Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জমিয়ত উলামাৰ ইতিহাস সমৃদ্ধ মৌলানা ফজলুল কৰিম কাছিমীৰ গ্ৰন্থ ‘ঐতিহাসিক প্ৰেক্ষাপট’ উন্মোচন

যিসকলে জমিয়তক সাম্প্ৰদায়িক বুলি কয় সেইসকলে নাজানে ইতিহাস ঃ বদৰুদ্দিন আজমল মহানগৰ প্ৰতিবেদক, ২০ নৱেম্বৰ ঃ জমিয়ত উলামা-ই-হিন্দৰ শতবৰ্ষ উপলক্ষে...

যিসকলে জমিয়তক সাম্প্ৰদায়িক বুলি কয় সেইসকলে নাজানে ইতিহাস ঃ বদৰুদ্দিন আজমল

মহানগৰ প্ৰতিবেদক, ২০ নৱেম্বৰ ঃ জমিয়ত উলামা-ই-হিন্দৰ শতবৰ্ষ উপলক্ষে মৌলানা ফজলুল কৰিম কাছিমীৰ  সংগঠনটোৰ ইতিহাস তথ্য সম্বলিত ‘ঐতিহাসিক প্ৰেক্ষাপট ১য২’ গ্ৰন্থখন আজি আনুষ্ঠানিকভাৱে উন্মোচন হয়। মহানগৰীৰ সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখকগৰাকীৰ জমিয়ত উলামা-ই-হিন্দৰ ইতিহাস সম্বলিত এই গ্ৰন্থখন দুটা খণ্ডত উন্মোচন হয়। ইয়াৰ উপৰি এণ্ড্ৰয়ড ভাৰ্ছনো মুকলি হয়। প্ৰথমটো খণ্ডত ‘ঐতিহাসিক প্ৰেক্ষাপট-১, দাৰুল উলুম দেওবন্দ আৰু জমিয়ত উলামা-ই-হিন্দৰ বিষয়ে বিস্ত´তভাৱে লিখাৰ লগতে লেখকগৰাকীয়ে দ্বিতীয়টো খণ্ডত ঐতিহাসিক প্ৰেক্ষাপট-২, অসমৰ মুছলমান আৰু ৰাজ্যিক জমিয়ত উলামাৰ সম্পৰ্কে লিখিছে। 

লেখকগৰাকীৰ এই গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ধুবুৰীৰ সাংসদ তথা ৰাজ্যিক জমিয়ত উলামা-ই-হিন্দৰ সভাপতি বদৰুদ্দিন আজমল, বিধায়ক তথা সংগঠনটোৰ সাধাৰণ সম্পাদক হাফিজ ৰছিদ আহমেদ কাছিমী, বিশিষ্ট লেখক মুকুট শৰ্মা, বিধায়ক আমিনুল ইছলাম আৰু সংগঠনটোৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমীয়ে। এই গ্ৰন্থ উন্মোচনত হাফিজ বছিৰ আহমেদ কাছিমীয়ে উদ্বোধনী ভাষণ আগবঢ়াই কয় যে জমিয়ত উলামাৰ সম্পৰ্কে অসমীয়াত কোনো গ্ৰন্থ নাছিল। লেখক কৰিম কাছিমীয়ে জমিয়ত উলামাৰ সম্পৰ্কে দুটা খণ্ডত গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। 

এই খণ্ড সৰ্বভাৰতীয় আৰু অসম পৰ্যায়ৰ বুলি উল্লেখ কৰি কয় যে জমিয়ত উলামা-ই-হিন্দ এটা সামাজিক অনুষ্ঠান। ভাৰতীয় সংবিধানৰ ওপৰত আস্থা ৰাখি জাতি-ধৰ্ম নিৰ্বিশেষে কাম কৰি আহিছে। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জমিয়ত উলামা-ই-হিন্দ গঠন কৰা হৈছিল। ১৯১৯ চনত গঠন হোৱা জমিয়ত উলামাই শতবৰ্ষ গৰকিছে। জমিয়ত উলামাই ভাৰত দ্বিখণ্ডিতৰ পূৰ্ণ বিৰোধিতা কৰিছিল। মহম্মদ জিন্নাৰ ভাৰত বিভাজনৰ নীতিৰ পূৰ্ণ বিৰোধিতা কৰিছিল জমিয়ত উলামাই। শেষ পৰ্যন্ত ইয়াৰ বিৰুদ্ধে যঁুজ দিছিল জমিয়ত উলামাই। আনহাতে আজিৰ অনুষ্ঠানত অসম ৰাজ্যিক জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে ভাষণ প্ৰসংগত কয় যে গ্ৰন্থৰ লেখক কৰিম কাছিমীয়ে সুদীৰ্ঘ ছয় বছৰৰকঠোৰ পৰিশ্ৰমৰ অন্তত এই গ্ৰন্থখন পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হৈছে। তেওঁ কয়- জমিয়ত উলামাৰ এক নিজা ইতিহাস আছে।

 যিসকলে জমিয়তক সাম্প্ৰদায়িক সংগঠন বুলি কৈ আছে সেইসকলে ইতিহাস নাজানে। কোনোবা এজনে জমিয়তক সাম্প্ৰদায়িক সংগঠন বুলি কৈ দিলেই সাম্প্ৰদায়িক হৈ নাযায়। জমিয়ত যে এটা সাম্প্ৰদায়িক সংগঠন তাৰ প্ৰমাণ দিয়ক। জমিয়তে সদায় ভাৰত বিভাজনৰ বিৰোধিতা কৰি আহিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা আৰম্ভ কৰি ব্ৰিটিছৰ বিৰুদ্ধে যঁুজ দিছিল জমিয়ত উলামাই। এই যুঁজত বহু উলামাৰ মৃত্যু ঘটিছিল বুলি উল্লেখ কৰে আজমলে। আনহাতে বিধায়ক আমিনুল ইছলামে ভাষণ প্ৰসংগত কয় যে জমিয়তৰ ভোটৰ বাবেই অসমখন ভাৰতৰ অংগ হৈ থাকিল। আজমলৰ সভাত পাকিস্তান জিন্দাবাদ শ্ল’গান আওৰোৱাৰ সন্দৰ্ভত তেওঁ কয় যে যি জমিয়ত উলামাই পাকিস্তানৰ বিৰোধিতা কৰিছিল সেই জমিয়তৰ সভাপতিৰ সভাত কেনেকৈ পাকিস্তান জিন্দাবাদ শ্ল’গান আওৰোৱাটো সম্ভৱ হ’ব· জমিয়ত উলামাই পাকিস্তানৰ বিৰোধিতা কৰি আহিছিল, কৰি আছে আৰু কৰি যাব। 

জমিয়তৰ গৌৰৱ উজ্জ্বল ইতিহাসত কোনেও কালিমা সানিব নোৱাৰে। আনহাতে মৌলানা আব্দুল কাদিৰ কাছিমীয়ে কয় যে ১০১ বছৰত ভৰি দিছে জমিয়ত উলামা-ই-হিন্দে। জমিয়ত সম্পৰ্কে অসমীয়াত কোনো গ্ৰন্থ নাছিল। প্ৰথমবাৰৰ বাবে জমিয়তৰ ইতিহাস সম্পৰ্কে অসমীয়াত গ্ৰন্থ লিখি উলিয়াইছে মৌলানা ফজলুল কৰিম কাছিমীয়ে। গ্ৰন্থখনে সমাজত যথেষ্ট অৰিহণা যোগাব বুলি উল্লেখ কৰে। একেদৰে বিশিষ্ট লেখক মুকুট শৰ্মাই ভাষণ প্ৰসংগত কয় যে একাংশই জমিয়ত উলামাৰ বিষয়ে নজনাকৈয়ে এই সংগঠনটোক সাম্প্ৰদায়িক বুলি আখ্যা দি আহিছে। জমিয়তৰ বিষয়ে সকলোৱে জনাটো দৰকাৰ।  সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জমিয়তে যুঁজ আৰম্ভ কৰিব লাগে। ধৰ্ম বিক্ৰী কৰি খোৱা মানুহ ওলাইছে।

No comments