গণ বার্তা, লেখাপানী, ২৩ নৱেম্বৰ : টিৰাপ মৌজাৰ কংগ্ৰেছ কৰ্মীয়ে কয় আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰৱৰ্তী বিধায়ক বাসুদেৱ ছেত্ৰীয়ে হব । তাৰ পৰিপ্ৰেক্...
গণ বার্তা, লেখাপানী, ২৩ নৱেম্বৰ : টিৰাপ মৌজাৰ কংগ্ৰেছ কৰ্মীয়ে কয় আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰৱৰ্তী বিধায়ক বাসুদেৱ ছেত্ৰীয়ে হব । তাৰ পৰিপ্ৰেক্ষিতত মাৰ্ঘেৰিটা সমষ্টিত ক্ৰমান্বয়ে কংগ্ৰেছ দলটো সক্ৰিয় হৈ উঠাৰ লগে লগেই জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে মাৰ্ঘেৰিটা জ্যেষ্ঠ প্ৰবীণ নেতা বাসুদেৱ ছেত্ৰী । কংগ্ৰেছ দলত যোগদান কৰা পাছৰ পৰাই প্ৰবীণ নেতা বসুদেৱ ছেত্ৰীয়ে সমষ্টিটোত বিগত সময়চোৱাত বহুখিনি উন্নয়নৰ কাম কৰাৰ লগতে বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সম মৰ্য্যদা প্ৰদান কৰি আহিছিল । বিগত সময়ত মাৰ্ঘেৰিটা সমষ্টিত আঞ্চলিক পঞ্চায়তৰ সভাপতি , মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে গুৰু দায়িত্ব হাতত লৈ কংগ্ৰেছ দলটো এক বিশেষ প্ৰতিনিধিত্ব কৰি অহাত শেহতীয়াকৈ বাসুদেৱ ছেত্ৰীক তিনিচুকীয়া জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে নৱ নিযুক্তি প্ৰদান কৰা তৃণমূল পৰ্য্যায়ৰ পৰা ব্লক কংগ্ৰেছৰ বিষয় ববীয়া সকলৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেনেস্থলত দেওবাৰে মাৰ্ঘেৰিটা সমষ্টিৰ টিৰাপ মৌজাৰ সকলো কংগ্ৰেছ কৰ্মী আৰু সচেতন ৰাইজে জাগুন ৰামপুৰ যুৱ সংঘ পেক্ষা গৃহত এখনি আদৰণি সভা অনুষ্ঠিত কৰে । প্ৰায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে মটৰ চাইকেল ৰেলি যোগেদি বাসুদেৱ ছেত্ৰীৰ নিজ বাসগৃহৰ পৰা বিপুল আদৰণি জনাই প্ৰায় পাঁচ কিলোমিটাৰ দৈঘ্য পথৰ ওপৰত কংগ্ৰেছ জিন্দাবাদ, তৰুণ গগৈ জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ , বাসুদেৱ ছেত্ৰী জিন্দাবাদ শ্লোগান দি জাগুন ৰামপুৰ যুৱ সংঘৰ পেক্ষা গৃহলৈ আদৰণি জনায় । উক্ত অনুষ্ঠানত জ্যেষ্ঠ কংগ্ৰেছী গিৰিন বুঢ়াগোহাঁই পৌৰহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাৰ প্ৰথম কার্যসূচীত জেষ্ট প্ৰবীণ কংগ্ৰেছী নেতা প্ৰয়াত ভক্ত বাহাদুৰ ছেত্ৰীৰ অকাল মৃত্যুৰ শ্ৰদ্ধাঞ্জলি জনাই আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজলনেৰে ৰাজহুৱা প্ৰাৰ্থনা জনায় । লগতে প্ৰায় শতাধিক লোকে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰে । প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীৰ সদস্য সকলে নৱ নিযুক্ত তিনিচুকীয়া জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বাসুদেৱ ছেত্ৰীক সম্বৰ্ধনা জনাই । বাসুদেৱ ছেত্ৰীৰ এনে জনপ্ৰিয়তা দেখি এক প্ৰকাৰে পৰৱৰ্তী বিধায়কৰ পদ দখল কৰাৰ পথত অগ্ৰগতি হোৱা যেন অনুভৱ হয় । ( লেখাপানীৰ পৰা শৰৎ গগৈ )
No comments