Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ বন্যাঃ আজি কলােŽত্ৰত ৰাইজৰ অন্তিম দৰ্শনৰ বাবে ৰখা হ’ব নশ্বৰ দেহ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ : ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিবিদ তথা তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা তৰুণ গগৈৰ আজি মৃত্যু ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ : ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিবিদ তথা তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা তৰুণ গগৈৰ আজি মৃত্যু হোৱাৰ পিছতেই ৰাজ্যজুৰি বৈছে শোকৰ বন্যা। সদায় মুখত হাঁহি বিৰিঙি থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নিষ্প্ৰাণ মুখখন ভাহি অহাৰ লগে লগে সকলোৰে চকু চকুলোৰে সেমেকি উঠিছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোকৰ বন্যা আৰম্ভ হৈছে। আজি জিএমচিএইচৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ চৰকাৰী বাসভৱনত ৰখাৰ পিছত কাইলৈ ৰাজ্যবাসীৰ শেষ দৰ্শন তথা শ্ৰদ্ধা নিবেদনৰ বাবে কলাক্ষেত্ৰত ৰখা হ’ব। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য সমাপন কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। 

কাইলৈৰ পুৱাৰে পৰা কলাক্ষেত্ৰত অন্তিম শ্ৰদ্ধা নিবেদনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ ৰখা হ’ব। ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যত তিনিদিনীয়া শোকৰ কথা ঘোষণা কৰিছে চৰকাৰে। ইপিনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, অসমৰ বৰ্ষীয়ান তথা সমাজ-জীৱনৰ প্ৰতি দায়বদ্ধ ৰাজনীতিক তৰুণ গগৈৰ বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত সভাপতি বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত ৰাজ্যখনে এজন প্ৰকৃত আৰু বিচক্ষণ ৰাজনীতিকক হেৰুৱালে বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী, দলৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অসম পশুধন নিগমৰ অধ্যক্ষ তথা অগপ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়ায়ো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। 

অগপ দলৰ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়াই। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰী পাটোৱাৰীয়ে এক বিবৃতিত কয়, ‘তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈয়ে অসমৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে অৱদান আগবঢ়াই গ’ল। এগৰাকী বিশিষ্ট ৰাজনীতিক হিচাপে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াই গ’ল। তেওঁ ৰাইজৰ প্ৰিয় নেতা আছিল। নিজৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনত তেওঁ সদায় ভাৰতীয় গণতান্ত্ৰিক আদৰ্শ আৰু প্ৰমূল্যক গুৰুত্ব দিছিল। প্ৰাক্তন  মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগ আমাৰ ৰাজ্যখন আৰু দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে এক অপূৰণীয় ক্ষতি। মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। একেদৰে যশস্বী ৰাজনীতিবিদ, ৰাজ্যখনৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দেহাৱসানত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ মাননীয় সভাপতি ৰণজিৎ কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে। 

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সভাপতিগৰাকীয়ে তেখেতৰ সহধৰ্মিণী ডলী গগৈ, পুত্ৰ সাংসদ গৌৰৱ গগৈৰ লগতে পৰিয়ালবৰ্গ, আত্মীয়-স্বজনৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি এয়া ব্যক্তিগত ক্ষতি হিচাপে অভিহিত কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান নেতাগৰাকীৰে মধুৰ সম্পৰ্ক সুঁৱৰি সভাপতিগৰাকীয়ে সদা-সহাস্য ৰাজনীতিকগৰাকীৰ বৰ্ণিল ব্যক্তিত্বৰ অভাৱ সকলোৱে উপলব্ধি কৰিব বুলি দোহাৰিছে । আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত দেৱালয় সং¸ঘৰ শোক প্ৰকাশ। সদৌ অসম দেৱালয় সং¸ঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য আৰু প্ৰধান সম্পাদক কৈলাশ শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়েও শোক প্ৰকাশ কৰিছে। একেদৰে অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞায়ো শোক প্ৰকাশ কৰিছে। 

জিএমচিএইচৰ চৌহদত শোকাকুল পৰিৱেশ

 অসমৰ দক্ষ ৰাজনৈতিক নেতা তথা তিনিবাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ কথা আনুষ্ঠানিকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কতৃÇপক্ষই ঘোষণা কৰাৰ লগে লগে হাস্পতাল চৌহদত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। দীৰ্ঘদিনে জিএমচি হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি থকা তৰুণ গগৈয়ে আজি সন্ধিয়া অসমবাসীক শোক-সাগৰত বুৰাই ইহসংসাৰৰ পৰা বিদায় লয়। জিএমচিএইচ কতৃÇপক্ষই তৰুণ গগৈৰ মৃত্যুৰ ঘোষণা কৰাৰ লগে লগে হাস্পতাল চৌহদত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। জিএমচিএইচৰ চৌহদত কান্দোনৰ ৰোল উঠে। তেওঁৰ অনুৰাগীসকলে দিনৰ ভাগৰ পৰাই হাস্পতাল চৌহদত ভিৰ কৰা পৰিলক্ষিত হয়। দিনৰ ভাগত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ সৈতে হাস্পতালত তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পিছত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে হাস্পতাল কতৃÇপক্ষই তেওঁৰ শাৰীৰিক অৱস্থা অধিক সংকটজনক বুলি প্ৰকাশ কৰিছিল। ইয়াৰ পিছতেই বিভিন্নজনে হাস্পতাল চৌহদত দিনৰ ভাগত ভিৰ কৰে।

 উল্লেখ্য যে তৰুণ গগৈ দীৰ্ঘদিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল। ক’ভিড-১৯ত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতো তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ শৰীৰৰ অংগ-প্ৰত্যংগ বিকল হৈ পৰিছিল। সংকেত নিদিয়া হৈছিল তেওঁৰ শৰীৰৰ অংগই। আজি দিনৰ ভাগত তেওঁৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত হাস্পতাল কতৃÇপক্ষই তেওঁক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ভাষণ আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত শুনাইছিল। ইয়াৰ মাজতে সন্ধিয়াৰ ভাগত অসমবাসীলৈ হাস্পতাল কতৃÇপক্ষৰ পৰা আহে সেই দুঃখবৰটো। আমাৰ মাজৰ পৰা চিৰদিনলৈ বিদায় লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এই মৃত্যুৰ খবৰ ৰাজ্যজুৰি বিয়পি পৰাৰ লগে লগে শদিয়াৰ পৰা ধুবুৰীলৈ উঠে কান্দোনৰ ৰোল। শোকস্তব্ধ হৈ পৰে জিএমচিএইচ চৌহদৰ উপৰি সমগ্ৰ ৰাজ্য।


প্ৰাক্তন মুখ্যমন্ত্ৰী  তৰুণ গগৈৰ মৃত্যুত আমছুৰ শোক

 অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৱে । আজি বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে আমছুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে কয় যে আজি অসমৰ ৰাইজে এগৰাকী অভিভাৱকক হেৰুৱালে। গগৈৰ মৃত্যুৱে আমছুক মৰ্মাহত কৰা বুলিও উল্লেখ কৰে আমছু নেতাদ্বয়ে। নেতাদ্বয়ে আৰু কয় যে আমছুৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁক  বহুবাৰ  লগ পোৱা হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ মৃত্যুত আমছুৰ নেতৃত্বই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত  পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। 

 তুলিৰাম ৰংহাঙৰ গভীৰ শোক 

গণ বাৰ্তা বিশেষ, ডিফু ঃ অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সংবাদ মাধ্যমৰ আগত গগৈৰ বিয়োগে অসমৰ ৰাজনীতিত এক অপূৰণীয় ক্ষতিসাধন কৰিলে বুলি মন্তব্য কৰে ৰংহােã। কাৰ্বি আংলং জিলাৰ প্ৰতি সদায় সহযোগিতাৰ মনোভাব আগবঢ়োৱা গগৈয়ে জিলাখনৰ বাবে যথেষ্ট বৰঙনি আগবঢ়োৱা বুলিও ৰংহাঙে মন্তব্য কৰে। বিদেহী আত্মাৰ সদ্‌গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে বুলিও ৰংহাঙে মন্তব্য কৰে।



ছিপাঝাৰত ›¶াক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ইহলীলা সম্বৰণত শোকৰ বন্যা

গণ বাৰ্তা, ছিপাঝাৰ ঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি সন্ধিয়া ৫.৩৪ বজাত ইহলীলা সম্বৰণত গভীৰ শোকৰ ছাঁ পৰিছে ছিপাঝাৰত। অসম কংগ্ৰেছৰ ৰাজহাড়সদৃশ ৰাজ্যৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা তৰুণ গগৈৰ ইহলীলা সম্বৰণৰ খবৰ বিয়পি পৰাৰ লগে লগে ছিপাঝাৰত দল-মত নিৰ্বিশেষে শোকত ম্ৰিয়মাণ হৈ পৰে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীৰ আত্মাৰ সদ্‌গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।


›¶াক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত শোক™¦ব্ধ নগাঁও

©†াফ ৰিপ’ৰ্টাৰ, নগাঁও ঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ৰাজ্যখনৰ লগতে নগাঁওবাসীকো শোকস্তব্ধ কৰি তুলিছে। গগৈৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি সন্ধ্যা নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰি এক শোকসভাৰ আয়োজন কৰা হয়। গগৈৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, জ্যেষ্ঠ কংগ্ৰেছ নেতা বিষ্ণু প্ৰসাদ, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, নগাঁও সদৰৰ বিধায়ক ৰূপক শৰ্মা, ধিঙৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, প্ৰাক্তন বিধায়ক ডঃ ইদ্ৰিছ আলী, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ লগতে নগাঁও জিলা কংগ্ৰেছ, জিলা যুৱ কংগ্ৰেছ, এন এছ ইউ আই, নগাঁও জিলা বিজেপি, নগাঁও জিলা অগপ, নগাঁও জিলা এআইইউডিএফ, নগাঁও জিলা ছাত্ৰ সন্থা, নগাঁও জিলা আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, নগাঁও জিলা জাতীয়তাবাদী যুৱ চি পৰিষদ, জাতীয়তাবাদী যুৱ পৰিষদ, অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতি, ‘ৰাইজৰ দল’ৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

তৰুণ গগৈদেৱৰ মৃত্যুত আঞ্চলিক গণ মৰ্চাৰ গভীৰ শোক 

সংগীতা মেধি, মুকালমুৱা ঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কংগ্ৰেছ দলৰ এগৰাকী বলিষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তৰুণ গগৈদেৱৰ মৃত্যুত আঞ্চলিক গণ মৰ্চাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু এইগৰাকী দৃঢ় ৰাজনীতিকৰ আত্মাক চিৰশান্তি দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। গণ মৰ্চাৰ মুখ্য আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সমন্বয়ক মনজিৎ মহন্তই এক শোক-বিবৃতিত কয় যে নীতি আৰু আদৰ্শগত অমিল থাকিলেও এই কথা স্বীকাৰ কৰিবই লাগিব যে তেখেত এগৰাকী আজীৱন অসমহিতৈষী আছিল আৰু দেহে-প্ৰাণে অসমীয়াত্ব স্পষ্ট আছিল। তেখেতৰ দৰে এগৰাকী নিপুণ, দৃঢ়মনা ৰাজনৈতিক নেতাৰ বিয়োগ অসমৰ বাবে এক অভূতপূৰ্ব ক্ষতি। গণ মৰ্চাই তেখেতৰ শোকদগ্ধ পৰিয়াল, আত্মীয়-স্বজনলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে বুলি গণ মৰ্চাৰ আহ্বায়ক মনজিৎ  মহন্তই জানিবলৈ দিছে।

 বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ লগতে কেইবাগৰাকীৰ শোক

পুলেন্দ্ৰ দাস, বৰপেটা ঃ  ৰাজ্যৰ ৰাজনীতিৰ অন্যতম কাণ্ডাৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈ আৰু নাই। বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা তৰুণ গগৈয়ে চিকিৎসাধীন অৱস্থাতে আজি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ লগে লগে অসমৰ ৰাজনীতিৰ এক উজ্জ্বল নক্ষত্ৰ খহি পৰে। দেশৰ ৰাজনীতিত নিজক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা তৰুণ গগৈৰ বিয়োগত শোক প্ৰকাশ কৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই। তৰুণ গগৈৰ মৃত্যুত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰী, বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসমৰ প্ৰধান সম্পাদক মহানন্দ পাঠক,  জনান্তিক বৰপেটাই গভীৰ শোক প্ৰকাশ কৰিছে । ৰাজ্যৰ ৰাজনীতিত নতুনকৈ আত্মপ্ৰকাশ কৰা ‘ৰাইজৰ দল’ৰ আহবায়ক আশ্ৰাফুল ইছলাম আৰু মনিৰুজ জামানেও তৰুণ গগৈৰ বিয়োগত শোক প্ৰকাশ কৰে । এক বিবৃতিত নেতাদ্বয়ে উল্লেখ কৰে যে অসমত তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা, অসমৰ উন্নয়নৰ স্বাৰ্থত আপোচবিহীনভাৱে কাম কৰা প্ৰবীণ ৰাজনীতিবিদ তৰুণ গগৈৰ বিয়োগত ৰাজ্যবাসীয়ে এগৰাকী ধৰ্মনিৰপেক্ষ, সুদক্ষ আৰু বিচক্ষণ নেতাক হেৰুৱালে। সকলো জাতি-জনগোষ্ঠীক লৈ আগুৱাই যোৱাটোৱেই তেখেতৰ মূল লক্ষ্য আছিল বুলি বিবৃতিটোত উল্লেখ কৰে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

No comments