Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্য বিভিন্ন ঠাইত দল-সংগঠনৰ প্ৰতিক্ৰিয়া

গণ বাৰ্তা বিশেষ, শিৱসাগৰ ঃ সাংবাদিক, সমাজকৰ্মী পৰাগ ভূঞাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শিৱসাগৰৰ সাংবাদিক মহল, বুদ্ধিজীৱী, দল-সংগঠনৰ নে...

গণ বাৰ্তা বিশেষ, শিৱসাগৰ ঃ সাংবাদিক, সমাজকৰ্মী পৰাগ ভূঞাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শিৱসাগৰৰ সাংবাদিক মহল, বুদ্ধিজীৱী, দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে সচেতন ৰাইজে। শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক ইনামুল হাজৰিকাই ভূঞাৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি কয় যে অসম চৰকাৰৰ বিয়াগোম এটা গৃহ বিভাগ থকা সত্ত্বেও গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদকৰ্মীসকলৰ জীৱনৰ নিৰাপত্তা দিব নোৱাৰাটো বিভাগটোৰ বাবে এক লজ্জাজনক বিষয় বুলি অভিহিত কৰিছে। লগতে হাজৰিকাই পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুত অতি ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

 সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অৰূপ বৰুৱাই সাংবাদিকগৰাকীৰ ৰহস্যজনক মৃত্যুক গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল চিআইডিক তদন্তৰ ভাৰ দি দায়িত্ব সামৰিলে নহ’ব বুলি কোৱাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ কৰ্মীসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব বুলি দাবী জনায়।  ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত শিৱসাগৰ জিলা চিপিআই দলৰ সম্পাদক কনক গগৈয়ে কয় যে দেশ তথা ৰাজ্যখনত বৃদ্ধি পাই অহা সাংবাদিক নিগ্ৰহ তথা হত্যাকাণ্ডৰ ঘটনাৰ বাবে চিপিআই শিৱসাগৰ জিলা পৰিষদে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। শিৱসাগৰ বাৰ্তাজীৱী সংঘৰ সভাপতি খলিলুৰ ৰহমান হাজৰিকাই ভূঞাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনায়। ইফালে আজি সন্ধিয়া শিৱসাগৰৰ সমূহ সাংবাদিকে নগৰৰ দ’লমুখ চাৰিআলিত প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। 

 চি বি আই তদন্তৰ দাবী গ্ৰাম্য সাংবাদিক সন্থাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট ঃ তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চি বি আই তদন্তৰ দাবী জনাইছে গ্ৰাম্য সাংবাদিক সন্থাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা এক স্মাৰক-পত্ৰত এই দাবী জনোৱাৰ লগতে মৃত সাংবাদিক গৰাকীৰ পৰিয়ালক ৫০ লক্ষ  টকা এককালীন সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনাইছে। সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ত্ৰৈলোক্য চেতিয়া, যুটীয়া সম্পাদক যদুমণি বৰাই ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত ৰাজ্য চৰকাৰৰ দুৰ্বল ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ বেলিকা  অতিকে সৰৱ হোৱা ৰাজ্য চৰকাৰে পৰাগ ভূঞাৰ মৃত্যুৰ ঘটনাত তদন্ত ঘোষণা কৰিয়ে নিজৰ দায়িত্ব সামৰাটো অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে সন্থাই। ঘটনাৰ তিনি দিন অতিক্ৰম কৰাৰ পাছতো শাসকীয় দল আৰু বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ নকৰাটোৱে  ৰাজ্য চৰকাৰে ঘটনাত যে গুৰুত্ব দিয়া নাই সেয়া প্ৰমাণ কৰা বুলি স্পষ্ট কৰি দিছে। 

যোগীঘোপাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বন্তি প্ৰজ্বলন 

গণ বাৰ্তা, যোগীঘোপা ঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনকভাৱে পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে । আজি সন্ধিয়া সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিয়ে যোগীঘোপাৰ চলন্তাপাৰাত সাংবাদিক পৰাগ ভূঞাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।সংগঠনটোৰ জিলা সমিতিয়ে সাংবাদিকগৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰি ৰাজ্য চৰকাৰক দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়। আনহাতে সাংবাদিকগৰাকীৰ মৃত্যুত যোগীঘোপা ক্লাৱেবও গভীৰ শোক প্ৰকাশ কৰে ।

 নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰী ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো অব্যাহত আছে সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ প্ৰতিবাদ। সাংবাদিকগৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ উদ্যোগত দুঘণ্টীয়া প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপ-সভাপতি পাৰ্থ প্ৰতিম শৰ্মা, সাধাৰণ সম্পাদক নিৰোদ দাস, যুটীয়া সম্পাদক যোগেশ কলিতা, চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা, সাধাৰণ সম্পাদক হেমেন কলিতা, উপ-সভাপতি উদ্দীপ্ত দাস, অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সভাপতি চম্পক বৈশ্য, সাধাৰণ সম্পাদক শশাংক শৰ্মা, সাংবাদিক কমলেশ শৰ্মা, ত্ৰিদীপ কলিতা আদিয়ে সাহসী সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ নিৰপেক্ষ তদন্ত দাবী কৰাৰ লগতে সাংবাদিকগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনা-মৃত্যুৰ ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাই নলবাৰী জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

No comments