Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ বাতৰি কাকতৰ প্ৰতিষ্ঠান ,চাংকাকতি বুক'ছ এণ্ড পাব্লিকেচনৰ স্বত্বাধিকাৰী কুলনাথ চাংকাকতিৰ মৃত্যু , দল সংগঠনৰ শোক প্ৰকাশ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১ ডিচেম্বৰ :  যোৰহাটৰ বাতৰি কাকতৰ  এজেন্সি,  চাংকাকতি বুক'ছ এণ্ড পাব্লিকেচন আৰু চাংকাকতি বুক'ছ স্থল'ৰ  স...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১ ডিচেম্বৰ :  যোৰহাটৰ বাতৰি কাকতৰ  এজেন্সি,  চাংকাকতি বুক'ছ এণ্ড পাব্লিকেচন আৰু চাংকাকতি বুক'ছ স্থল'ৰ  স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী ,ধৰ্মপ্ৰাণ ব্যক্তি কুলনাথ চাংকাকতিৰ  আজি পুৱা প্ৰায় ৮:২০ মান বজাত  যোৰহাটৰ মিছন হস্পিতালত চিকিৎসাধীন অৱস্থাত ইহলীলা বৰণ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৯৬ বছৰ । উল্লেখ্য যে বিশিষ্ট সমাজকৰ্মী জনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে যোৰহাটৰ কাকতি গাঁৱৰ তেখেতৰ বাসগৃহত অগণন লোকে ভিৰ কৰেহি । মৃত্যুৰ সময়ত তেখেতে পত্নী, দুজন পুত্ৰ ,বোৱাৰী , দুগৰাকী জী জোঁৱাই ,নাতি - নাতিনী সহ এক বৃহৎ পৰিয়াল ইহ:সংসাৰত এৰি থৈ গৈছে । বিশিষ্ট সমাজ কৰ্মী জনৰ মৃত্যুত আছু যোৰহাট জিলা সমিতি, জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী , অগপৰ জিলা সমিতি, বিজেপি জিলা সমিতিৰ উপৰিও যোৰহাট প্ৰেছ ক্লাৱ, সদৌ অসম সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতিৰ লগতে বহু কেইটা দল সংগঠনৰ উপৰিও  বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা বুলি জানিবলৈ দিছে । উল্লেখ্য যে যোৰহাটৰ চাংকাকতি বাতৰি কাকত এজেন্সিৰ  জন্মদাতা তথা শিল্পী মনৰ অধিকাৰী কুলনাথ চাংকাকতিৰ মৃত্যুত কাকতি গাঁৱত শোকৰ ছাঁ পৰিছে ।

No comments