গণ বাৰ্তা ,চৰাইদেউ ,৯ নৱেম্বৰ : বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত বহুল চৰ্চিত আৰু ভাইৰেল হৈ থকা বিষয় হৈছে warriors: এক জাগৰণ নাৰীত্ব নামৰ বে...
গণ বাৰ্তা ,চৰাইদেউ ,৯ নৱেম্বৰ : বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত বহুল চৰ্চিত আৰু ভাইৰেল হৈ থকা বিষয় হৈছে warriors: এক জাগৰণ নাৰীত্ব নামৰ বেচৰকাৰী সংগঠনটোৰ নাৰী উন্নয়ন আৰু সৱলীকৰণৰ কাম কাজবোৰ। বিশ্বনাথ জিলাৰ শিক্ষক তথা কবি উৎপল শিৱমে নাৰী উন্নয়ন, নাৰী স্বাবলম্বন , নাৰী শিক্ষা, বিধবা আৰু অবিবাহিতা মহিলাৰ আৰ্থিক সংস্থাপন, দৰিদ্ৰ ছাত্ৰীৰ শিক্ষাৰ সুবিধা, ডাইনী হত্যা, ভ্ৰূণ হত্যা আদিৰ প্ৰতিৰোধ,নাৰী নিৰ্য্যাতনৰ বিপক্ষে আইনী সহযোগিতা তথা ধৰ্ষণকাৰী মাত্ৰেই ফাঁচীৰ দাবী জনাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে গঠন কৰা warriors নামৰ অৰাজনৈতিক সামাজিক সংগঠনটোলৈ অতি কম সময়তে অসমৰ হাজাৰ হাজাৰ লোকে হিল-দল ভাঙি আহি সহযোগিতা কৰিছে। এই জাগৰণ বৰ্তমান ছ'চিয়েল মিডিয়াতে আবদ্ধ হৈ থকা নাই । সমগ্ৰ অসমৰ প্ৰতিখন জিলা আৰু জিলাৰ পৰা প্ৰতিখন গাওঁ ,অঞ্চলত প্ৰসাৰ লাভ কৰিছে। নৱগঠিত এই সংগঠনৰ সু - পৰিকল্পনা আৰু সু নিৰ্দিষ্ট লক্ষ্যবোৰৰ বাবে প্ৰতিজন ব্যক্তি অনুষ্ঠানটোৰ প্ৰতি আকৰ্ষিত হৈছে। এই অনুষ্ঠানৰ কাৰ্য্যপন্থা অকল শ্লোগান বা সভা সমিতিতেই সীমাবদ্ধ হৈ থকা নাই বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে ছ'চিয়েল মিডিয়াত অসুৰক্ষিত বা দুষ্ট চক্ৰৰ বলি হোৱা মহিলাক সাম্ভাব্য বিপদৰ পৰা উদ্ধাৰ কৰিছে। GPS TRACING ৰ দ্বাৰা অকলশৰীয়া মহিলাই বাহনত যাত্ৰা কৰোতে যাতে কোনো দুষ্ট ব্যক্তিৰ আক্ৰমণৰ বলি হব নোৱাৰে তাৰ বাবে চকু ৰাখিবলৈ Woman road protection নামৰ এক পৰিকল্পনা হাতত লৈছে। এই সংগঠনক যদি চৰকাৰ প্ৰশাসনে সহায় সহযোগিতা প্ৰদান কৰে তেন্তে নিঃসন্দেহে অসমৰ প্ৰতি নাৰীৰ সুৰক্ষা তথা এক সন্মানজনক জীৱন উপহাৰ দিবলৈ এই সংগঠন সক্ষম হব । বৰ্তমান অসমৰ শদিয়াৰ পৰা ধুবুৰিলৈ প্ৰতি জিলাতে ৱাৰিৱৰ শাখা গঠন হৈছে আৰু বহু মহিলা, যুৱতী তথা পুৰুষে স্বতঃসিদ্ধ ভাবে একগোট হৈ সক্ৰিয়ভাবে ভাগ লবলৈ ওলাই আহিছে ।যোৰহাট জিলাৰ তত্বাবধায়িকাৰ দায়িত্ব দিয়া হৈছে কবিতা শৰ্মা আৰু ৰশ্মি কোঁৱৰক,চন্দ্ৰমা লাহনক। লখীমপুৰ জিলাৰ হিমাশ্ৰী বৰা আৰু ৰিংকু শইকীয়া,গোলাঘাট জিলাৰ ৰিংকু ৰাগিনী,পল্লৱী চৌধুৰী, হীৰকজ্যোতি বৰা,সবিতা বৰুৱা,বনশ্ৰী গগৈ,সঞ্জীৱ বৰুৱা,জানমণি গগৈ । বঙাইগাওঁৰ শিল্পাশ্ৰী পাঠক,দ্বীপামনি দাস। মৰিগাওঁ জিলাৰ পম্পী দাস, ৰিংকুমনি শইকীয়া।নলবাৰীৰ প্ৰিয়ংকা বৰুৱা।তিনিচুকীয়া জিলাৰ প্রণতি শইকীয়া,মাধুৰী মৰাণ,স্বৰ্ণলতা বড়া,প্রীতম শৰ্মা,পৰাগ হাজৰিকা।মাজুলী জিলাৰ বৃষ্টিৰানী হাজৰিকা,জোন জোনালী মুদৈ,নিবেদিতা বৰুৱা । ধেমাজীৰ পল্লবী শইকীয়া,বৰ্ষা কলিতা। চিৰাং জিলাৰ নিলীমা বৰুৱা,শোনিতপুৰ জিলাৰ হিমাদ্ৰি দেবী(ডলী),হিমাদ্ৰি দেবী,সুস্বপ্না হাজৰিকা,সবিতা লহকৰ,ৰীমা লামা,উপাসনা বৰা ।কামৰূপ নগৰৰ কল্পনা গগৈ,প্ৰণব স্নিগ্ধ জোনাক, জোনমনি বড়ো ।শিৱসাগৰ জিলাৰ ৰশ্মি কোঁৱৰ ,দুলুমণি চেতিয়া ,উপাসনা বৰুৱা,দীপশিখা দাস গগৈ। দৰঙৰ ভনিতা কলিতা। ডিব্ৰুগড় জিলাৰ প্ৰিতীশিখা খনিকৰ , নিহাৰিকা মেচ, নিৰ্মালী দাস কুলিগঞা, পল্লৱ গগৈ। বৰপেটা জিলাৰ তুলিকা দাস।গোৱালপাৰা জিলাৰ ৰুমি ৰাভা,হিমাদ্রি সোণোৱাল,ৰিমি।কামৰূপ গ্ৰাম্যৰ এডমিন জিন্টি দাস,পম্পী দাস,আচিফা খাতুন। তিনিচুকীয়া জিলাৰ প্রণতি শইকীয়া,মাধুৰী মৰাণ,স্বৰ্ণলতা বড়া,পৰাগ হাজৰিকা,প্রীতম শৰ্মা। নগাওঁৰ আফ্ৰোজা এচ আহমেদ, মানসী খাকলাৰী। চৰাইদেওৰ ৰূপামনি গগৈ,ৰিজুমনি গগৈ।ওদালগুৰিৰ পূৰবী শৰ্মা। বজালিৰ ববিতা গোস্বামী।বিশ্বনাথৰ হাসনা বেগম, সুস্বপ্না হাজৰিকা, মুনমী শিৱম।লগতে এই জিলা পৰ্য্যায়ৰ তত্বাবধায়ক সকলৰ তত্বাবধানত নিজ নিজ জিলাত আঞ্চলিক ভাবে warriors গোট গঠন কৰাৰ লগতে অন্য জিলা সমূহতো শ শ পুৰুষ মহিলা সদলবলে একগোট হৈ গোট সমূহ গঠন কৰাৰ কাম চলি আছে। ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত warriors প্ৰথম ৰাজ্যিক সন্মীলনখনি আয়োজন কৰাৰ কামো চলি আছে। ৰাজ্য ব্যাপ্তি কেৱল নাৰী সুৰক্ষা আৰু নাৰী সৱলীকৰণৰ দিশত সক্ৰিয় ভাবে কামত নিয়োজিত হোৱা warriors হৈছে একমাত্ৰ এনে সংগঠন যি সুন্দৰ পৰিকল্পিত সংগবদ্ধ প্ৰচেষ্টাৰ দ্বাৰা অসমৰ প্ৰতি অঞ্চলৰ মহিলা সকল একেখন মঞ্চতেই উপবিষ্ট হৈ নিজৰ লগতে আন মহিলাসকলৰ বাবে কাম কৰা সুবিধা পাব। পৰবৰ্ত্তী পৰ্য্যায়ত পঞ্চায়ত, শিক্ষানুষ্ঠান সমূহলৈ এই জাগৰণ প্ৰসাৰিত কৰা হ'ব। ইতিমধ্যে কিশোৰী সকলৰ আত্মৰক্ষাৰ কৌশল শিকোৱাৰ বাবে বিভিন্ন জিলাৰ শিক্ষানুষ্ঠান সমূহৰ লগত আলোচনাও চলি আছে। বহু চৰকাৰী অনুদান প্ৰাপ্ত বহু নাৰী সৱলীকৰণ অনুষ্ঠান বা সমাজ কল্যাণমূলক আচনীৰ যিসময়ত কেৱল কাগজে পত্ৰইহে আছে কিন্তু কৰ্মক্ষেত্ৰত শূণ্য তেনে সময়ত নিজৰ প্ৰচেষ্টাৰে গঢ় লৈ উঠা warriors ৰ দৰে নাৰী তথা সমাজকল্যাণমূলক এই বিশাল ৰাজ্যিক সংগঠনটোয়ে যদি চৰকাৰ তথা প্ৰশাসনৰ সহযোগিতা পায় নিঃসন্দেহে নাৰী কল্যাণ মূলক কাম সমূহত চৰকাৰৰ এক বহুল সুবিধা হব তথা নাৰীসকলৰ অধিকাৰ সুৰক্ষিত হব। বাস্তব ক্ষেত্ৰত কৰ্মক্ষম তথা নাৰীৰ উন্নয়ন আৰু সুৰক্ষাৰ সকলো চৰ্ত সামৰি লব পৰা এই প্ৰকৃত জনকল্যাণমূলক অৰাজনৈতিক অসাম্প্ৰদায়িক অনুষ্ঠানটোয়ে সততে নাৰীৰ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা ৰজাঘৰীয়াৰ সহায় সহযোগিতা পাবনে? এই কথা ভবিষ্যতে নিশ্চয়কৈ লক্ষণীয় হ'ব।
No comments