Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিধান সভা, লোকসভা সমষ্টি গৰীয়া-মৰীয়াৰ বাবে সংৰক্ষণ কৰক উজনি অসম মুছলিম কল্যাণ পৰিষদ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট: ৪ডিচেম্বৰ  :  উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৱা ০২ডিচেম্বৰত  জিলা সভাপতি মুকিবুল হকৰ সভাপতিত্বত এখন কায্যনিবাহক সভা...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট: ৪ডিচেম্বৰ  :  উজনি অসম মুছলিম কল্যাণ পৰিষদৰ যোৱা ০২ডিচেম্বৰত  জিলা সভাপতি মুকিবুল হকৰ সভাপতিত্বত এখন কায্যনিবাহক সভা চিনামৰাত অনুষ্ঠিত হয় ৷ সমিতিৰ সাধাৰণ  সম্পাদক ৰফিক হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা হয় ৷ সভাপতি মুকিবুল হকে প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰে ৷ লগতে অসম দিৱসৰ লগত সংগতি ৰাখি বৰ অসমৰ ভেটি গঢ়োতা  চাওলোং চ্যুকাফাৰ জীৱন আদৰ্শ সাম্প্ৰতিক সময়ত বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকৰ মিলন ভুমি অসম ৰাজ্যত মহামিলনৰ সেতু আৰু সমন্বয় গঢ়াত আকৰ স্বৰূপ বুলি অভিহিত কৰি সম্পাদক ৰফিক হুছেইনে আহোম ৰাজত্বৰ ঐতিহাসিক কীৰ্তিচিহ্ণ সমুহ বৃহত্তৰ অসমীয়া সমাজ - জীৱন আৰু জাতি গঠনৰ বিৰল সমল বুলি উল্লেখ কৰে ৷ সভাত উপস্থিত থাকি পৰিষদৰ শিক্ষা সম্পাদক তমিজুৰ ৰহমান ; কায্যকৰি সভাপতি মহম্মদ ৰফিক বক্তব্য প্ৰদান কৰে ৷ সভাত গৃহিত প্ৰস্তাৱ অনুসৰি অহা ২৬ ডিচেম্বৰত মহাবীৰ লাচিত অাৰু বাঘ হাজৰিকা সোঁৱৰণী অনুষ্ঠান  আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা উপৰিও গৰিয়া মৰিয়া উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰত বঞ্চিত আৰু অৱহেলিত জনগোষ্ঠীটোৰ হৈ দীৰ্ঘদিন ধৰি বলিষ্ঠ ভূমিকা লৈ অহা সংগঠনৰ সৈতে মিলিত হৈ পৰিষদখন গঠন কৰাৰ  লগতে গৰিয়া মৰিয়া আৰু জোলহা সকলৰ শীঘ্ৰে জৰীপ কায্য উজনি অসমৰ পৰা আৰম্ভ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। অসম বিধান সভাত চাৰিটা  আৰু লোকসভাত এটা সমষ্টি গৰিয়া মৰিয়াৰ বাবে সংৰক্ষণ কৰাৰ লগতে উচ্চ সদন গঠন আৰু আজানপীৰ কলাক্ষেত্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি কাৰ্যকৰি কৰিবলৈ আজিৰ সভাই  চৰকাৰৰ ওচৰত দাবী জনায়।

No comments