Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাজেটত আঁচনিৰ ফুলজাৰি কোবাই আভুৱা ভাৰিছে ৰাজ্যবাসীকঃ মন্ত্ৰী হিমন্তৰ বাজেটৰ খতিয়ান দাঙি ধৰি ৰিপুণ বৰা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ নৱেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰিছে অসম ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ নৱেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। মুখ্যমন্ত্ৰী সোণোৱালৰ চাৰিটা বৰ্ষৰ বাজেটৰ খতিয়ান লৈ সমালোচনাত মুখৰ হৈ পৰিছে ৰিপুন বৰা। বাজেটত আঁচনিৰ ফুলজাৰি কোবাই ৰাজ্যবাসীক চৰম প্ৰতাৰণা কৰাই নহয়, সম্পূৰ্ণৰূপে আভুৱা-ভাঁৰিছে। ৰাজীৱ ভৱনত আজি আয়োজিত এক সংবাদমেলত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা চাৰিখন বাজেটত ব্যৰ্থতাৰ খতিয়ান দাঙি ধৰি ৰিপুন বৰাই কয় যে স্বয়ম যোজনাৰ জৰিয়তে ৰাজ্যখনৰ ১ লাখ যুৱকক উদ্যোগ তথা বাণিজ্যৰ বাবে ঋণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। কিন্তু ২০২০ৰ ৪ ছেপ্টেম্বৰত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৭-১৮ত গ্ৰহণ কৰা আঁচনিৰ অধীনত ১ লাখ যুৱকক ঋণ দিয়াৰ লক্ষ্য কৰা হৈছিল যদিও মাত্ৰ ৭ হাজাৰ যুৱককহে ঋণ প্ৰদান কৰিছে। 

একেদৰে ৰাজ্যৰ এক লাখ মহিলা আত্মসহায়ক গোট গঠনৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰতিটো আত্মসহায়ক গোটক ঋণ হিচাপে ৫ লাখকৈ টকা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰিছিল। উক্ত প্ৰতিশ্ৰুতিও ফুটুকাৰ ফেনত পৰিণত হ’ল। সম্পূৰ্ণ এবছৰ উকলি যোৱাৰ পিছতে ’১৮-’১৯ বৰ্ষত ৰাজ্যিক কেবিনেটে এই আঁচনিৰ প্ৰায়োগিক নীতি-নিৰ্দেশনাৰ অনুমোদন কৰে। ২০১৯ৰ ফেব্ৰুৱাৰী মাহলৈ আত্মসহায়ক গোটলৈ মাথোঁ ১০-২৫ হাজাৰ টকাৰ পুঁজি আগবঢ়োৱা হৈছিল।  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সকলোৰে বাবে আৱাসৰ অধীনত গুৱাহাটী, নগাঁও, শিলচৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, কোকৰাঝাৰ আৰু ধুবুৰী নগৰক সামৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। উক্ত যোজনাৰ অধীনত দৰিদ্ৰ আৰু গৃহহীন হিতাধিকাৰীক ৫০ হাজাৰ টকাকৈ ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু অসমৰ চহৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্মাণ ব্যৰ্থ হৈছে। 

২০২২ৰ ভিতৰত গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব লগা এই যোজনাৰ বাবে অসমৰ বেছিভাগ চহৰ এতিয়াও বাদ পৰি আছে আৰু যিবোৰ চহৰক যোজনাৰ অধীনলৈ অনা হৈছে সেইবোৰতো গৃহ নিৰ্মাণৰ যাৱতীয় কাম-কাজ আগবঢ়া নাই। ৰিপুন বৰাই লগতে কয় যে ২০১৭-১৮ বৰ্ষৰ বাবে ৩৯ হাজাৰটা গভীৰ নলী-নাদ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ২০০টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু জলসিঞ্চন বিভাগৰ তথ্য অনুসৰি ২০১৭-১৮ বৰ্ষত বিভাগটোৱে ২,৭২৪ হেক্টৰ খেতি মাটিত পানী যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিল যদিও মুঠ ৪১খন আঁচনিৰ ১১খনহে সম্পূৰ্ণ কৰা হয়। ৪১খন আঁচনিৰ ভিতৰত ২১খন আঁচনি সৌৰশক্তিচালিত আছিল। যাৰ মাত্ৰ ৫খনহে সম্পূৰ্ণ হয়। আনহাতে ২০১৮-১৯ বৰ্ষত বিভাগটোৱে ৬৪খন বিভিন্ন আঁচনিৰ কাম হাতত লৈছিল। যিবোৰৰ ৫১খনৰে কাম ২০১৯ৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত আৰম্ভ কৰা হোৱা নাছিল। 

৪০ কোটি টকাৰ বিত্তীয় লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ বানপ্ৰৱণ এলেকাত কৃত্ৰিম বানপানী উপশমৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছিল। কিন্তু গুৱাহাটী উন্নয়ন বিভাগৰ তথ্য অনুসৰি গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ প্ৰায় ২৫০টা নৰ্দমা চাফা কৰাৰ নামত ৩৫ কোটি টকা খৰচ কৰে যদিও বিজেপি চৰকাৰ অহাৰ পিছত গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ উপদ্ৰৱ বাঢ়িলহে। নৰ্দমাবোৰ চাফা কৰি মাটি আৰু জাবৰবোৰ তাৎক্ষণিকভাৱে উঠাই নিনিয়াৰ ফলত এনে নৰ্দমাবোৰ চাফা কৰাৰ পিছতে গুৱাহাটীবাসীয়ে একো সুফল দেখা নাই। তদুপৰি পানী ধাৰণৰ কোনো বিজ্ঞানসন্মত অধ্যয়ন নকৰাকৈ নলাবোৰ নিৰ্মাণ কৰাৰ ফলত কেৱল ৰাজহুৱা ধনৰহে অপচয় হোৱা দেখা গৈছে। তেওঁ লগতে আৰু কয় যে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা সকলো জিলা চিকিৎসালয়তে ডায়েলাইছিছ সেৱা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছিল। কিন্তু উল্লিখিত বিত্তীয় বৰ্ষত অসমৰ কোনো জিলাতে এই সেৱা প্ৰৱৰ্তন কৰা নহ’ল। 

ইয়াৰ প্ৰথমটো কেন্দ্ৰ ২০১৯ৰ ১৪ জুনত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আৰম্ভ হয়। এই আঁচনিৰ ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ২০১৭-১৮ বিত্তীয় বৰ্ষত ১,৭৮,০০০ আধৰুৱা ঘৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কাৰ্যসূচী ব্যৰ্থ  আঁচনিলৈ ৰূপান্তৰিত হৈছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে শাসনৰ প্ৰথম দুটা বছৰত সৰ্বমুঠ ২,৫৯,৮১৪টা গৃহ নিৰ্মাণৰ লক্ষ্য লৈছিল যদিও পিএমএৱাই (গ্ৰামীণ) আঁচনিৰ বেছিভাগ গৃহৰে নিৰ্মাণ নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ নহ’ল। ২০১৬-১৭ বৰ্ষত ২,১৯,৬৯৫টা গৃহ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছিল অথচ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ১,৫৬,৯১০টাৰ। ২০১৭-১৮ বৰ্ষত ৪০,১১৯টা গৃহৰ ভিতৰত ১৬,৮৫৬টা ঘৰৰে নিৰ্মাণ সম্পূৰ্ণ নহ’ল। 

২০১৮-১৯ বৰ্ষত গৃহ নিৰ্মাণৰ বাবে অসমক পুঁজিৰ আবণ্টন দিয়া নাছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত অসমৰ গ্ৰামাঞ্চলত ২ লাখ আৱাস নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছিল। ২০১৯ৰ ছেপ্টেম্বৰ মাহলৈ অনুমোদিত ১,৫০,০০০ ঘৰৰ ভিতৰত মাত্ৰ ৮টা আৱাসৰহে নিৰ্মাণ সম্পূৰ্ণ হৈছিল। ২০১৬-২০ বৰ্ষলৈকে প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ অধীনত ৪,৬০,০০০ বাসগৃহ নিৰ্মাণ কৰাৰ লক্ষ্য স্থিৰ কৰা হয় যদিও ২০১৯ৰ ছেপ্টেম্বৰলৈ মাথোঁ ১,৯০,০০০টা বাসগৃহৰহে নিৰ্মাণ সম্পূৰ্ণ হয়। একেদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন দলং নিৰ্মাণৰ নতুন প্ৰকল্প গ্ৰহণ কৰিছিল। ইয়াৰে এখন দলং পাণবজাৰৰ পৰা উত্তৰ গুৱাহাটীলৈ আৰু আনখন পলাশবাৰীৰ পৰা শুৱালকুছিলৈ সংযোগ কৰা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু দুয়োখন দলঙৰ কোনো কাম আজিলৈ আৰম্ভ কৰা হোৱা দেখা নগ’ল। 

আনহাতে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ আৰ্হিত অসমত ৩৩টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছিল যদিও ২০১৮ৰ ৭ ফেব্ৰুৱাৰীত বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই বিকাশ কেন্দ্ৰসমূহৰ জৰিয়তে নিবনুৱাক সংস্থাপন দিয়াত চৰকাৰ কিমান ব্যৰ্থ হৈছে তাৰ এক তথ্য প্ৰকাশ কৰে। এই তথ্য অনুসৰি ২০১৬-১৭ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩১.৪০ কোটি টকা ব্যয় সাপেক্ষে ২১,০৮০জন যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াৰে মাথোঁ ১,০২৯জনকহে চৰকাৰে সংস্থাপন দিব পাৰিছিল। একেদৰে খানাপাৰাত ক্ষুদ্ৰ আন্তঃৰাজ্যিক বাছ আস্থান স্থাপনৰ পৰিকল্পনা কৰিছিল যদিও আজিলৈকে খানাপাৰাত কোনো ধৰণৰ বাছ আস্থান গঢ় লোৱা পৰিলক্ষিত নহ’ল। আনহাতে জাগীৰোডত এটা বহুমুখী আদৰ্শ আস্থান স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু তিনি বছৰ উকলি গ’ল অথচ প্ৰতিশ্ৰুতি মাথোঁ প্ৰতিশ্ৰুতি হৈয়ে থাকিল। 

জাগীৰোডত বহুমুখী আদৰ্শ আস্থান স্থাপনৰ কোনো পদক্ষেপ চৰকাৰে হাতত নল’লে। ইপিনে ২০১৭ বৰ্ষত ২৩টা জিলা বিজ্ঞান কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও অসম চৰকাৰে এই কেন্দ্ৰ স্থাপনৰ বাবে জিলা সদৰসমূহত বৃহৎ পৰিমাণৰ মাটি বিচাৰিছিল, কিন্তু ১১খন জিলাৰ বাদে বাকী জিলাৰ সদৰত মাটি পোৱা নগ’ল। চহৰাঞ্চলত বৃহৎ পৰিসৰৰ মাটি বিচাৰি তাত বিজ্ঞান কেন্দ্ৰ স্থাপনৰ চৰকাৰী সিদ্ধান্তটো আজিলৈ চৰকাৰে সামান্যতমো কাৰ্যকৰী কৰিব নোৱাৰিলে। আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ খনন তথা দুয়োপাৰে ‘ব্ৰহ্মপুত্ৰ দ্ৰুতগামী ঘাইপথ’ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু ২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ঘোষণা কৰিছিল যে অসমৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ‘এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ হ’ব। গাডকাৰীয়ে অসমত ১ লাখ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 

কিন্তু এই হাইৱে নিৰ্মাণৰ নামত বিজেপি চৰকাৰে মাটি এচপৰাও পেলোৱা দেখা নগ’ল। চৰকাৰ গঠন কৰিয়েই সোণোৱাল চৰকাৰে ঘোষণা কৰিছিল যে শীঘ্ৰে ব্ৰহ্মপুত্ৰ নদী খন্দা হ’ব। কিন্তু ২০২০ৰ ২ ছেপ্টেম্বৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিধানসভাত প্ৰকাশ কৰিছিল যে ব্ৰহ্মপুত্ৰ খননৰ বাবে চৰকাৰে এই পৰ্যন্ত এখনো ড্ৰেজাৰ কিনা নাই। নিবিদা আহবান কৰি মেছাৰ্ছ ক্লীনটেক ইফ্ৰা প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোক ১৩.০৫ কোটি টকাৰ ৱৰ্ক অৰ্ডাৰ দিয়া হৈছে যদিও অদ্যাপি সংস্থাটোৱে ড্ৰেজাৰ যোগান ধৰা নাই। মূলতঃ বিত্তমন্ত্ৰীগৰাকীৰ বাজেটত আঁচনিৰ চমক সৃষ্টি কৰি অসমবাসীক ঠগিছে বুলি ৰিপুন বৰাই অভিযোগ কৰে। 

No comments