Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰত্যুত্তৰ দিবলৈ ভাৰতৰ হাতত আছে ক্ষŽমতা-ৰাজনৈতিক ইচ্ছাশক্তিঃৰাজস্থানৰ লঙ্গেৱালা প’ষ্টত জোৱানৰ সৈতে দীপাৱলী উদ্‌যাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

লঙ্গেৱালা (ৰাজস্থান, ১৪ নৱেম্বৰ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোহৰৰ উৎসৱ দীপাৱলী এইবাৰো ভাৰতীয় জোৱানৰ সৈতে উদ্‌যাপন কৰে।  প্ৰধানমন্ত্ৰী মো...

লঙ্গেৱালা (ৰাজস্থান, ১৪ নৱেম্বৰ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোহৰৰ উৎসৱ দীপাৱলী এইবাৰো ভাৰতীয় জোৱানৰ সৈতে উদ্‌যাপন কৰে।  প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজস্থানৰ লঙ্গেৱালা প’ষ্টত পুৱাৰ ভাগতে উপস্থিত হৈ ভাৰতীয় স্থলসেনা আৰু সীমা সুৰক্ষা বলৰ জোৱানৰ সৈতে উলহ-মালহেৰে দীপাৱলী উদ্‌যাপন কৰে। ২০১৪ত দেশৰ প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব লৈয়ে নৰেন্দ্ৰ মোদীয়ে প্ৰতিবৰ্ষৰ দীপাৱলী ভাৰতীয় জোৱানৰ সৈতে উদ্‌যাপন কৰি আহিছে। এইবাৰো সেই ধাৰা অব্যাহত ৰাখি লঙ্গেৱালা প’ষ্টত দীপাৱলী উদ্‌যাপন কৰে মোদীয়ে। তেওঁৰ লগত উপস্থিত থাকে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱত, সেনা প্ৰমুখ এম এম নৰ্ভনে আৰু সীমা সুৰক্ষা বলৰ উপ-পৰিদৰ্শক ৰাকেশ আস্থানা।

 সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদ্‌যাপন কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সম্বোধন কৰে আৰু তেওঁলোকৰ ধৈৰ্যশক্তিৰ শলাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাম নোলোৱাকৈ পাকিস্তান আৰু চীনক চৰম সকীয়নি দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতক উচটনি দিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ লাভ কৰিব। ভাৰতৰ হাতত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ ক্ষমতা আছে আৰু ৰাজনৈতিক ইচ্ছাশক্তিও আছে। ভাৰতে প্ৰয়োজনত সমগ্ৰ বিশ্বৰ আগতে নিজৰ শক্তি প্ৰদৰ্শন দাঙি ধৰিছে। ভাৰতে সন্ত্ৰাসবাদীৰ শিবিৰত প্ৰৱেশ কৰি আক্ৰমণ চলাইছে। আজি সমগ্ৰ বিশ্বই বুজি পাইছে যে ভাৰতে নিজৰ হিতৰ বাবে যিকোনো মূল্যৰ বুজাবুজি নকৰে। ভাৰতে নিজৰ হিতৰ বাবে যিকোনো কাৰ্য কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কালত উল্লেখ কৰি চীনৰ নাম নোলোৱাকৈয়ে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰসংগ টানি কয় যে দেশখনৰ বিস্তাৰবাদী নীতিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়- দেশখনৰ বিস্তাৰবাদী নীতিৰ বিৰুদ্ধে থিয় দিছে ভাৰত।

 বিস্তাৰবাদী নীতিৰ বিৰুদ্ধে প্ৰমুখ ৰূপে থিয় দিছে ভাৰত বুলি উল্লেখ কৰি মোদীয়ে কয়। বিস্তাৰবাদ একধৰণৰ মানসিক বিকৃতি আৰু ওঠৰ শতিকাৰ চিন্তা দৰ্শায়। ভাৰত আৰু চীনৰ সীমা বিবাদৰ বিষয়টোৰ প্ৰসংগত মোদীয়ে কয়- বিশ্বৰ কোনো শক্তিয়ে  দেশৰ সেনাক সীমা সুৰক্ষা দিব পৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে। উল্লেখ্য যে কালি জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তত চুবুৰীয়া ৰাষ্ট্ৰখনে যুদ্ধবিৰতি উলংঘা কৰি চলোৱা ধাৰাবাহিক আক্ৰমণত পাঁচজন জোৱান শ্বহীদ হোৱাৰ লগতে ছগৰাকী নাগৰিক নিহত হয়। আনহাতে আন কেইবাজনো নাগৰিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। ইয়াৰ মাজতে আজি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় জোৱানসকলৰ সৈতে দীপাৱলীউদ্‌যাপন আৰু সম্বোধন কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰে। 

প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধনৰ কালত পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ চুবুৰীয়া ৰাষ্ট্ৰখনক চৰম সকীয়নি দি কয় যে প্ৰয়োজনত ভাৰতে শক্তি প্ৰদৰ্শন দাঙি ধৰিবলৈ সাজু আছে। ভাৰতৰ হাতত এই ক্ষমতা আছে আৰু ৰাজনৈতিক ইচ্ছাশক্তিও আছে। ইয়াৰ উপৰি তেওঁ কয়- কোৰোনা কালত স্বাস্থ্য বিভাগৰ বৈজ্ঞানিকসকল ভেকচিন উদ্ভাৱনৰ প্ৰয়াসত জড়িত হৈ আছে আৰু ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা বৈজ্ঞানিকসকলেও অত্যাধুনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণত জড়িত হৈ আছে। যোৱা কিছুদিনত কেইবাটাও ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰা হৈছে। যোৱা কিছু মাহত দেশৰ সামৰিক ক্ষমতা বৃদ্ধি পাইছে।

No comments