জয়পুৰ, ২০ নৱেম্বৰ ঃ দেশত আৰু সমাজত বিভাজন আনিবলৈ এতিয়া বিজেপিয়ে লাভ জিহাদ শব্দ ব্যৱহাৰ কৰিবলৈ ধৰিছে। —বিজেপিক আক্ৰমণ কৰি এইদৰে কয় ৰাজস্থানৰ ...
জয়পুৰ, ২০ নৱেম্বৰ ঃ দেশত আৰু সমাজত বিভাজন আনিবলৈ এতিয়া বিজেপিয়ে লাভ জিহাদ শব্দ ব্যৱহাৰ কৰিবলৈ ধৰিছে। —বিজেপিক আক্ৰমণ কৰি এইদৰে কয় ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে। বিজেপিয়ে ‘লাভ জিহাদ’ শব্দ ব্যৱহাৰ কৰি সমুদায় সদ্ভাৱনা বিনষ্ট কৰিবলৈ বিচাৰিছে। বিবাহ ব্যক্তিগত স্বাধীনতা। এই স্বাধীনতাত কোনেও হস্তক্ষেপ কৰিব নালাগে। এই ব্যক্তিগত স্বাধীনতাক লৈ আইন প্ৰস্তুত কৰাটো অসাংবিধানিক বুলি আখ্যা দি অশোক গেহলতে টুইটাৰত লিখে যে ব্যক্তিগত বিবাহ সম্বন্ধীয়ক লৈ প্ৰস্তুত কৰা আইন ন্যায়ালয়ত তিষ্ঠিব নোৱাৰিব।
প্ৰেমত জিহাদৰ কোনো স্থান নাই বুলি উল্লেখ কৰি তেওঁ কয়- এই শব্দটো এতিয়া বিজেপিয়ে সমাজত অস্থিৰতা আনিবলৈ ব্যৱহাৰ কৰিবলৈ ধৰিছে। উল্লেখ্য যে উত্তৰ প্ৰদেশ চৰকাৰে লাভ জিহাদক লৈ কঠোৰ আইন প্ৰণয়ন কৰিবলৈ লোৱাৰ সময়তেই অশোক গেহলতে এইবুলি আজি বিজেপিক আক্ৰমণ কৰি লয়। গেহলতে আন এটা টুইটত উল্লেখ কৰে যে বিজেপিয়ে বিবাহত লেকাম লগাব বিচাৰিছে। বিবাহ ব্যক্তিগত সিদ্ধান্ত। কিন্তু এই সিদ্ধান্তত লেকাম লগাব বিচাৰিছে বিজেপিয়ে। তেওঁলোকে ব্যক্তিগত স্বাধীনতা কাঢ়ি ল’ব বিচাৰিছে।
No comments