গণ বার্তা, লেখাপানী, ২০ নৱেম্বৰ : যি সময়ত একাংশ ৰাজনৈতিক দলে নিজৰ স্থিতি সবল কৰিবৰ বাবে সামাজিক মাধ্যমত বিভিন্ন আলোক চিত্ৰ পদর্শন কৰি তোল প...
গণ বার্তা, লেখাপানী, ২০ নৱেম্বৰ : যি সময়ত একাংশ ৰাজনৈতিক দলে নিজৰ স্থিতি সবল কৰিবৰ বাবে সামাজিক মাধ্যমত বিভিন্ন আলোক চিত্ৰ পদর্শন কৰি তোল পাৰ লগাইছে ঠিক তেনে সময়তে কেমেৰাত বন্দী হল এক ভয়ানক দৃশ্য। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামনগৰ আৰু জাগুন পাৰ ঘাটত বুঢ়ী দিহিং নদীৰ ওপৰৰেদি পাৰ হওঁতে দলঙৰ মাজত সোমাই পৰিল এখন আই টেন গাড়ী।কথমি প্ৰাণ ৰক্ষা গাড়ীত থকা যাত্ৰীৰ। স্বাধীনত্বৰ ৭২ বছৰ পাছতো হৈ নুঠিল জাগুন বুঢ়ীদিহিং নৈৰ ওপৰত এখনি পকী দলং । বিভিন্ন সময়ত দল সংগঠন আৰু ভুক্ত ভুগি ৰাইজে বুঢ়ী দিহিং নৈ ওপৰত এখন পকী দলং দাবী কৰি আহিছে যদিও দিহিং পৰিয়া লোক সকলৰ যাতায়তৰ বাবে তিলমানো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই সংশ্লিষ্ট বিভাগ তথা স্থানীয় জন প্ৰতিনিধিৰ ।কিন্তু বহু ৰাজনৈতিক নেতা ৰাজনেতা হল কিন্তু পূৰণ নহল এই লোক সকলৰ আশা।নিতৌ নিজৰ জীৱন অতিবাহিত কৰে এক বিপদ সংকুল যাত্ৰায়ে বুঢ়ীদিহিং নৈৰ ওপৰেদি । ছয়মাহ যন্ত্ৰ চালিত নাও আৰু ছয়মাহ বাঁহ আৰু কাঠেৰে নিৰ্মিত দলং নিৰ্মান কৰি প্ৰায় ছখনকৈ গাঁৱৰ ৰাইজৰ উপৰিও অসম অৰুণাচল সংযোগী যাতায়তৰ এক মাত্ৰ বুঢ়ীদিহিং নৈৰ ওপৰৰ এই সমস্যাটো সমাধান নোহোৱাত ক্ষোভিত হৈ পৰিছে গাঁৱৰ চহা ৰাইজ । ( লেখাপানীৰ পৰা শৰৎ গগৈ )
No comments