Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰথম জিডিএছএ মহিলা ফুটবল লীগঃ লেনলাইএফচিৰ হাতত ৪-০ বিধ্বস্থ এফচিচি ডিফু

গণবাৰ্তা বিশেষ,ডিফু, ৭ নৱেম্বৰঃ গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছন চমুকৈ জিডিএছএৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলি থকা প্ৰথম জিড...


গণবাৰ্তা বিশেষ,ডিফু, ৭ নৱেম্বৰঃ গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছন চমুকৈ জিডিএছএৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলি থকা প্ৰথম জিডিএছএ মহিলা ফুটবল লীগ ২০২০ প্ৰতিযোগিতাত আজিৰ খেলত লেনলাই এফচিৰ হাতত  এফচিচি ডিফু  ৪-০ গ'লৰ ব্যৱধানত অতি শোচনীয় পৰাজয় বৰণ কৰিব লগীয়া হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ৩ বজাত ডিফুৰ 'কাছা' ৰ অত্যাধুনিক খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতা ষষ্ঠ  খেলত একপক্ষীয় ভাবে ৪ টা গল প্ৰদান কৰি লেনলাই এফচিয়ে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হয় ৷ মৰণপণ যুঁজ দিও লেনলাই এফচিৰ বিৰুদ্ধে এফচিচি ডিফুৱে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম নহ'ল ৷ লেনলাই এফচিৰ হৈ  প্ৰথম আৰু দ্বিতীয়াৰ্দ্ধত নিজৰ দপদপনি অব্যাহত ৰাখি ক্ৰমে, আহই কিৰগেনে ৩মিনিটত,জাউঙ কিপগেনে ২১ মিনিটত, ননী গুইটেই ২৭ মিনিটত আৰু চিয়ামটে গুইটেই ৫৮ মিনিটত এফচিচি ডিফুৰ গল নেটত এটাকৈ গ' ল দি লেনলাই এফচি ৪-০ ৰ ব্যৱধানত বিজয়ৰ সোৱাদ দিয়ে ৷ ৰামু ইংহিয়ে  পৰিচালনা কৰা খেলখনত লাইনত সহায় কৰে ক্ৰমে, বিজয় ৰংহাঙ আৰু আৰউইনচন কিলিঙে ৷চতুৰ্থ ৰেফাৰী দায়িত্ব পালন কৰে ৰূপকণচিং ৰংফাৰে   ৷




No comments