Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইকেটত পৰাস্ত দ্বিতীয় কোৱালিফাই মেচৰ বাবে স্থান দখল ছানৰাইজাৰ হায়দৰাবাদৰ

আবু ধাবি,৭ নৱেম্বৰঃ শুকুৰবাৰে আবু ধাবিত অনুষ্ঠিত আই পি এল-২০২০ৰ দ্বিতীয়খন প্লেঅফৰ মেচত ছানৰাইজাৰ হায়দৰবাদে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইক...

আবু ধাবি,৭ নৱেম্বৰঃ শুকুৰবাৰে আবু ধাবিত অনুষ্ঠিত আই পি এল-২০২০ৰ দ্বিতীয়খন প্লেঅফৰ মেচত ছানৰাইজাৰ হায়দৰবাদে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৬ উইকেটত পৰাস্ত কৰি দ্বিতীয় কোৱালিফাই মেচৰ বাবে স্থান নিশ্চিত কৰে। আজি প্ৰথমে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে বেটিং কৰিবলৈ আহি অপেনাৰ্ৰ্ছ বিৰাট কোহলী আৰু দেৱদত্ত পাড়িকালে ১০ ৰানৰ স্ক’ৰ নকৰাকৈয়ে হ’লডাৰৰ বলত আউট হ’বলগীয়া হয়। পিছত ফিন্‌চে খেলিবলৈ আহি ৩০ টা বলত  তিনিটা ৪ আৰু এটা ৬ৰ সহায়ত ৩২ ৰান কৰি নাদিমৰ বলত আউট হয়। তাৰ পিছত  ডিভিলিয়াৰ্ছে ৫৬ ৰান কৰি দলৰ স্ক’ৰ কিছু উন্নত কৰে যদিও টি.নটৰাজনৰ বলত আউট হোৱাৰ পিছত কোনো এজন বেটছমেন হায়দৰাবাদৰ বলাৰৰ আগত তিস্তিব নোৱাৰিলে।

 শিৱম ডুবে ৮ৰান, ৱাশ্বিংটন সুন্দৰ ৫ৰান আৰু ছিৰাজ খানৰ ১০ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৩৭ ৰান কৰিবলৈ সক্ষম হয় ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু।ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে বান্ধি দিয়া ১৩৮ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ আহি হায়দৰবাদৰ বেটছমেন অপেনাৰ বেটছমেন গোস্বামীয়ে শূন্য ৰানত আউট হয়। ডেভিড ৱাৰ্নাৰেও মাত্ৰ  ৩টা চাৰি কেবাই মাত্ৰ ১৭ ৰানত আউট হৈ প্ৰেভিলিয়নমুখী হয়। উল্লেখ্য যে ছানাৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ মনিষ পাণ্ডে আৰু কেন উইলিয়ামছনৰ যুটীয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। মনিষ পাণ্ডেই এটা ৬ আৰু তিনিটা ৪ৰ সহায়ত ২৪ ৰান কৰি আডাম জাম্পাৰ বলত আউট হয়। 

পিছত প্ৰিয়ম গাৰ্গ খেলিবলৈ আহি মাত্ৰ ৭ ৰানতে  চহলৰ বলত আউট হয়। গাৰ্গ আউট হোৱাৰ পিছত জেছন হ’ল্ডাৰ আৰু কেন উইলিয়ামছে সুন্দৰভাবে খেলি দলক ১৯.৪ অভাৰত বিজয় সাব্যস্ত কৰে। অপৰাজিতভাৱে কেন উইলয়ামছনে ২টা ছিক্স আৰু দুটা ৪ৰ সহায়ত ৫০ৰান কৰাৰ বিপৰীতে  জেছন হ’ল্ডাৰে তিনিটা ৪ৰ সহায়ত ২৪ ৰান সংগ্ৰহ কৰে।  কেন উইলয়ামছনক দলটোৰ হৈ সৰ্বাধিক ৰানৰ বৰঙণিৰ বাবে যে মেন অফ দ্য মেচৰ সন্মানিত কৰে। উল্লেখ্য যে অহা দেওবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব ছানৰাইজাৰ্ছ হায়দৰাবাদে৷

No comments