ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১ ডিচেম্বৰ : দিল্লীৰ প্ৰতিবাদী কৃষকৰ সমৰ্থনত আৰু কৃষক বিৰোধী বিল বাতিলৰ দাবীত যোৰহাটত আজি কেইবাটাও সংগঠনে প্ৰতিব...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১ ডিচেম্বৰ : দিল্লীৰ প্ৰতিবাদী কৃষকৰ সমৰ্থনত আৰু কৃষক বিৰোধী বিল বাতিলৰ দাবীত যোৰহাটত আজি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । চি আই টি ইউ, নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেছন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ যৌথ উদ্যোগত শেহতীয়াকৈ গৃহীত হোৱা তিনিখনকৈ কৃষি বিল বাতিলৰ দাবীত আৰু দিল্লীত সমবেত হোৱা কৃষকসকলৰ প্ৰতিবাদলৈ সমৰ্থন জনাই আজি যোৰহাটত সংহতি মিছিল বাহিৰ কৰা হয়। শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণেৰে এই প্ৰতিবাদী মিছিলত কৃষকবিৰোধী বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লগানেৰে আকাশ বতাহ কঁপাই তোলে । উল্লেখ্য যে শেহতীয়াকৈ গৃহীত হোৱা কৃষি বিধেয়ক তিনিখনে কৃষিখণ্ডক সম্পূৰ্ণৰূপে বৃহৎ বেপাৰীৰ হাতত গতোৱা হ'ব বুলি দেশজুৰি কৃষকসকলে অনুধাৱন কৰিছে। বৰ্তমান চৰকাৰৰ দ্বাৰা পৰিচালিত APMC সমূহৰ নিয়ন্ত্ৰণ পুঁজিপতিৰ হাতলৈ দিয়াটোৱে কৃষকসকলে বৰ্তমানে পাই থকা ন্যূনতম সমৰ্থন মূল্য হেৰুওৱাৰ আশংকাই দেখা দিছে। সেয়েহে এই তিনিওখন কৃষি বিধেয়ক বাতিলৰ লগতে সমগ্ৰ দেশতে মান্দী (APMC ) স্থাপন আৰু ন্যূনতম সমৰ্থন মূল্যৰ সুনিশ্চিতকৰণ কৰাৰ দাবীত আজি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাতো কৃষক আৰু বাওঁ গণতান্ত্ৰিক সংগঠন, ফেডাৰেছনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। আজি প্ৰতিবাদী সমদলটোৱে বিষ্টুৰাম বৰুৱা হলৰ পৰা জিলা প্ৰশাসনৰ কাৰ্যালয়, বৰুৱা চাৰিআলি হৈ পুনৰ চি পি আই (এম)ৰ কাৰ্যালয়ত শেষ হয়। আজি উপস্থিত আছিল কৃষক নেতা ৰাজেন মহন্ত, শ্ৰমিক নেতা দিব্যন্দু দাস, নিৰ্মল চন্দ্ৰ গগৈ, প্ৰমোদ মহন্ত, মহিলা নেত্ৰী কমলপ্ৰভা গগৈ, যুৱ নেতা পংকজ তামূলী, সৌৰভ গগৈৰ লগতে কেইবাজনো প্ৰতিবাদী নেতাই অংশগ্ৰহণ কৰে ।
No comments