গণ বাৰ্তা সেৱা , সাপেখাতী ২৯ ডিচেম্বৰ : জনগোষ্ঠীক জনজাতিকৰণ , নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈক মুক্তিৰ দাবীত আজি আটাছু চৰাইদেউ জি...
গণ বাৰ্তা সেৱা , সাপেখাতী ২৯ ডিচেম্বৰ : জনগোষ্ঠীক জনজাতিকৰণ , নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈক মুক্তিৰ দাবীত আজি আটাছু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু দল সংগঠনৰ বিষয়বীয়াৰ উপস্থিতত সাপেখাতীত দুঘণ্টীয়া অৱস্হান ধৰ্মঘট অনুষ্ঠান ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ সন্মুখত প্ৰায় এক শতাধিক কৰ্মী সমবেত হৈ হাতে হাতে প্লে 'কাৰ্ড লৈ ছয় জনজাতিকৰণ কৰক,কা' আমি নামানো, অখিল গগৈক শীঘ্ৰে মুক্তি দিয়ক, বি - জে -পি চৰকাৰ গ' ব্ৰেক , কৃষক বিৰোধী বি জে পি চৰকাৰ হায় হায় আদি শ্লো'গানেৰে আকাশ বতাহ কপাই ।আজি অৱস্থান স্থলীত আটছু প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈ, কেন্দ্ৰীয় সহ সম্পাদক দেৱজিৎ গগৈ, আটাছু চৰাইদেউ জিলা সমিতিৰ, সভাপতি সম্পাদক ৰাজীৱ চেতিয়া, দেৱাশীষ বুঢ়াগোহাঁই, উপদেষ্টা দিগন্ত চাংমাই,আছুৰ নিতুল গগৈ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লংকেশ্বৰ গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কৃষ্ণ গগৈ, আৰু কৃষক শ্ৰমিক সুৰক্ষা সমিতিৰ হৈ ৰাজু গগৈ প্ৰমূখ্য কৰি বহু কেইজন লোকে প্ৰতিবাদ স্থলীত বক্তব্য আগঢ়ায়।
No comments