Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লেখাপানীত টাই আহোম যুৱ পৰিষদৰ সভা

গণ বার্তা, লেখাপানী, ১৪ নৱেম্বৰ :   ৰাজ্যত ক্ৰমান্বয়ে সক্ৰিয় হৈ পৰিছে জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহৰ সাংগঠনিক ভেটি । যিদৰে ৰাজনৈতিক দল সমূহে নি...


গণ বার্তা, লেখাপানী, ১৪ নৱেম্বৰ :   ৰাজ্যত ক্ৰমান্বয়ে সক্ৰিয় হৈ পৰিছে জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহৰ সাংগঠনিক ভেটি । যিদৰে ৰাজনৈতিক দল সমূহে নিজৰ নিজৰ সাংগঠনিক ভেটি দৃঢ় কৰাৰ প্ৰচেষ্টা হাতত লৈছে ঠিক তেনেস্থলত জাতীয় সংগঠনৰ অন্যতম সংগঠন টাই আহোম যুৱ পৰিষদে উজনি অসমৰ বিভিন্ন মহকুমা সমূহত এটাৰ পাছত আন এটা সভা আয়োজন কৰি সংগঠনটোৰ ভেটি উত্থানৰ বাবে একত্ৰিত হৈছে । তেনে ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ লেখাপানীত টাই আহোম যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতি এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । বৃহস্পতি বাৰে টিৰাপ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা সভাখনত চাও নৱজিৎ বৰুৱাৰ পৌৰহিত্যত এখনি সাধাৰণ সভা অনুষ্ঠিত হয় উক্ত সভাত সংগঠনটোৰ মুখ্য উপদেষ্টা ক্ৰমে চাও হৰেন ফুকন , ননি কুমাৰ গগৈ, কাৰ্যকৰী সভাপতি ভীৰগু হাতীমূৰীয়া, উপসভাপতি প্ৰশান্ত গগৈ, কেন্দ্ৰীয় যুটীয়া সম্পাদক ক্ৰমে দিগন্ত তামুলী, দ্বীপজ্যোতি দুৱৰা, সাংগঠনিক সম্পাদক ক্ৰমে কমল কোঁৱৰ, ৰবীন হাজৰিকা, শিৱসাগৰ জিলাৰ যুটীয়া সম্পাদক, ডিব্রুগড় জিলা আৰু চৰাইদেও জিলাৰ সাংগঠনিক সম্পাদকৰ উপৰিও অন্যান্য মহকুমা, আঞ্চলিক আৰু শাখা সমিতিৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিতিত টাই আহোম যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ এখনি সক্ৰিয় সবল পূৰ্ণাংগ সমিতি গঠন কৰে । নৱ গঠিত মহকুমা সমিতি খনৰ সভাপতি হিচাপে মান চাও জানা সন্দিকৈ, সম্পাদক চাও প্ৰাঞ্জল গগৈ, কাৰ্যকৰী সভাপতি চাও প্ৰমোদ বৰুৱা, সাংগঠনিক সম্পাদক মান চাও বাবলি ৰাজকুমাৰ আদি কৰি এখনি মহকুমা সমিতি গঠন কৰে । উক্ত সভাত তাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , টাই আহোম মহিলা পৰিষদ, আৰু তাই আহোম ছাত্ৰ সন্থা লাচিত শাখা সমিতিয়ে হাচাক প্ৰাথমিক বিদ্যালয়ত তাই ভাষা প্ৰশিক্ষণৰ শিক্ষয়িত্ৰী নাং নমিতা হাতীমূৰীয়া, নাং তৃষ্ণা দেৱী গগৈ উপস্থিত থাকি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰে । ( লেখাপানীৰ পৰা শৰৎ গগৈ )


No comments