গণ বাৰ্তা, ডিব্ৰুগড়, ২৫ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত জকাইৰ কলিয়নী গাঁৱৰ নিৰ্বাসী চাহ শ্ৰমিক জিতেন কুৰ্মী আৰু আলমনা কুৰ্...
গণ বাৰ্তা, ডিব্ৰুগড়, ২৫ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত জকাইৰ কলিয়নী গাঁৱৰ নিৰ্বাসী চাহ শ্ৰমিক জিতেন কুৰ্মী আৰু আলমনা কুৰ্মীৰ কন্যা দীপাৱলী কুৰ্মীয়ে কঠোৰ পৰিশ্ৰম তথা সাধনাৰে নিজৰ জীৱন যাত্ৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।সদ্য ঘোষিত মেধাৱী দীপাৱলী কুৰ্মীয়ে ২০১৮ বৰ্ষৰ অসম লোক সেৱা আয়োগৰ ফলাফলত অসম অসামৰিক সেৱাত ৩৫ সংখ্যক স্থান অৰ্জন কৰি জকাইৰ চাহ শ্ৰমিকৰ কন্যা দীপাৱলী কুৰ্মীয়ে জকাইৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় জিলাৰ জকাই কলিয়নীৰ খামটি গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ জীৱনৰ পাতনি মেলি দীপাৱলী কুৰ্মীয়ে জকাই মধ্য ইংৰাজী বিদ্যালয়ৰ মজলীয়া শিক্ষা উত্তীৰ্ণ হৈছিল। ২০১০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জকাই হাইস্কুলৰ পৰা তিনিটা বিষয়ত লেটাৰ সহ প্ৰথম স্থান অৰ্জন কৰা দীপাৱলী কুৰ্মীয়ে ২০১২ বৰ্ষত ডিব্ৰুগড় জ্ঞান বিজ্ঞান একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক কলা শাখাত আটাইকেইটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগ অৰ্জন কৰিছিল। আনহাতে ২০১৫ বৰ্ষত জকাইৰ দীপাৱলী কুৰ্মীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক পৰীক্ষাত নৃ-তত্ব বিষয়ত মেজৰ সহ প্ৰথম শ্ৰেণী প্ৰথম স্থানেৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা সফলতাৰে শ্ৰেষ্ঠ স্নাতক ডিগ্ৰী লাভ কৰি ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ২০১৭বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা নৃ-তত্ব বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ দীপাৱলীয়ে কুৰ্মীয়ে ইউ জি চিৰ অধীনৰ নেট শ্লেট পৰীক্ষাতো উত্তীৰ্ণ হৈছিল। নিজৰ একাগ্ৰতা আৰু সাধনাৰে অধিক পৰিশ্ৰমেৰে অধ্যয়ন শীল জকাইৰ দীপাৱলী কুৰ্মীয়ে সদ্য ঘোষিত ২০১৮ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ চুড়ান্ত ফলাফলত অসম অসামৰিক সেৱাত ৩৫ সংখ্যক স্থান অৰ্জনেৰে নিজৰ শৈক্ষিক জীৱন যাত্ৰাত সফলতা পাৱলৈ সক্ষম হৈছে। অসম লোকসেৱা আয়োগৰ ২০১৮ বৰ্ষৰ চুড়ান্ত ফলাফলত অসম অসামৰিক সেৱাত সফলতাৰে উত্তীৰ্ণ হৈ জকাই ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই অনা দীপাৱলী কুৰ্মীক আজি ডিব্ৰুগড় জিলাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাই জকাইত সমদল কৰি অনাৰ উপৰিও জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত আটছা ডিব্ৰুগড় আৰু জকাই শাখা তথা জকাইৰ স্বেচাসেৱী প্ৰভাৱ গোষ্ঠীৰ সৌজন্যত সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত লেকাই কেচি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সমীৰণ কুমাৰ দাস, জকাইৰ প্ৰভাৱ গোষ্ঠীৰ হৈ ৰাজু ভৰালী, দেৱজিত কাকতি, আটছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বসন্ত কুৰ্মী প্ৰমুখ্যে দল-সংগঠনে অসন লোক সেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰা দীপাৱলী কুৰ্মীক সম্বৰ্ধনা জনায়। আনহাতে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু জকাই গাঁও পঞ্চায়তৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে অসম লোকসেৱা আয়োগৰ অসম অসামৰিক পৰীক্ষা উত্তীৰ্ণ দীপাৱলী কুৰ্মীৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰিছে।
No comments