Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে ছয় উইকেটত জয়ী দিল্লী কেপিটেল

আবু ধাবি, ৩ নৱেম্বৰ :  আবু ধাবিত অনুষ্ঠিত হোৱা আজি আই পি এল ২০২০ৰ ৫৫নং মেচত দিল্লী কেপিটেলছে ছয় উইকেটত বিজয় সাব্যস্ত কৰে। টছত জিকি দিল্লী কে...


আবু ধাবি, ৩ নৱেম্বৰ :  আবু ধাবিত অনুষ্ঠিত হোৱা আজি আই পি এল ২০২০ৰ ৫৫নং মেচত দিল্লী কেপিটেলছে ছয় উইকেটত বিজয় সাব্যস্ত কৰে। টছত জিকি দিল্লী কেপিটেলছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে বটিং কৰিবলৈ আহি  ফিলিপে ১২ৰান, দেৱদত্তই পাঁচটা ৪ৰ সহায়ত ৫০ ৰান, বিৰাট কোহলীৰ ২৯ ৰান, ডেভিলিয়াৰ্ছে দুটা ছি’াৰ আৰু এটা ৪ৰ সহায়ত অপৰাজিত ৩৫ ৰান, আৰু শিৱম ডুবেৰ ১৭ৰানৰ বৰঙনিৰে ৭ উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অভাৰত ১৫২ ৰান সংগ্ৰহ কৰে।  দিল্লী কেপিটেলছে ১৫৩ ৰানৰ লক্ষ্য আগত ৰাখি খেলিবলৈ আহি অপেনাৰ পৃথ্বি শ্ব মাত্ৰ ৯ ৰান কৰি আউট হয়।
 পিছত শেখৰ ধাৱানে ৬টা চাৰিৰ সহায়ত ৫৪ ৰান কৰি স্ক’ৰ বৃদ্ধি কৰে যদিও শ্বাহবাদ আহমেদৰ বলত আউট হয়। ৰাহানে দুৰ্দান্ত প্ৰদৰ্শনেৰে  এটা ৬ আৰু পাঁচটা ৪ৰ সহায়ত ৬০ ৰান কৰে।  শ্ৰেয়াছ আয়াৰে ৭ৰান, ঋষভ পেণ্ট ৮ৰান আৰু ষ্টনিছে ১০ ৰান কৰি ১৯ অভাৰত চাৰিটা উইকেট হেৰুৱা লক্ষ্যত উপনিত হৈ ৬ উইকেটত বিজয় সাব্যস্ত কৰে। এনৰিষ্ট নৰ্টজে মেন অফ দ্য মেচৰ সন্মান লাভ কৰে। উল্লেখ্য যে নৰ্টজেই চাৰি অভাৰত ৩৩ ৰান দি ৩ উইকেট লাভ কৰে।

No comments