ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ ঃ কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত আজি ৰাজ্যৰ মুখ্য সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩১ অক্টোবৰ ঃ কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত আজি ৰাজ্যৰ মুখ্য সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে জিষু্ণ বৰুৱাই। ৰাজ্যৰ মুখ্য সচিবৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে জিষ্ণু বৰুৱাই। ১৯৮৮ বেট্চত অসম মেঘালয় কেডাৰ জিষু্ণ বৰুৱাই নিজৰ দক্ষতাৰে অসমৰ বিভিন্ন প্ৰশাসনিক বিষয়ত সেৱা আগবঢ়াই আহিছে। মুখ্য সচিব হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে জিষ্ণু বৰুৱাই ৰাজ্যৰ গৃহ, ৰাজনীতি, ৰাজহ আদি কেইবাটাও বিভাগত অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।
এই বিশেষ অনুষ্ঠানত বিদায়ী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে নৱ-নিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে নৱনিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই। ইপিনে নৱ-নিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাকো ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনায় অসৱৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰো উপস্থিত থাকে।
No comments