Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছিপাঝাৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান

গণ বাৰ্তা , দুমুনিচকী ২৩ ডিচেম্বৰঃ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা পৰিষদৰ অধীনৰ ছিপাঝাৰ খণ্ড আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি ৰূপকোঁ...


গণ বাৰ্তা , দুমুনিচকী ২৩ ডিচেম্বৰঃ অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা পৰিষদৰ অধীনৰ ছিপাঝাৰ খণ্ড আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাৰ পূৰ্বে সংশ্লিষ্ট বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ডেকাই বিশিষ্ট গণিতজ্ঞ আৰ্যভট্ট ৰ প্ৰতিচ্ছবি ত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পন কৰে। ইয়াৰ পাছতে অনুষ্ঠিত হয় ক্ৰমে আকস্মিক বক্তৃতা, চিত্ৰাংকন ,  উদ্ভাৱনী ধাৰণা , বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা । আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অসীম জ্যোতি শৰ্মা (লেঙেৰীয়াঝৰ কৃষক হাইস্কুল ) , দ্বিতীয় স্থান লাভ কৰে জ্যোতিষ মান শইকীয়া (দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু তৃতীয় স্থান পায় পিং কু বৰা (ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ)। চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠৰ ছাত্ৰ ক্ৰমে সঞ্জয় কুমাৰ নাথ আৰু প্ৰাণকৃষ্ণ নাথ আৰু তৃতীয় স্থান লাভ কৰে ছিপাঝাৰ অকাডেমিৰ জয়াৰী দেৱীয়ে। উদ্ভাৱনী ধাৰণা প্ৰতিযোগিতাত প্ৰথম স্থান জাতীয় বিদ্যালয় হাজৰিকা পাৰা ৰ অনিৰুদ্ধ ডেকা, দিতীয় স্থান লাভ কৰে দেও মৰ নৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিনা মানি ডেকা আৰু তৃতীয় স্থান লাভ কৰে জতীয় বিদ্যালয় হাজৰিকা পাৰা ৰ দেবাংগ ডেকাই।

বিজ্ঞানৰ মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বুঢ়া লোক প্ৰিয় বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ মৃদু ডেকাই । মৃদু ডেকাৰ আৰ্হি আছিল মজিয়া প্লাষ্টাৰ কৰা সুলভ পদ্ধতি।  দ্বিতীয় স্থান লাভ কৰে দেওঁ মৰ নৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশান্ত কুমাৰ আৰু বেদান্ত ডেকাৰ আৰ্হি বিশেষ বাবে সক্ষম লোকৰ বাবে ঘৰ। আনহাতে তৃতীয় স্থান লাভ কৰে যুটীয়া ভাবে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠৰ নিশ্চিত নাথ আৰু কৃতাৰ্থ প্ৰতীম নাথৰ প্ৰদূষণ মুক্ত চহৰ  আৰু দেও মৰ নৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰাজ শইকীয়া আৰু ঋতু পৰ্ণ হাজৰিকাৰ সুৰক্ষিত পথ আৰু বানপানী । প্ৰতিযোগিতা খনৰ বিচাৰক হিচাপে আছিল। বাপুজি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিৰণ্য কুমাৰ নাথ, মঙলদৈ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষযিত্ৰী আলম আৰা বেগম আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠৰ শিক্ষক দিলীপ কুমাৰ নাথ। প্ৰতিযোগিতাৰ অন্তত বঁটা হিচাপে প্ৰমাণ পত্ৰ আৰু গ্ৰন্থ প্ৰদান কৰা হয়। অংশ গ্ৰহণ কৰা সকলকো প্ৰমাণ পত্ৰ দিয়া হয়। উল্লেখ্য যে খণ্ড পৰ্য্যায়ৰ স্থান প্ৰাপ্ত প্ৰতিযোগী সকলে জিলা পৰ্য্যায়ত অনুষ্ঠিত হব লগা প্ৰতিযোগিতাত অংশ লব পাৰিব।  সামৰণি অনুষ্ঠানত জিলা সমন্বয় ক ত্ৰৈলোক্য মোহন গোস্বামী উপস্থিত থাকি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাম কাজত থুলমূল আভাষ দাঙি ধৰে। আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে ছিপাঝাৰ খণ্ড পৰ্য্যয়াৰ সমন্বয়ক মনিষা শৰ্মাই।

No comments