Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা হাগ্ৰামা মহিলাৰীৰঃবি জে পি-ইউ পি পি এল লগ লাগিলেও বি পি এফ দলেই গঠন কৰিব বি টি চি পৰিসদ- হাগ্ৰামা

                                     আৰিফ আহমেদ, তামুলপুৰ, ১১ নৱেম্বৰ ঃ বিজেপি-ইউপিপিএল দল লগ লাগিলেও কোনো কামত নাহে। বিজেপি বা ইউপিপিএল দলে...

                             


আৰিফ আহমেদ, তামুলপুৰ, ১১ নৱেম্বৰ ঃ বিজেপি-ইউপিপিএল দল লগ লাগিলেও কোনো কামত নাহে। বিজেপি বা ইউপিপিএল দলে বিটিচি পৰিষদ দখল কৰিব নোৱাৰে। বিপিএফ দলে একক সংখ্যাগৰিষ্ঠতাৰে চতুৰ্থবাৰৰ বাবে বিটিচি পৰিষদ দখল কৰিব। ইয়াত কোনো শংকা নাই, কোনো সন্দেহ নাই। —এই ভাষ্য বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ। আজি ২৬ নং দৰঙ্গাজুলি আৰু ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিত দুখন বিপিএফৰ মহিলা সমাৰোহত অংশ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰে। ভাষণ প্ৰসংগত মহিলাৰীয়ে পুনৰ কয়- এতিয়া বিটিচি নিৰ্বাচনৰ বাবে বিপিএফ আৰু বিজেপিৰহে যুদ্ধ।

 ইউপিপিএল বা বাকী অন্য কোনো কোনো দলৰ কাম নাই। বিপিএফ দলে বিটিচি পৰিষদ দখল কৰাৰ ১৫ দিনৰ ভিতৰতে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে বিপিএফ দলে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছে, কিন্তু ইউপিপিএল দলে মানুহক উচ্ছেদ কৰিব বিচাৰিছে। অসম চৰকাৰে বিটিচিত মাটিৰ পট্টা দিব পৰা অধিকাৰ নাই। বিটিচিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ বাবে বিপিএফ দলে কাম কৰি অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন জাতি-জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে বিপিএফ দলে কাম কৰাৰ লগতে কলিতা জনগোষ্ঠীয়ে বিচাৰি থকা জনজাতিকৰণৰ বাবেও বিটিচিৰ পৰা যি এনঅ’চিৰ দৰকাৰ সেই এনঅ’চি প্ৰদান কৰা হ’ব বুলিও তেওঁ সদৰী কৰে। 

ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দি কয়- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ডকাইত। আপুনি মোক মেকুৰী বুলি কৈছে। মই মেকুৰীৰ দৰে খোৱা বুলি কৈছে। কিন্তু দাদা, আপুনি ডকাইতি কৰিছে। বিটিচিৰ ৪০০ কোটি টকা আপুনি ডকাইতি কৰিছে। আপুনি যদি ইমান উন্নয়ন কৰিছে তেন্তে আপোনাৰ জালুকবাৰীত বড়ো মানুহে আজিও কিয় মদ বিক্ৰী কৰি খাব লাগে· বিটিচিত বিজেপি আহিব লাগিলে মোক আগতে জে’লত পঠাব লাগিব। আপুনি অসমত দাদাগিৰি কৰক। বিটিচিত নহয়। এইবাৰ বিপিএফ জয়ী হ’লে হিমন্ত বিশ্ব শৰ্মাক বিজয় উৎসৱত নামাতো বুলিও সভাত হাগ্ৰামা মহিলাৰীয়ে সদৰী কৰে। 

তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৬ নং দৰঙ্গাজুলি সমষ্টিৰ অধীনৰ কুমাৰীকাটাত দলীয় প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীৰ সমৰ্থনত অনুষ্ঠিত মহিলা সমৰোহখনিত সভাপতিত্ব কৰে বিপিএফ নেত্ৰী গোলাপী ভৰালীয়ে। সমাৰোহখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই। উদ্বোধনী ভাষণত মন্ত্ৰী ব্ৰহ্মই কয় যে কোনো শক্তিয়েই বিপিএফ দলক বিটিচি দখলৰ পৰা ৰখাব নোৱাৰে। বিৰোধীয়ে বিগত ১৭ বছৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে বিটিচিৰ উন্নয়নৰ বাবে একো কৰিব পৰা নাই বুলি কোৱা কথা তেনেই হাস্যকৰ বুলি ব্ৰহ্মই মন্তব্য কৰে। 

তেওঁ কয়- হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে বিগত সময়ছোৱাত বি টি চিত উন্নয়নৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। সাত সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, দলীয় প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰী, বি পি এফ নেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, বি পি এফ নেত্ৰী চন্দ্ৰকলা ব্ৰহ্ম, যুৱ বি পি এফৰ কেন্দ্ৰীয় সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ  জিলা বি পি এফৰ সভাপতি কেশৱ ৰাজবংশী, প্ৰাক্তন এম চি এল এ ফলিন্দ্ৰ বসুমতাৰী, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, তামুলপুৰ জিলা বি পি এফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰীসহ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

  ইপিনে আজিয়েই দিনৰ ২ বজাত অনুষ্ঠিত ২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিত অনুষ্ঠিত মহিলা সমাৰোহখনিত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলাৰাণী ব্ৰহ্ম, প্ৰাৰ্থী চণ্ডী বসুমতাৰী, নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বি পি এফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাস, ২৬ নং দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰী, তামুলপুৰ জিলা বি পি এফৰ উপ-সভাপতি খা¥ফা ব্ৰহ্মৰ লগতে বি পি এফ দলৰ নেতা-কৰ্মী উপস্থিত থাকে।

No comments