Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জ’ বাইডেন ৪৬ তম আমেৰিকাৰ ৰাষ্ট্ৰপিত ৰূপে নিৰ্বাচিত

দেশক একতা কৰা আৰু কোৰোনাৰ বিৰুদ্ধ যুঁজ দিয়াটো প্ৰাথমিকতা হ’ব, দেশবাসীক সম্বেধান কৰি বাইেডন ৱাশ্বিংটন, ৮ নৱেম্বৰ  : ৪৬তম ৰাষ্ট্ৰপিত ৰূপে নিৰ্...

দেশক একতা কৰা আৰু কোৰোনাৰ বিৰুদ্ধ যুঁজ দিয়াটো প্ৰাথমিকতা হ’ব, দেশবাসীক সম্বেধান কৰি বাইেডন


ৱাশ্বিংটন, ৮ নৱেম্বৰ : ৪৬তম ৰাষ্ট্ৰপিত ৰূপে নিৰ্বাচিত জ’ বাইডেন৷ উল্লেখ্য যে সমগ্ৰ বিশ্বৰ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাৰ ওপৰত। যোৱা ৪ দিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাৰ পৰ্ব চলি আছিল ৷ ইতিমধ্যে আমেৰিকাৰ বহুকেইখন ৰাজ্যৰ ভোট গণনা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বাকী আছিল পেনছিলভেনিয়া, এৰিজ’না, জৰ্জিয়াৰ দৰে ৰাজ্যৰ ভোট গণনা। এইকেইখন ৰাজ্যৰ ভিতৰত পেনছিলভেনিয়া প্ৰমুখ ৰাজ্য ৰূপে পৰিগণিত হৈ আছিল। যিহেতু আনকেইখন ৰাজ্যৰ তুলনাত পেনছিলভেনিয়াত সৰ্বাধিক ইলেক্ট’ৰিয়েল কলেজ ভোট আছিল। এই ৰাজ্যখনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পতকৈ বহু হাজাৰ ভোটেৰে আগুৱাই আছিল জ’ বাইডেন। এইখন ৰাজ্যত জো বাইডেনে জয়লাভ কৰাত তেওঁ হোৱাইট হাউছ দখল কৰাটো প্ৰায় নিশ্চিত হৈ পৰে। উল্লেখ্য যে জ’ বাইডেনে দেশবাসীক সম্বোধন কৰি কয় যে দেশক  একতা কৰা আৰু কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো তেওঁৰ প্ৰাথমিকতা হ’ব৷ 






পূৰ্বৰ প্ৰতিবেদন  :

আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ এগৰাকী প্ৰাৰ্থীৰ প্ৰয়োজন ২৭০টা ইলেক্ট’ৰিয়েল কলেজ ভোটৰ। সেই অনুসৰি ট্ৰাম্পতকৈ বাইডেন বহু ভোটেৰে আগুৱাই আছে। আনহাতে পেনছিলভেনিয়াতো বাইডেন বহু ভোটেৰে ট্ৰাম্পতকৈ আগুৱাই আছে। ট্ৰাম্পে জৰ্জিয়া, এৰিজ’না, পেনছিলভেনিয়া ৰাজ্যত জয়লাভ কৰিলেহে  দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব। তাৰ বিপৰীতে জো বাইডেনক প্ৰয়োজন মাথোঁ পেনছিলভেনিয়াৰ ইলেক্ট’ৰিয়েল কলেজ ভোটৰ। উল্লেখ্য যে ড’নাল্ড ট্ৰাম্পে পেনছিলভেনিয়াকে ধৰি জৰ্জিয়া আদি ৰাজ্যৰ ভোট গণনা আধাতে সামৰি দুনাই ভোট গণনা কৰাৰ দাবী জনাই আছে।  কিয়নো এই ৰাজ্যকেইখনত ড’নাল্ড ট্ৰাম্প বহু ভোটেৰে বাইডেনতকৈ পিছপৰি ৰৈছে। সেইবাবেই তেওঁ এনে দাবী জনাবলৈ ধৰিছে। পেনছিলভেনিয়া, এৰিজ’না, নাবাডা, জৰ্জিয়া আদি ৰাজ্যত বাইডেন ট্ৰাম্পতকৈ আগুৱাই আছে। সেই অনুসৰি আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি বাইডেন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কিন্তু আনুষ্ঠানিক ফলাফল ঘোষণালৈ এতিয়াও বহু বাকী আছে। 

এনে এক পৰিস্থিতিৰ মাজতেই ৰিপাব্লিকান নেতা মেক্কানেলে প্ৰকাশ কৰিছে যে যদিহে তেওঁলোক এইবাৰৰ নিৰ্বাচনত পৰাস্ত হয়, তেন্তে ক্ষমতা শান্তিপূৰ্ণভাৱে হস্তান্তৰ কৰা হ’ব। ড’নাল্ড ট্ৰাম্পে এইবাৰৰ নিৰ্বাচনত বহু বিসংগতি হোৱাৰ দাবী তুলি আছে। তেওঁলোকৰ দলৰ নেতাই ড’নাল্ড ট্ৰাম্পৰ এনে দাবীক পোনছাটে নাকচ কৰিছে। তেওঁলোকৰ দলৰ নেতাই ড’নাল্ড ট্ৰাম্পৰ এনে দাবীক সমৰ্থন জনোৱা নাই। তাৰ বিপৰীতে ৰিপাব্লিকান দলৰ নেতাই ক’বলৈ ধৰিছে যে যদিহে তেওঁলোক পৰাস্ত হয়, তেন্তে ক্ষমতা শান্তিপূৰ্ণভাৱে হস্তান্তৰ কৰা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই ফিজিৰ প্ৰধানমন্ত্ৰীয়ে জো বাইডেনক অভিনন্দন জনাইছে। ফিজিৰ প্ৰধানমন্ত্ৰী ফ্ৰেঙ্ক বেনিমাৰামাই আমেৰিকাৰ ডেমক্ৰেটিক প্ৰাৰ্থী জো বাইডেনক অভিনন্দন জনাইছে।

 যি সময়ত জো বাইডেনক ফিজিৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিনন্দন জনাইছে৷ ইয়াৰ দ্বাৰা এইটো কথা প্ৰতিপন্ন হৈছে যে এইবাৰৰ নিৰ্বাচনত বাইডেন জিকিব। উল্লেখ্য যে বিগত নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে ৩০৪টা ইলেক্ট’ৰিয়েল কলেজ ভোটেৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী হিলাৰী ক্লিণ্টনে ২২৭টা ইলেক্ট’ৰিয়েল কলেজ ভোট লাভ কৰিছিল।

No comments