ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৬ নৱেম্বৰ : দীপাৱলীৰ সময়ত সমগ্ৰ ভাৰতত ৭২ হাজাৰ কোটি টকাৰ বিক্ৰী হৈছে আৰু এইবাৰৰ দীপাৱলীত ভাৰতীয় সামগ্ৰীয়ে বজাৰ ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৬ নৱেম্বৰ : দীপাৱলীৰ সময়ত সমগ্ৰ ভাৰতত ৭২ হাজাৰ কোটি টকাৰ বিক্ৰী হৈছে আৰু এইবাৰৰ দীপাৱলীত ভাৰতীয় সামগ্ৰীয়ে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত চীনৰ ৪০ হাজাৰ কোটিতকৈও অধিক টকাৰ লোকচান হৈছে। বয়কট চাইনাৰ শ্ল’গানৰ বাবে ভাৰতত দেশীয় সামগ্ৰীৰ চাহিদা দীপাৱলীৰ সময়ত বৃদ্ধি ঘটিছে। আজি কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে এই কথা জানিবলৈ দি কয় যে ভাৰতত ২০খন আগশাৰীৰ চহৰত ব্যৱসায়ৰ ওপৰত ফেডাৰেচনে লক্ষ্য ৰাখিছিল। দিল্লী, মুম্বাই, চেন্নাই, বাংগালুৰু, হায়দৰাবাদ, কলকাতা, নাগপুৰ, ৰায়পুৰ, ভুৱনেশ্বৰ, ৰাঁচী, ভূপাল, লক্ষ্ণৌ, কানপুৰ, নয়ডা, জম্মু, আহমেদাবাদ, চুৰাট, কোচি, জয়পুৰ, চণ্ডীগড় আদি চহৰত দীপাৱলীৰ সময়ত চলা ব্যৱসায়ৰ ওপৰত কনফাৰেডেচন অৱ অল ইণ্ডিয়া ট্ৰোডাৰ্ছে দৃষ্টি ৰাখিছিল আৰু এক সমীক্ষা প্ৰস্তুত কৰিছিল। এই সমীক্ষা অনুসৰি দেশত ২০খনতকৈও অধিক চহৰত দীপাৱলীৰ সময়ত দেশীয় সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছিল আৰু সকলোৱে চীনা সামগ্ৰী বয়কট কৰিছিল।
উল্লেখ্য যে প্ৰতিবছৰে দীপাৱলীৰ সময়ত চীনাৰ ৰংচঙীয়া লাইট আৰু আন আনুষংগিক সামগ্ৰীয়ে দেশৰ বজাৰত বৃহৎ ব্যৱসায় কৰি আহিছিল। কিন্তু এইবেলি গালৱানত হোৱা ভাৰত-চীনৰ সংঘৰ্ষৰ পিছতে চীনা সামগ্ৰী আৰু চীনৰ এপ্ বৰ্জনৰ ক্ষেত্ৰত দেশবাসীয়ে দিয়া অভূতপূৰ্ব সঁহাৰিৰ পিছতে দেশৰ বজাৰত চীনা সামগ্ৰীৰ চাহিদা অভূতপূৰ্বভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে। কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে জানিবলৈ দিয়া অনুসৰি এইবেলি দীপাৱলীত পুতলা, ইলেকট্ৰনিক সামগ্ৰী আৰু আহিলা-পাতি, পাকঘৰৰ ব্যৱহাৰযোগ্য সামগ্ৰী, উপহাৰ, মিঠাই, গৃহসজ্জাৰ সামগ্ৰী, অলংকাৰ, জোতা, চেণ্ডেল, ঘড়ী, ফাৰ্নিচাৰ, পোছাক আদিৰ শিতানত দেশীয় সামগ্ৰীৰ প্ৰতি দেশবাসীয়ে আগ্ৰহ দেখুওৱাত চীনৰ সামগ্ৰীসমূহ পিছপৰি ৰয়। লক্ষণীয় যে এইবেলি গুৱাহাটীৰ ফাঁচী বজাৰতো দেশীয় সামগ্ৰীৰ প্ৰতি ৰাজ্যবাসীৰ সঁহাৰি পৰিলক্ষিত হৈছিল আৰু ফাঁচী বজাৰৰ ব্যৱসায়ীসকলেও চীনা সামগ্ৰী বয়কট কৰিছিল।
No comments