Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সোণোৱালৰ কাৰ্যকালত চুপাৰী, কয়লা, বালি, শিল, গৰুৰ পৰা চৰকাৰী চাকৰিলৈ চিণ্ডিকেটৰাজঃ অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ডিচেম্বৰ ঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰে...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ডিচেম্বৰ ঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। আজি শিলচৰত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয় যে বিজেপিৰ অপকৰ্মৰ বাবেই ২০২১ৰ নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব। জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰখনৰ শাসনকালত আজি অসমীয়া খিলঞ্জীয়া মানুহৰ ভেটি নিজৰ হাতৰ পৰা ওলাই গৈ আছে। নাগালেণ্ডৰ পৰা মিজোৰামলৈ প্ৰায় তিনিখন চুবুৰীয়া ৰাজ্যই অসমীয়াৰ ভূমি বেদখল কৰি আছে। কিন্তু অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰাৰ পিছতো সোণোৱাল চৰকাৰ নিমাত। তেওঁ লগতে কয় যে মহাপুৰুষ শংকৰদেৱ, আজান পীৰ, চুফী সত্ৰৰ সংস্কৃতিক মোহাৰি অসমৰ পৰিৱেশ সাম্প্ৰদায়িক বিষবাষ্পৰে বিনষ্ট কৰিবলৈ বিজেপি-আৰএছএছে অহৰহ চেষ্টা চলাই আছে। 

আগন্তুক নিৰ্বাচনত বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ লাভ কৰিব বুলি জিতেন্দ্ৰ সিঙে কয় যে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকাৰ প্ৰতিশ্ৰুতি দিছিল সোণোৱাল চৰকাৰে। কিন্তু উক্ত প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল। ইফালে মাদ্ৰাছা বন্ধৰ প্ৰসংগ উত্থাপন কৰি জিতেন্দ্ৰ সিঙে কয় যে মন্ত্ৰী হিমন্তই সংবাদমেল পাতি ৰাজ্যৰ মাদ্ৰাছাসমূহ বন্ধ হ’ব বুলি ঘোষণা কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ আগত এনে সিদ্ধান্ত লোৱা নাই বুলি উল্লেখ কৰে। একপ্ৰকাৰ চৰকাৰখনে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। এনআৰচি প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে এনআৰচিখন প্ৰথমে ঐতিহাসিক দলিল বুলি কোৱা চৰকাৰখনে এতিয়া নতুনকৈ পুনৰ এনআৰচিৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাইজক অনাহকত কষ্ট দিয়াৰ উপৰি ইয়াৰ ওপৰত ৰাজনীতি কৰিব বিচাৰিছে। 

বিজেপিয়ে বেংগলী সম্প্ৰদায়ৰ লোকসকলক লৈ ঘঁৰিয়ালৰ চকুপানী টুকিছে বুলি তেওঁ উল্লেখ কৰে। একেদৰে তেওঁ কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি জাগীৰোড আৰু কাছাৰ কাগজ কল দুটা পুনৰ উজ্জীৱিত কৰিব নোৱাৰিলে। যাৰ বাবে কংগ্ৰেছ দলৰ লগতে বিভিন্ন দল-সংগঠনে আজি ধৰ্মঘট-প্ৰতিবাদ কৰাৰ পিছতো এইক্ষেত্ৰত উদ্যোগ দুটা সক্ৰিয় কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিজেপিয়ে বৰাক উপত্যকাত এটা সৰু সচিবালয় নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। যিটো আজি তেওঁলোকৰ অন্যান্য নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ দৰে এক নিৰ্বাচনী জুমলা বুলি পৰিগণিত হৈছে।

 তেওঁ লগতে আৰু কয় যে বৰাক নৈৰ ওপৰত প্ৰস্তাৱিত দলং আজিও তেওঁলোকৰ ভিজন ডকুমেণ্টৰ ভিতৰৰ পৃষ্ঠাতেই সন্নিৱিষ্ট হৈ থাকিল। মুখ্যমন্ত্ৰী সোণোৱালে সঘনাই বৰাক-ব্ৰহ্মপুত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান আওৰাই থাকে। কিন্তু তেওঁলোকৰ শাসনকালত অসমৰ ইতিহাসৰ ভিতৰত বেছি দুৰ্নীতি সংঘটিত হৈছে। চুপাৰি, তামোল, কয়লা, বালি, শিল, গৰুকে আদি কৰি চৰকাৰী চাকৰিলৈকে সকলোতে ছিণ্ডিকেটৰাজ। আজি সংবাদমেলত প্ৰাক্তন সাংসদ সুস্মিতা দেব, ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহ উপস্থিত থাকে।

No comments