Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

একেৰাহে চতুৰ্থ বাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ ঃ দুই উপ-মুখ্যমন্ত্ৰীসহ ১২ মন্ত্ৰীয়ে ল’লে শপতগ্ৰহণ

পাটনা, ১৬ নৱেম্বৰ ঃ বিহাৰত এনডিএ চৰকাৰ গঠন হোৱাৰ পিছত আজি একেৰাহে চতুৰ্থবাৰলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰূপে শপত লয় নীতীশ কুমাৰে। জেডিইউৰ প্ৰমুখ...

পাটনা, ১৬ নৱেম্বৰ ঃ বিহাৰত এনডিএ চৰকাৰ গঠন হোৱাৰ পিছত আজি একেৰাহে চতুৰ্থবাৰলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰূপে শপত লয় নীতীশ কুমাৰে। জেডিইউৰ প্ৰমুখ নীতীশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে সপ্তমবাৰলৈ শপত লয়। আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ লগতে আন বহুজন। উল্লেখ্য যে এইবাৰৰ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী ৰূপে দুজনে শপত লয়। সুশীল মোদীৰ পৰিৱৰ্তে এইবাৰ তাৰকিশোৰ প্ৰসাদ আৰু ৰেণু দেৱীয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয়। নীতীশ কুমাৰৰ লগতে বাৰজন মন্ত্ৰীয়ে আজি শপত লয়। এই বাৰজন মন্ত্ৰীৰ ভিতৰত ছজন বিজেপিৰ মন্ত্ৰী হোৱাৰ সমান্তৰালকৈ জেডিইউৰ ৫জন, ভিআইপিৰ এজন আৰু এইচএএমৰ এজনে কেবিনেট মন্ত্ৰী ৰূপে শপত লয়।

 নীতীশ কুমাৰে সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰৰ জৰিয়তে উল্লেখ কৰে যে এনডিএ পৰিয়ালে বিহাৰৰ প্ৰগতিৰ হকে কাম কৰি যাব। আনহাতে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে টুইটাৰৰ জৰিয়তে নীতীশ কুমাৰে পুনৰ এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছত অভিনন্দন জনায়। তেওঁ টুইটাৰৰ জৰিয়তে আশা প্ৰকাশ কৰি কয় যে বিহাৰত আগন্তুক সময়ত ১৯ লাখ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নীতীশ কুমাৰে।

 উল্লেখ্য যে নিৰ্বাচনত এনডিএয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত তেওঁলোকৰ প্ৰথমখন বৈঠক কালি অনুষ্ঠিত হৈছিল। সেই বৈঠকত নীতীশ কুমাৰক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰা হৈছিল। কিন্তু উপ-মুখ্যমন্ত্ৰী পদৰ পৰা এইবাৰ আঁতৰাই ৰখা হয় সুশীল মোদীক। কাক উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰিব সেই লৈ চৰ্চা চলি আছিল। কিন্তু আজি দুজনে একেলগে উপ-মুখ্যমন্ত্ৰীৰ শপত লয়। এইবাৰ বিহাৰত দুগৰাকী হ’ব উপ-মুখ্যমন্ত্ৰী। উল্লেখ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ১২৫খন আসন লাভ কৰি এনডিএয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। তাৰ বিপৰীতে মহাজোঁটে ১১০খন আসন লাভ কৰিছিল।

No comments