Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

Sorry, ভুল নুবুজিব, পইচাৰ অভাৱত কৰিলো, ক্ষŽমা কৰি দিব...চিকিৎসকৰ বেগ চুৰি কৰি লিখি থৈ গ’ল টোকা

ছফিউল ইছলাম, ৮ নৱেম্বৰ ঃ ছ’ৰী, ভুল নুবুজিব, পইচাৰ অভাৱত কৰিলো, ক্ষমা কৰি দিব...। —এয়া কোনো আত্মহত্যাৰ টোকা নহয়। এয়া ৰাজপথৰ পৰা থপিয়াই বেগ কা...



ছফিউল ইছলাম, ৮ নৱেম্বৰ ঃ ছ’ৰী, ভুল নুবুজিব, পইচাৰ অভাৱত কৰিলো, ক্ষমা কৰি দিব...। —এয়া কোনো আত্মহত্যাৰ টোকা নহয়। এয়া ৰাজপথৰ পৰা থপিয়াই বেগ কাঢ়ি নিয়া চিলনী চোৰৰ অকপট স্বীকাৰোক্তি। আৰ্থিক সংকটৰ বাবেই হওক নাইবা পেছাগতভাৱেই হওক, চিলনী চোৰে যে গুৱাহাটী মহানগৰবাসীৰ বাবে সন্ত্ৰাস আৰু সংশয়ৰ সৃষ্টি হৈছে তাৰেই এক দস্তাবেজ। শনিবাৰে ভেটাপাৰাৰ পৰা এগৰাকী জ্যেষ্ঠ চিকিৎসা বিষয়াৰ হাতৰ পৰা বেগ কাঢ়ি নিয়া চোৰে এইদৰে লিখি থৈ গ’ল এক টোকা। টোকাটোত আছে দুটা খণ্ড; প্ৰথম খণ্ডত লিখিছে— ‘বাইদেউ বেয়া নাপাব, পাৰিলে ক্ষমা কৰি দিব। মই অভাৱত পৰাৰ কাৰণে কৰিলো।
 বাকী আপোনাৰ বস্তুবোৰ ওভতাই দিব বিচাৰিছো।’ টোকাটোৰ পৰা এইটো প্ৰতীয়মান হয় যে আত্মনিৰ্ভৰ ভাৰতত আৰ্থিক সংকটত ভুগি এচাম যুৱক অনৈতিকভাৱে সহজতে আৰ্জিব পৰা ধনৰ পিছ লৈছে। ঘটনাটো এনেধৰণৰ— শনিবাৰে ৰিজনেল ৰিছাৰ্চ ইনষ্টিটিউট অৱ হোমিঅ’পেথী, ভেটাপাৰাৰ জ্যেষ্ঠ চিকিৎসক তথা গৱেষক লিঅ’ কাৰ্জ’ৱে দিনটোৰ কাম সমাপন কৰি পাঁচ বজাত ঘৰলৈ বুলি কাৰ্যালয়ৰ পৰা ওলাই আহে। কাৰ্যালয়ৰ সন্মুখতে অপেক্ষা কৰি আছিল তেওঁৰ স্বামী তথা বিশিষ্ট কবি, চিকিৎসা পৰামৰ্শদাতা আৰু অ’পেন মাইক পয়েট্ৰীৰ বাটকটীয়া মধু ৰাঘৱেন্দ্ৰ। চিকিৎসক লিঅ’ কাৰ্জ’ কাৰ্যালয়ৰ সন্মুখৰ মূল পথৰ বিপৰীতে ৰৈ থকা স্বামীৰ ওচৰলৈ যাবলৈ লওঁতে মাজপথতে বাইকত অহা দুজনীয়া এটা চিলনী চোৰৰ দলে থপিয়াই চিকিৎসকগৰাকীৰ বেগ লৈ উধাও হয়।  

 কিংকৰ্তব্যবিমূঢ় হৈ পতি-পত্নী দুয়ো বশিষ্ঠ থানালৈ দৌৰি যায়। থানাত এফ আই আৰ দাখিল কৰাৰ পিছত পত্নীক চিকিৎসা প্ৰদান কৰে। থপিয়াই নিয়া বেগ ঘূৰাই যে পাব সেই অনিশ্চয়তাই চিন্তিত কৰি তোলা পতি-পত্নী দুয়ো অৱশেষত বিমৰ্ষ হৈ ঘৰলৈ ৰাওনা হ’ল। চিকিৎসকগৰাকীৰ বেগত আছিল এটা আইফোন, তিববতীয় ধৰ্মগুৰু দালাই লামাৰ ‘উইজডম’ নামৰ এখন গ্ৰন্থ, হোমিঅ’পেথিক চিকিৎসকসকলে গ্ৰহণ কৰা শপতনামা আৰু চিকিৎসকৰ দৈনন্দিন ৰোগীৰ দিনপঞ্জী। হতাশ আৰু বিমৰ্ষ চিকিৎসকগৰাকীৰ স্বামীয়ে কে’বাবাৰো চুৰি হোৱা আইফোনত ডায়েল কৰি ব্যৰ্থ হয়। ইতিমধ্যে মধু ৰাঘৱেন্দ্ৰই আই ক্লাউড ফাইন এপত গৈ আইফোন চুৰি হোৱা তথ্য দাখিল কৰাত সেই এপে নিশা ৯.৩০ বজাত বেলতলা বজাৰত আইফোনৰ অৱস্থিতি ধৰা পেলায়। লগে লগে ডায়েল কৰাত এগৰাকী মহিলাই ফোন ধৰে। মহিলাগৰাকীক ধনৰ বিনিময়ত আইফোন ঘূৰাই দিবলৈ অনুৰোধ কৰাত মহিলাগৰাকী সন্মত হৈ ফোন ল’বলৈ মাতি পঠিয়ায়। মধু ৰাঘৱেন্দ্ৰই উধাতু খাই মোবাইল ল’বলৈ বেলতলা বজাৰৰ গণেশ মন্দিৰৰ ওচৰত ৰয়গৈ।

 তাত দেখা পায় যে এগৰাকী মহিলাই বগা ফেব্ৰিক বেগত আইফোন, অফিচ ডায়েৰী, ৰোগীৰ বিৱৰণ, দালাই লামাৰ গ্ৰন্থ আৰু শপতনামা এৰি থৈ যায়।  সেই দলটোৱে চামৰাৰ বেগ আৰু নগদ ধন তিনি হাজাৰ লৈ যায়। সেই টোকাটোত ওপৰত উল্লেখ কৰা ধৰণেৰে লিখি থৈ যায়। উক্ত স্থানত এটা টোকা উদ্ধাৰ হয়। টোকাটোত অসমীয়াত ওপৰত উল্লিখিত কথাখিনি লিখা আছিল। টোকাটোৰ মতে সেই চিলনী চোৰৰ দলটোৱে সাংঘাতিক আৰ্থিক সংকটৰ বাবে এনে কাম কৰিছে। চিকিৎসকগৰাকীৰ দামী আইফোন আৰু অন্যান্য সা-সামগ্ৰীৰ প্ৰতি তেওঁলোকৰ কোনো মোহ নাছিল। মোহ আছিল একমাত্ৰ নগদ ধনৰ ওপৰত। ঘটনা যিয়েই নহওক, লকডাউনে যে কিছুসংখ্যক লোকক সম্পূৰ্ণৰূপে আৰ্থিকভাৱে বিধবস্ত কৰিছে সেয়া যেন উক্ত ঘটনাটোৱে প্ৰতীয়মান কৰে। এ চি ৰুমত বহি কেৱল লকডাউন ঘোষণা কৰিলেই যে সমস্যা সমাধান নহয়, সেয়া একপ্ৰকাৰ নিশ্চিত। লকডাউনৰ আঁৰ লৈ এচাম শিক্ষিত ভিখাৰীৰো যে সৃষ্টি হৈছে তাকো অস্বীকাৰ কৰিব নোৱাৰি। 

No comments