ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৬ নৱেম্বৰ : যোৰহাট ৰয়েল ৰোডৰ নিৰ্বাসী তথা ধৰ্মপ্ৰাণ ব্যক্তি জেমছুদ্দিন আহমেদ ওৰফে আজাদ আহমেদৰ আজি সন্ধিয়া নিজা বা...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৬ নৱেম্বৰ : যোৰহাট ৰয়েল ৰোডৰ নিৰ্বাসী তথা ধৰ্মপ্ৰাণ ব্যক্তি জেমছুদ্দিন আহমেদ ওৰফে আজাদ আহমেদৰ আজি সন্ধিয়া নিজা বাসগৃহত মৃত্যু হয় । মৃত্যুৰ সময়ত আহমেদৰ বয়স আছিল প্ৰায় ৬৩ বছৰ । উল্লেখ্য যে আহমেদ কিছু দিনৰ পৰা এক দুৰাৰোগ্যত ভুগি আছিল । কালিৰে পৰা স্বাস্থ্য অধিক অৱনতি হৈ আজি মৃত্যুবৰণ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী জি জোঁৱাই, পুত্ৰ বোৱাৰী ,নাতি নাতিনীৰ উপৰিও এজন ভাতৃসহ বহু পৰিয়াল ইহ সংসাৰত এৰি থৈ গৈছে । আজাদ আহমেদৰ মৃত্যুত ৰয়েল ৰোড অঞ্চলত শোকৰ ছাঁ পৰিছে । আৰু তেওঁৰ জানাজা মঙ্গলবাৰে বিয়লি যোৰহাট কবৰস্থানত অনুষ্ঠিত হব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ।
No comments