প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ২৭ নৱেম্বৰঃ ডিব্ৰুগড় লেপেতকটাত যোৱা কালি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনাত বৰযাত্ৰীসহ ছয় জনকৈ লোক নিহত হৈছিল । ইয়াৰে পাঁচ ...
প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ২৭ নৱেম্বৰঃ ডিব্ৰুগড় লেপেতকটাত যোৱা কালি পুৱা এক শোকাৱহ পথ দুৰ্ঘটনাত বৰযাত্ৰীসহ ছয় জনকৈ লোক নিহত হৈছিল । ইয়াৰে পাঁচ জন লোক কোটোহা ভগামূৰ গাঁৱৰ আছিল । এক শোকাকূল পৰিৱেশৰ মাজত নিশা ভগামূৰ গাঁৱৰ বৰনাঘৰৰ সমীপতে গাঁৱবাসীয়ে একেলগে পাঁচখন চিতাত শেষকৃত্য সম্পন্ন কৰে । উল্লেখ্য যে মৰাণ সমষ্টিৰ কোটোহা পঞ্চায়তৰ অন্তৰ্গত ভগামূৰ গাঁৱৰ এজন যুৱকৰ বিয়াত ধেমাজিৰ চিচিবৰ গাঁৱৰ পৰা কন্যা লৈ কোটোহাৰ ভগামূৰৰ দৰা ঘৰলৈ অন্য এখন বলেৰ' গাড়ীৰে (এ এচ ০৬ আৰ ৮৬৪৭) আহি থকা অৱস্থাত বলেৰ' গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিব্ৰুগড় লেপেটকতাত ৰখাই থোৱা এখন ট্ৰেলাৰত (এন এল ০২ এল ৭১৫২) পিছফালৰ পৰা খুন্দা মৰাৰ ফলত বলেৰ' গাড়ীখনৰ চালকসহ অহা ৬ জনকৈ বয়োজ্যেষ্ঠ লোক নিহত হয় । ইয়াৰে ভগামূৰ গাঁৱৰ নিহত লোককেইজন আছিল ক্ৰমে হেম বৰা (৫৭), মদন বৰা (৬৫), কনপাই ভূঞা (৬৭), জীৱক শইকীয়া (৬০), দেৱ বৰা (৬৭) ঘৰ লেজাইত আছিল যদিও তেখেতে ভগামূৰ গাঁৱৰ নামঘৰৰ সৈতে উতঃপোত ভাৱে জড়িত আছিল যাৰবাবে তেখেতকো ভগামূৰতে শেষকৃত্য সম্পন্ন কৰে । আনহাতে ভগামূৰত একেলগে পাঁচজনকৈ লোকৰ শেষকৃত্য অনুষ্ঠানত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু ডিব্ৰুগড় জিলা বিজেপিৰ উপ সভাপতি তথা ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা উপস্থিত থাকে । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ )
No comments