Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমত বন্ধ হওক হিন্দু-মুছলমানৰ ৰাজনীতিঃদৰং জিলা ছাত্ৰ সন্‌হাৰ ৰঙামাটি অধিবেশনত দিপাংক কুুুমাৰ নাথ

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ৮ নৱেম্বৰ ঃ  ‘বিদেশী নাগৰিকৰ সমস্যাটো সমাধান নোহোৱা পৰ্যন্ত  আন্দোলনৰ পৰা আঁতৰি নাযায় ছাত্ৰ সন্থা,  চৰকাৰে ইচ্ছা কৰি...

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ৮ নৱেম্বৰ ঃ  ‘বিদেশী নাগৰিকৰ সমস্যাটো সমাধান নোহোৱা পৰ্যন্ত  আন্দোলনৰ পৰা আঁতৰি নাযায় ছাত্ৰ সন্থা,  চৰকাৰে ইচ্ছা কৰিলে  গুলীয়াই মাৰিব পাৰিব, কিন্তু আন্দোলন চলি থাকিব। অসম আন্দোলন ধৰ্মীয় নাছিল, সেয়া ‘কা’ আন্দোলনে প্ৰমাণ কৰিছে। - এই ভাষ্য  সদৌ অসম ছাত্ৰ সংস্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ। দৰং জিলাৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী ৰঙামাটিত অনুষ্ঠিত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অষ্টম বাৰ্ষিক অধিৱেশনৰ আজিৰ মুকলি সভাত মুখ্য অতিথিৰ  ভাষণত  তেওঁ আৰু কয় যে অসমত মানুহ বাঢ়িছে, এই মানুহ ইয়াত বাঢ়িছে নে কাঁটা তাঁৰ নথকা ৰাজ্যতো বাঢ়িছে সেয়াও চোৱাৰ সময় আহি পৰিছে। তেওঁ কয় - অসম-বাংলাদেশ সীমান্তত ৫৬ কিঃ মিঃ অঞ্চল আজিও উন্মুক্ত হৈ আছে আৰু সেইফালেদি  মানুহৰ যাতায়াত আজিও অব্যাহত আছে। মুঠ  ২৬৮ কিঃ মিঃ সীমান্তৰ ভিতৰত এই স্থান কেতিয়া ছীল কৰিব বুলি চৰকাৰক প্ৰশ্ন কৰে।

 সদৌ দৰং  জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ চহৰীয়া আৰু উপসভাপতি নিৰঞ্জন শইকীয়াই আঁত ধৰা আৰু  সহস্ৰাধিক লোকৰ উপস্থিতিত আছুৰ সভাপতিগৰাকীয়ে কয়- বাংলাদেশৰ অৰ্থনীতিয়ে আকাশ চুব, যদি তেনে হ’লহেঁতেন অসমৰ পৰা বাংলাদেশীসকল উভতি গ’ল হয়। কিন্তু সেয়াতো হোৱা নাই। দীঘলীয়া ভাষণত নাথে কয় যে নাগৰিকত্ব বিষয়টো সম্পৰ্কে সদৌ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে। ভাৰতৰ সংবিধানে ভাৰতৰ ভূমিত  জন্ম ল’লেই নাগৰিকত্ব পোৱা বিষয়টোৰ আমি বিৰোধিতা কৰো, বৈধ নাগৰিকৰ সন্তানে পালে আমাৰ আপত্তি নাই, কিন্তু অবৈধ নাগৰিকৰ সন্তানে নাগৰিকত্ব পোৱাটোৰ আমি বিৰোধিতা কৰো। দীপাংক কুমাৰ নাথে কয় যে আছুৱে অসমৰ জ্বলন্ত বিষয়সমূহক লৈ কাম কৰি আহিছে। অসমত এটা প্ৰভাৱশালী চক্ৰই হিন্দু-মুছলমানৰ ৰাজনীতিৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমখনক অস্থিৰ কৰি তুলিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসমত কাকো  হিন্দু-মুছলমানৰ ৰাজনীতি কৰিবলৈ দিয়া নহ’ব। এই লেতেৰা ৰাজনীতি শীঘ্ৰে বন্ধ হ’ব লাগিব বুলিও তেওঁ কয়।

এন আৰ চি সম্পৰ্কেও আছুৰ সভাপতিগৰাকীয়ে ব্যাখ্যা কৰি  কয় যে এখন  শুদ্ধ এন আৰ চি নোহোৱাৰ কাৰণ হৈছে অসম চৰকাৰ। অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে এন আৰ চি শুদ্ধকৈ নহ’ল। অসমৰ বৰ্তমানৰ  মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাত এন আৰ চিৰ অফিচলৈ  গৈছিল, কিন্তু পিছত গুৰুত্ব নিদিয়া হ’ল। আনকি  যি উপায়ুক্ত, আৰক্ষী অধীক্ষকে ভাল কাম কৰিছিল তেওঁলোকক বদলি কৰাহে পৰিলক্ষিত হ’ল।দৰঙৰ উপায়ুক্তগৰাকীয়েও ভাল কাম কৰিছিল আৰু তেওঁকো বদলি কৰিছিল। চৰকাৰখনে  মিছা কাৰণত মন্ত্ৰী গোট গঠন কৰিছিল, মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মন্ত্ৰী গোট ভংগ কৰা হ’ল। এই সময়ত বহু ডাটা  নষ্ট কৰা হ’ল বুলিও অভিযোগ কৰে ছাত্ৰনেতাগৰাকীয়ে।

 দৰং জিলা ছাত্ৰ সংস্থাৰ সভাপতি খনিন্দ্ৰ  ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সাংবাদিক মুকুট ৰাজ শৰ্মা সম্পাদিত ‘দৌৰঙ্গ’ উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ ৰাজবংশীয়ে। সভাত আছুৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাস, জয়ন্ত ভট্টাচাৰ্য, কাৰ্যনিৰ্বাহক অৰূপ কলিতা, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ, মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফ’ৰামৰ সভাপতি হেমন্ত বৰুৱা, আদৰণী সমিতিৰ সভাপতি টংকেশ্বৰ শইকীয়া,  গৰীয়া-মৰিয়া ছাত্ৰ সংস্থাৰ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মকচেদ আলী আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। সন্ধিয়া বিশিষ্ট শিল্পী দীপলীনা ডেকাই গীত পৰিৱেশন কৰে।

No comments