Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত খৰচ কৰা টকা চুৰি কৰা টকাঃ চিৰাঙৰ কাজলগাঁৱত বিপিএফৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ

সঞ্জয় সৰকাৰ, কাজলগাঁও, ১৯ নৱেম্বৰ ঃ অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ পিছতেই ক্ৰমাৎ নিৰ্বাচনী প্...

সঞ্জয় সৰকাৰ, কাজলগাঁও, ১৯ নৱেম্বৰ ঃ অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ পিছতেই ক্ৰমাৎ নিৰ্বাচনী প্ৰচাৰৰ লগতে বাক্‌যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বিটিচিত । আজি চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী জনসভাত উপস্থিত থাকি প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বান্দৰ আখ্যা দি মন্ত্ৰীগৰাকীয়ে হাগ্ৰামাই টকা খৰচ কৰা সন্দৰ্ভত দিয়া মন্তব্যৰ প্ৰতিউত্তৰত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত খৰচ কৰা টকা চুৰি কৰা টকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনহাতে সভাখনতে মন্ত্ৰী চন্দন ব্ৰহ্মই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিউত্তৰত হিমন্ত বিশ্ব শৰ্মাক নিগনি আখ্যা দিয়ে।

ইফালে সভাখনতেই প্ৰাক্তন বিটিচি প্ৰধানগৰাকীয়ে এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ সকলো কথাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে । বিটিচিত হিমন্তৰ দাদাগিৰি নচলিব বুলি উল্লেখ কৰি বিটিচি নিৰ্বাচন সন্দৰ্ভত অহা ৭ তাৰিখত ওদালগুৰি নিৰ্বাচনত বিজেপিৰ লাইন ট্ৰাকৰ আগচকা পাংচাৰ হ’ব আৰু ১০ তাৰিখৰ পিছত কোকৰাঝাৰ আৰু চিৰাঙত চকা পাংচাৰ হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন বিটিচি প্ৰধানগৰাকীয়ে। সভাত মন্ত্ৰী হিমন্তই কৰা মন্তব্যৰ প্ৰতিউত্তৰত মই মেকুৰী নহয়, মই মেকুৰী হ’লে হিমন্ত বিশ্ব শৰ্মা বান্দৰ বুলি কয় হাগ্ৰামাই। আনহাতে হিমন্তৰ সভাত ৩শ টকা, ১শ টকা হাজিৰা দি বিটিচিৰ বাহিৰৰ পৰা মানুহ ভাৰা কৰি সভাত লৈ আহে বুলিও অভিযোগ উত্থাপন কৰে। প্ৰায় ১০ সহস্ৰাধিক দলীয় নেতা-কৰ্মী তথা ৰাইজ উপস্থিত থকা সভাত মন্ত্ৰী চন্দন ব্ৰহ্ম, ১৫নং কাজলগাঁৱৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম, ১৩নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী চাইখং বসুমতাৰী আদিৰ লগতে ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

No comments