Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাইজৰ দলৰ যোৰহাট জিলা অভিবৰ্তন সম্পন্ন; শতাধিক লোকৰ যোগদান

গণ বার্তা, যোৰহাট, ১১ ডিচেম্বৰ: "অতীজৰ বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা অসম ভূমিলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন  ঘটিছিল । তেওঁলো...


গণ বার্তা, যোৰহাট, ১১ ডিচেম্বৰ: "অতীজৰ বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা অসম ভূমিলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ প্ৰব্ৰজন  ঘটিছিল । তেওঁলোকে কিন্তু এই অসম ভূমিত কেতিয়াও কাজিয়া কৰাৰ উদ্দেশ্যে লৈ অহা নাছিল। তেওঁলোক সকলো আহিছিল আৰু মিলা প্ৰীতিৰে এই ভূমিত বসবাস কৰিছিল। আমি সকলো হৈছোঁ সেই সকলৰ বংশধৰ আমিবোৰ। আমাৰ পূৰ্বপুৰুষ সকল এই ভূমিলৈ আহিছিল মাত্ৰ তিনিটা বস্তুৰ সন্ধানত। তেওঁলোক আহিছিল পানী, সাৰুৱা ভূমি আৰু ওখ স্থানৰ সন্ধানত। আৰু এই সকলো বিচৰা উপাদান অসম ভূমিত বিচাৰি পায় তেওঁলোক ইয়াত শান্তিৰে থাকি গৈছিল আৰু মিলা প্ৰীতিৰে বসবাস কৰিছিল। তেওঁলোকে জীৱন কতাবৰ বাবে , সমাজ গঢ়িবৰ বাবে এই অসম ভূমিলৈ বিভিন্ন স্থানৰ পৰা আহিছিল। এই লোক সকলৰ মাজত আছিল বিভিন্ন গোষ্ঠী, জাতি জনগোষ্ঠীৰ লোক। আমাৰ পূৰ্বপুৰুষ সকলে কেতিয়াও এটা গোষ্ঠীয়ে আন এটা গোষ্ঠীৰ লগত কাজিয়াত লিপ্ত হোৱা নাছিল।" - এই মন্তব্য বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা পদ্মভূষণ সন্মানেৰে বিভূষিত জাহ্নু বৰুৱাৰ। আজি যোৰহাটৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ যোৰহাট জিলা অভিবৰ্তনত উপস্থিত থাকি ৰাইজৰ দলৰ  উপদেষ্টা জাহ্নু বৰুৱাই লগতে কয় যে, আমাৰ পূৰ্বপুৰুষ সকলে যি আদৰ্শ আগত লৈ অসম খন গঢ়িছিল, সেই সম অসমত কিন্তু এতিয়া অসমখন ত এক বিপৰীত দৃশ্য হে দেখা পোৱা যায়। প্ৰবজন  হয় সমাজ গঢ়িবৰ বাবে। প্ৰবজন কাৰীয়ে দেশ আক্ৰমণ কৰিবৰ বাবে নাহে। কিন্তু পৃথিৱী খন আগবঢ়াৰ লগে লগে কিছু পৰিৱৰ্তন আহিল। পৃথিৱীৰ কিছু কিছু অংগৰ পৰা আক্ৰমণ আৰম্ভ হল। এখন দেশে আন এখন দেশ আক্ৰমণ কৰিলে, এটা গোষ্ঠী য়ে আন এটা গোষ্ঠীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে। এই আক্ৰমণক কিন্তু প্ৰজাই বা ৰাইজে ভাল পোৱা নাছিল। আক্ৰমণৰ কথা সদায় ৰজাই চিন্তা কৰে, প্ৰজাই সদায় শান্তি কামনা কৰে। কিন্তু ৰজাই সৰ্বসাধাৰণ প্ৰজাক সৈন্য কৰি আন দেশ আক্ৰমণ কৰে। অসমক বহু শত্ৰুৱে বহুবাৰ আক্ৰমণ কৰিলে। যি শত্ৰুৱে আক্ৰমণ কৰিছিল, তাৰ বহু সৈন্য অসমত থাকি গল। অসমে তেওঁলোকক আদৰি ললে। শত্ৰু  সদায় ৰজা জন। সৈন্য সকল কেতিয়াও শত্ৰু নহয়। আমি সদায় ইয়াক মানৱীয়তা দৃষ্টি ভঙ্গীৰে চাব লাগিব। সময়ৰ অগ্ৰগতিৰ লগে লগে আধুনিক দেশ আহিল, আমি দেশৰ মাজত সীমা ঠিক কৰিলোঁ। আইন, নিয়ম, সংবিধান সৃষ্টি কৰিলোঁ। আৰু আমি সেই নিয়ম আধুনিক দেশত মানি চলিব লাগে। ভাষণ প্ৰসংগত বৰুৱাই কয় যে,অসমৰ মাটি উৰ্বৰা। ইয়াৰ উৎপাদন ক্ষমতা আছে।  আমাৰ প্ৰয়োজনীয় খাদ্য অসমে দিব পৰা ক্ষমতা আছে। আমাৰ অসম ইমানেই চহকী যে, চালি জাৰি চালে দেখা পোৱা যাব। এই অসম ক ধ্বংস নকৰাকৈ ইয়াৰ সম্পদ সমূহ আহৰণ কৰিব লাগিব। আমাক উদ্যোগ লাগে কিন্তু সেইবুলি আমি আমাৰ সোণ ৰ অসম খনক অনিষ্ট কৰিলে নহব।  ,ভাষণ প্ৰসংগত জাহ্নু বৰুৱা ই লগতে কয় যে,  ৰাজ্য অথবা দেশ চলাবৰ বাবে এজন যোগ্য প্ৰাৰ্থীৰ প্ৰয়োজন। আৰু যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰাৰ দায়িত্ব সৰ্বসাধাৰণ ৰাইজৰ। ৰাইজ প্ৰলোভনত উটি ভাঁহি গলে কেতিয়াও ৰাজ্যৰ উন্নতি সম্ভৱ নহয়। বিপৰীতে ৰাজ্য  ধ্বংস হে হব। নিৰ্বাচনত জয়ী হৈ বিধায়ক মন্ত্রী হোৱাৰ ধান্দাত থাকি কেৱল মাত্ৰ ধন ঘটাৰ কথা চিন্তা কৰিলে সমাজ দেশৰ উন্নতি নহব। সেয়েহে প্ৰকৃত প্ৰতিনিধি বাচ বিচাৰ কৰাৰ দায়িত্ব ৰাইজৰ। আজিৰ অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ দলৰ ভাস্কো দা হাজৰিকা ই কয় যে, এইখন চৰকাৰে ৰাইজৰ বাক স্বাধীনতা খৰ্ব কৰাৰ চেষ্টা কৰিছে। নিজৰ ৰক্ষাৰ বাবে কৃষক নেতা অখিল গগৈক এবছৰ ধৰি কাৰাবন্দী কৰি ৰাখিছে।  তেওঁলোকে ২১ ৰ বিধানসভা  আজিৰ ৰাইজৰ দলৰ যোৰহাট জিলা অভিবৰ্তনত উপস্থিত থাকি মুখ্য আহ্বায়ক অলক নাথ, মুখ্য আহ্বায়িকা জেৰিফা ৱাহিদ, চলচ্চিত্ৰ নিৰ্মাতা গায়ত্ৰী বৰুৱা ই বক্তব্য প্ৰদান কৰে। ইয়াৰ পূৰ্বে আজি পুৱা শ্বহীদ তৰ্পণ কৰে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্নয়ৰক্ষী সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি হৰেন দত্ত আৰু কা আন্দোলনৰ শ্বহীদ পত্নী জোনমণি বৰুৱাই। এই সভাত যোৰহাটৰ বিভিন্ন অঞ্চলৰ শতাধিক লোকে আনুষ্ঠানিকভাবে ৰাইজৰ দলত যোগদান কৰে । 


No comments