Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

APSCৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ বাইহাটা চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিলে উপাসনা, জ্যোতিষ্মান আৰু সুজাতাই

পৰিয়ালৰ সৈতে উপাসনা ডেকা গণ বাৰ্তা ,বাইহাটা চাৰিআলি, ২৫ ডিচেম্বৰ:  যোৱা কালি ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত তিনিজনকৈ পৰীক্ষার্থীয়ে স...

পৰিয়ালৰ সৈতে উপাসনা ডেকা
গণ বাৰ্তা ,বাইহাটা চাৰিআলি, ২৫ ডিচেম্বৰ: যোৱা কালি ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত তিনিজনকৈ পৰীক্ষার্থীয়ে সফলতাৰে উর্তীর্ণ হৈ বাইহাটা চাৰিআলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বাইহাটা চাৰিআলিৰ নগাঁও গাঁওৰ বাসিন্দা গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ শৰৎ চন্দ্ৰ ডেকাৰ কণ্যা সুজাতা ডেকা, নিজমদাৰতলা গাঁওৰ বাসিন্দা ডাঃ ডিম্বেশ্বৰ শর্মাৰ পুত্র জ্যোতিষ্মান শর্মা আৰু এই অঞ্চলৰে আগডলা গাঁও নিৱাসী শ্রী ভুধৰ ডেকাৰ কণ্যা উপাসনা ডেকা । উল্লেখযোগ্য যে বিগত ২০১৮ বর্ষতে অনুষ্ঠিত হোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ইমান দিনে বন্ধ হৈ আছিল। কিন্তু যোৱা কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নির্দেশ যোগে অসম লোকসেৱা আয়োগৰ অধ্যক্ষক উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত কোনো বাধ্যবাধকতা নাই বুলি জনাৰ পিছতেই আয়োগে উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। কালি ঘোষিত লোকসেৱা আয়োগৰ পৰীক্ষাত সুজাতা ডেকাই ৰাজ্য খনৰ ভিতৰত চতুৰ্দশ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অসম লোকসেৱা আয়োগৰ এই ঘোষণাৰ পিছতে সমগ্ৰ বাইহাটা চাৰিআলি অঞ্চলত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এই পৰীক্ষাত সফলতা অৰ্জন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা হেতুকে অঞ্চলটোৰ বিভিন্ন দল সংগঠন আৰু বিভিন্ন জনে তিনিও গৰাকীৰ ঘৰলৈ গৈ শুভকামনা জ্ঞাপন কৰিছে। ভবিষ্যতত ৰাজ্য খনৰ প্রশাসনিক সেৱাৰ সতে জড়িত হৈ ৰাজ্য খনৰ লগতে অঞ্চলটোৰ হিতৰ বাবে কাম কৰি যাবলৈ তিনিও গৰাকী অসম লোকসেৱা আয়োগৰ সফল প্রার্থীক পৰামৰ্শ আগবঢ়াই। ইপিনে জালুকবাৰী বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবাটাও গুৰুত্বপুৰ্ণ দপ্তৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিও গৰাকী সফল পৰীক্ষার্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। লগতে মন্ত্রী গৰাকীয়ে নিজে প্রতিনিধিত্ব কৰি থকা সমষ্টিটোৰ পৰা ৰাজ্য খনৰ অতি গুৰুত্বপূৰ্ণ লোকসেৱা আয়োগৰ দৰে সন্মান জনক পদবীৰ বাবে অনুষ্ঠিত পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত ব্যাক্তিগত ভাৱে আনন্দ লাভ কৰা বুলি জানিবলৈ দিয়ে। 

No comments