Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাত দুঠাইত অগ্নিকাণ্ডৰ ঘটনা, জুইত জাহ যায় কেইবা লাখ টকাৰ সামগ্ৰী

  গণ বাৰ্তা, ৯ ডিচেম্বৰ, শালবাৰী  বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনা গাঁৱৰ শ্বাহ আলম নামৰ ব্যক্তিজনৰ ঘৰত আজি ভয়ংকৰ অগ্নিকাণ...

 


গণ বাৰ্তা, ৯ ডিচেম্বৰ, শালবাৰী  বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনা গাঁৱৰ শ্বাহ আলম নামৰ ব্যক্তিজনৰ ঘৰত আজি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ ছৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় এক লাখ টকাৰ বয়বস্তুৰ ক্ষতিসাধন হয়৷ বুধবাৰে দিনৰ ১১ মান বজাত গোৱৰ্ধনা থানাৰ নিচেই কাষত যুৱ ব্যবসায়ী শ্বাহ আলমৰ ঘৰত জুইৰ ধোঁৱা ওলাই থকা দেখিবলৈ পাই ৰাইজে প্ৰত্যক্ষ কৰে এই ঘটনা৷ ঘটনাস্থলীত খবৰ পোৱাৰ লগে লগে গোৱৰ্দ্ধনা থানাৰ আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় যদিও শ্বাহ আলমৰ পৰিয়ালৰ সকলো বয়বস্তুৰ লগতে ২ লাখ টকা পুৰি ছাই হয়৷ 


ইফালে গোৱৰ্দ্ধনা থানাৰ অন্তৰ্গত কুছিয়াখান্দা গাওঁৰ আব্দুল ছাত্তাৰৰ ঘৰতো খেৰিৰ পুজিত অগ্নি সংযোগ হৈ ৩০ বিঘা ধানখেতিৰ খেৰ পুৰি ছাই হৈ যায়৷ এই ঘটনাটো কোনো দুৰ্বৃত্তই সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়াৰ লোকে৷ উক্ত ঘটনাৰ তদন্ত বিচাৰি গোৱৰ্দ্ধনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোক আব্দুল ছাত্তাৰে৷ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ৬ ঘন্টা সময় চেষ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয়৷

No comments