায়ো ব্যৰ্থ হৈছে আত্মসহায়ক গোটটিৰ মহিলাসকল ৷ তথাপিও হতাশ নহৈ , নিজৰ মানসিক শক্তিকে মূলধন হিচাপে লৈ আগবাঢ়িছে তেওঁলোক ৷
No comments