নতুন দিল্লী, ১৫ নৱেম্বৰ ঃ গেছ চেম্বাৰত পৰিণত হ’ল ৰাজধানী দিল্লীকে ধৰি এন চি আৰ। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দীপালৱীৰ সময়ছোৱাত দিল্লী-এনচিআৰত...
নতুন দিল্লী, ১৫ নৱেম্বৰ ঃ গেছ চেম্বাৰত পৰিণত হ’ল ৰাজধানী দিল্লীকে ধৰি এন চি আৰ। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দীপালৱীৰ সময়ছোৱাত দিল্লী-এনচিআৰত ফট্কা ফুটুৱাটো নিষিদ্ধ কৰাৰ পিছতো দুপৰ নিশালৈ ফুটে ফট্কা। যাৰ ফলত পূৰ্বৰ দৰে এইবাৰো দীপালৱীৰ পিছত ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰা অভাৱনীয় হাৰত বৃদ্ধি পাইছে আৰু দিল্লীবাসীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। কোৰোনা মাহামাৰী আৰু প্ৰদূষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ দীপাৱলীৰ সময়ছোৱাত ৰাজধানী দিল্লী-এনচিআৰত ফট্কা বিক্ৰী আৰু ফুটুৱাটো সম্পূৰ্ণৰূপে সেউজ ন্যায়াধিকৰণে নিষিদ্ধা কৰিছিল। ইয়াৰ পিছতো কিন্তু কালি সন্ধিয়া ৬ বজাৰ পৰা দুপৰ নিশালৈ ৰাজধানী দিল্লীত ফুটে ফট্কা। আজি দিল্লীৰ বায়ুমণ্ডল সম্পূৰ্ণৰূপে প্ৰদূষিত হৈ পৰে। ধুঁৱলী-কুঁৱলী হৈ পৰে দিল্লীৰ বায়ুমণ্ডল।
যাৰ ফলত দিল্লীবাসীয়ে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰিছে। তথ্য অনুসৰি, বিগত বৰ্ষৰ তুলনাত ফট্কা ফুটুৱাৰ নিষিদ্ধ কৰাৰ পিছতো দীপাৱলীৰ দ্বিতীয় দিনা ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰাই বিপদ সীমা অতিক্ৰম কৰিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰৰ দীপাৱলীৰ দ্বিতীয় দিনা প্ৰদূষণৰ মাত্ৰাই দিল্লীবাসীলৈ ভাবুকি কঢ়িয়াই আনিছে। দিল্লী-এনচিআৰৰ প্ৰদূষণৰ মাত্ৰা পিএম-২.৫ হৈছেগৈ।যিটো স্বাস্থ্যৰ বাবে অতিকৈ হানিকাৰক। এনেস্থলত নাগৰিকসকলে বিভিন্ন স্বাস্থ্যজনিত ৰোগত আক্ৰান্ত হ’বলগীয়া হয়। বিশেষকৈ চকুৰ জ্বলন-পোৰণ, শ্বাস-নিশ্বাসত কষ্ট অনুভৱ কৰাকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হ’বলগীয়া হয়। পঞ্জাব-হাৰিয়াণাকে ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ কৃষি পথাৰত খেৰ অথবা নৰা জ্বলোৱাৰ ফলত দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই থকাৰ সময়ছোৱাতে কালি দুপৰ নিশালৈ নিষিদ্ধৰ পিছতো ফট্কা ফুটুৱাৰ বাবে ৰাজধানীৰ প্ৰদূষণৰ মাত্ৰাই বিপদ সীমা অতিক্ৰম কৰিছে।
No comments