আৰিফ আহমেদ,তামুলপুৰ, ২৬ ডিচেম্বৰ: তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। কালি নিশ...
আৰিফ আহমেদ,তামুলপুৰ, ২৬ ডিচেম্বৰ: তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। কালি নিশা ভাৰত-ভূটান সীমান্তৰ কাউলিৰ।সমীপৰ বিহংগপুৰ গাঁওত নিশা বন্য হস্তীৰ এটা বৃহৎ জাকে প্ৰৱেশ কৰি তাণ্ডৱ চলাই আতংকময় পৰিবেশৰ সৃষ্টি কৰে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্য হস্তীৰ বৃহৎ জাকটো গাঁও খনত প্ৰৱেশ কৰাৰ লগে লগে গাঁওখনৰ লোক সকলে ঘৰ-দুৱাৰ এৰি পলায়ন কৰে আৰু নিৰাপদ দূৰত্বত আশ্ৰয় লয়। হাতীৰ জাকটোৱে গাঁও খনৰ কেইবাটাও কৃষক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে আৰু ভঁৰালৰ ধান চাউল আদি খাই তহিলং কৰে। ঘৰ-দুৱাৰ ভঙাৰ উপৰিও হাতীৰ জাকটোৱে কেইবাটাও পৰিয়ালৰ বাৰীৰ তামোল, নাৰিকল, কল গছৰ বাগিছাৰো বিস্তৰ ক্ষতি সাধন কৰে। হাতীৰ জাকটোৱে বিহংগপুৰ গাঁওৰ দয়াৰাম মগৰ, ৰবি মগৰ নামৰ লোক কেইজনৰ ঘৰ ভাঙি উপদ্ৰৱ চলোৱাৰ ওপৰিও আন কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে। হাতীৰ জাকটোক খেদি পঠিয়াবলৈ স্থানীয় ৰাইজে চেষ্টা কৰিও বিফল হয়। গোটেই নিশা হাতীৰ জাকটোৱে তাণ্ডৱ চলাই পুৱতি নিশাহে গাঁওখন ত্যাগ কৰি পাহাৰৰ দিশে গতি কৰে। তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ এক দীৰ্ঘদিনীয়া সমস্যা। বিগত পোন্ধৰ বছৰত অকল তামুলপুৰ মহকুমাত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰায় ১০০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পোৱালি হাতী সহ প্ৰায় পোন্ধৰটা বনৰীয়া হাতীৰো মৃত্যু হৈছে। হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ নাই কোনো অভিলাষী আঁচনি। বহু কৃষক পৰিয়াল দুৰ্ভিক্ষত ভুগিব লগীয়া হৈছে হাতীৰ উপদ্ৰৱৰ বাবে।
No comments