Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰতি মুহূৰ্তত স্বাস্থ্যৰ অৱনতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ নৱেম্বৰ ঃ এতিয়াও সংকটমুক্ত হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰতিমুহূৰ্ততে স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰা...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ নৱেম্বৰ ঃ এতিয়াও সংকটমুক্ত হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰতিমুহূৰ্ততে স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ। মেকানিকেল ভেন্টিলেচনত চিকিৎসা চলাই থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। টিউবৰ সহায়ত কৃত্ৰিমভাৱে ভেন্টিলেচনত উশাহ-নিশাহ লোৱাত সহায় কৰি থকা হৈছে গগৈৰ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছে গগৈ। কোৰোনাত আক্ৰান্ত হোৱাৰ পিছৰে পৰাই চিকিৎসাধীন হৈ থকা গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটে। চিকিৎসাধীন অৱস্থাতেই কিছু সুস্থ হৈছিল যদিও পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। সম্প্ৰতি এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা সেৱা চলাই আছে। আজি তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত এই কথা জনাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি আবেলিৰ পৰা গগৈৰ স্বাস্থ্য অলপ শোচনীয়ৰ ফালে গতি কৰিছে। 

গগৈৰ কিড্‌নী, হৃৎপিণ্ড, লিভাৰৰ সাধাৰণ অৱস্থা বা ক্ৰিয়া-প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে কমি গৈছে। চিকিৎসকৰ দৃষ্টিভংগীত কালি-পৰহিৰ তুলনাত অধিক অৱনতি হৈছে। ইপিনে গগৈ দুপৰীয়াৰ পৰা মানুহ চিনি পাব পৰা অৱস্থাত একেবাৰে নাই বুলি হিমন্তই কয়। কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ থকাৰ পিছতো কিড্‌নী হাৰ্টৰ কামবোৰ ঘূৰি আহিবৰ বাবে যিখিনি ঔষধ সেয়া সমান্তৰালকৈ যোগান ধৰি থকা হৈছে। ঔষধখিনিয়ে কাম কৰিলে তেওঁ নিয়মিত শ্বাস-প্ৰশ্বাস ঘূৰাই পাব পাৰে। দিল্লীলৈকে যোৱাৰ পৰিৱেশ নাই যিহেতু তেওঁ ভেন্টিলেচনত গুচি গৈছে বুলি হিমন্তই কয়। জিএমচিএইচৰ চিকিৎসকসকলে অহৰহ এইম্‌ছৰ চিকিৎসকসকলৰ লগত সম্পৰ্কত আছে। স্বাস্থ্যৰ অধিক অৱনতিৰ বাবে আজি তেওঁক দিল্লীলৈ স্থানান্তৰ কৰাটো সম্ভৱ নহয়। পৰৱৰ্তী ৪৮ ঘন্টালৈকে স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জনাইছে বুলিও তেওঁ উল্লেখ কৰে।

No comments