Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পৰেশ বৰুৱা সংগ এ্ৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্ণ ঃ বৃহৎ পৰিমানৰ মাৰানাস্ত্ৰ জমা

গণ বাৰ্তা, ৰঙিয়া, ১২ নৱেম্বৰ ঃ আলফা স্বাধীনৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাসহ আন চাৰিজন আলফা সদস্যই আজি ৰঙিয়াস্থ ৰেড হৰ্ন...

গণ বাৰ্তা, ৰঙিয়া, ১২ নৱেম্বৰ ঃ আলফা স্বাধীনৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাসহ আন চাৰিজন আলফা সদস্যই আজি ৰঙিয়াস্থ ৰেড হৰ্ন ডিভিজনৰ সেনা ছাউনীত আত্মসমৰ্পণ কৰে। আবেলি প্ৰায় ৪ বজাত আলফাৰ দুৰ্ধৰ্ষ নেতাজনৰ নেতৃত্বত আলফাৰ দলটোৱে ৰেড হৰ্ন ডিভিজনৰ ছাউনীত আত্মসমৰ্পণ কৰাৰ সময়ত উপস্থিত থাকে সেনাৰ ৰেড হৰ্ন ডিভিজনৰ জিঅ’চি দীপক মেহৰা, ডিপুটী জিঅ’চি ব্ৰিগেডিয়াৰ টেজেন্দ্ৰ পাল সিং কনচেলৰ, অসম আৰক্ষী সঞ্চালক হীৰেন নাথৰ লগতে সেনাৰ বহু উচ্চপদস্থ বিষয়া। আলফা স্বাধীনৰ উপ-মুখ্য সেনাধ্যক্ষজনৰ লগতে আলফা স্বাধীনৰ ৰূপজ্যোতি অসম, ইয়াচিন অসম, ৰংগিলা অসম আৰু ৰাহুল।

 আত্মসমৰ্পণ কৰাৰ সময়ত এটা এ কে-৪৭, ৱাকীটকী, মোবাইল চাৰিটা, পিষ্টল দুটা, বহু পৰিমাণৰ সক্ৰিয় গুলী, আলফা স্বাধীনৰ পেড, বহু পৰিমাণৰ বোমা বনোৱা ফিউজৰ লগতে বহু প্ৰয়োজনীয় সামগ্ৰী সেনাৰ হাতত জমা দিয়ে। সেনাৰ ৰেড হৰ্ন ডিভিজনৰ সভাকক্ষত অনুষ্ঠিত আত্মসমৰ্পণ কাৰ্যসূচীত সেনাৰ উচ্চপদস্থ বিষয়া টেজেন্দ্ৰ সিং পালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে সেনা আৰু ইউনিফাইড কমাণ্ডৰ এক যুটীয়া অভিযানৰ ফলত আলফা নেতাজনৰ লগতে আন চাৰিজন আলফা সদস্য আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় । 

ইফালে আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকি আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন নাথে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সন্ত্ৰাসমুক্ত অসম গঢ়াৰ যি সপোন দেখিছে সেয়া এতিয়া বাস্তৱ হ’বলৈ গৈ আছে । অসমখন উন্নয়নৰ ফালে আগুৱাই যাবলৈ আমি সকলোৱে সহায় কৰা দৰকাৰ । নিশ্চয় অচিৰেই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এই কথা বুজি মূলসুঁতিলৈ ঘূৰি আহিব। দৃষ্টি ৰাজখোৱাৰ দৰে আলফা নেতাই যেতিয়া আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ উভতি আহিছে, আলফাৰ আন কেডাৰসকলে নিজৰ ভুলৰ বিষয়ে উপলব্ধি কৰিব।

 যাৰ ফলত আমি সকলোৱে মিলি এখন সন্ত্ৰাসমুক্ত অসম গঢ়িবলৈ সক্ষম হ’ম। গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে ৰেড হৰ্ন ডিভিজনৰ সেনা ছাউনীত আলফাৰ উচ্চ পৰ্যায়ৰ কেডাৰজনৰ লগতে আন চাৰিজন সদস্যই আত্মসমৰ্পণ কৰাৰ সময়ত সেনাই সংবাদ মাধ্যমৰ পৰা তেওঁলোকক বহু দূৰত ৰাখে। আত্মসমৰ্পণ কৰা কাৰ্যসূচীত অলপ সময়ৰ বাবেহে তেওঁলোকক সংবাদ মাধ্যমৰ আগত উলিয়াই দিয়ে।  আলফাৰ উপ-সেনাধ্যক্ষজনৰ পৰা সংবাদ মাধ্যমে সাক্ষাৎকাৰ ল’ব বিচাৰিছিল যদিও সেনাই কিছু ভিতৰুৱা কাৰণত সাক্ষাৎকাৰ দিয়াৰ পৰা বিৰত ৰাখে।

No comments