Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যৰ ১১৯ খন চাহ বাগিছাত আদৰ্শ হাইস্কুল নিৰ্মাণৰ শুভাৰম্ভ

যোৰহাটৰ সৰুচৰাই চাহ বাগিছাত আধাৰশিলা স্থাপন কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই গণ বাৰ্তা, পশ্চিম যোৰহাট, ১ নৱেম্বৰ :  অসম চৰকাৰৰ লোক নিৰ্মাণ ...

যোৰহাটৰ সৰুচৰাই চাহ বাগিছাত আধাৰশিলা স্থাপন কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই




গণ বাৰ্তা, পশ্চিম যোৰহাট, ১ নৱেম্বৰ :  অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ ২০২০-২০২১ বৰ্ষৰ স্ব-অধিকাৰ উন্নয়ন পুঁজিৰে সৰুচৰাই চাহ বাগিছাত নিৰ্মাণ হ'বলগীয়া আদৰ্শ হাইস্কুল খনৰ আধাৰশিলা স্থাপন কৰি ১ নৱেম্বৰত নিৰ্মাণৰ শুভাৰম্ভ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।সৰুচৰাই চাহবাগিছাৰ কতৃপক্ষই দানৰূপে আগবঢ়োৱা আঢ়ৈবিঘা ভূমিত আদৰ্শ হাইস্কুলখন নিৰ্মাণৰ বাবে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এক কোটি চৈধ্য লাখ ৭৫ হাজাৰ টকাৰ আৱণ্টন দিছে।উক্ত ধনেৰে বিদ্যালয়খনৰ চৌহদ বেৰাৰ লগতে ৬ টা শ্ৰেণীকোঠা, কাৰ্যালয় গৃহ,পুথিভঁৰাল, মঞ্চ প্ৰেক্ষাগৃহ,শৌচ-প্ৰসাৱ গাৰ,বিশুদ্ধ খোৱা পানী আৰু বিজুলীৰ ব্যৱস্থা কৰা হ'ব।ৰাজ্যৰ ১১৯ খন আদৰ্শ হাইস্কুল চাহবাগিছা অঞ্চলত নতুনকৈ প্ৰতিষ্ঠা কৰিবৰ বাবে লোক নিৰ্মাণ বিভাগে ২০২০-২০২১ বৰ্ষৰ স্ব-অধিকাৰ  উন্নয়ন পুঁজিৰ অধীনত ১৪,২৫০.০০ লাখ টকা চৰকাৰে আৱণ্টন দিছে।উক্ত ধনেৰে ৰাজ্যৰ অন্য সমষ্টিৰ লগতে মৰিয়নি সমষ্টিৰ নাগিনীজান,কঁঠালগুৰি,যোৰহাট সমষ্টিৰ মূৰমূৰীয়া, টীয়ক সমষ্টিৰ ৰাজৈ,তিতাবৰ সমষ্টিৰ চৰাইপানী,দেৰগাঁও বিধান সভা সমষ্টিৰ যোৰহাট জিলা এলেকাৰ সৰুচৰাই আৰু গোলাঘাট জিলা এলেকাৰ সোণাখাত চাহবাগিছাত একোখনকৈ আদৰ্শ হাইস্কুল নতুনকৈ নিৰ্মাণ কৰা হ'ব।অসম লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যকৰী অভিযন্তা শান্তনু বৰুৱাই আঁত ধৰা, উদ্দেশ্যে ব্যাখ্যা কৰা,বিজেপি যোৰহাট জিলাৰ সভাপতি কামাখ্যা মোহন দাসে সভাপতিত্ব কৰা অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমাজৰ উন্নয়নৰ বাবে বৰ্তমান কৰি থকা উন্নয়নমূলক কাম-কাজৰ ব্যাখ্যা কৰি ৰাজ্যৰ চাহবাগিছা অঞ্চলত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ হাইস্কুলসমূহত সকলো সম্প্ৰদায়ৰ লোকৰ ল'ৰা-ছোৱালীক শিক্ষা গ্ৰহণ কৰাবলৈ অভিভাৱকসকলৰ প্ৰতি আহ্বান জনায়।উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমণি বৰাই আদৰণী ভাষণ দিয়া অনুষ্ঠানত দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন চাহবাগিছাৰ পথ পকীকৈ নিৰ্মাণৰ বাবে প্ৰতি বছৰে এক কোটিকৈ টকা চৰকাৰে দি থকাৰ লগতে প্ৰতিখন চাহবাগিছাতে একোখনকৈ আদৰ্শ হাইস্কুল চৰকাৰী খৰচত নিৰ্মাণ কৰা হ'ব বুলি কয়।তদুপৰি চাহবাগিছা এলেকাৰ বাসিন্দাসকলক ভূমিৰ পট্টা দিয়াৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে সুবিধা দি থকা আৰু বিজুলী যোগান বিনামূলীয়াকৈ দিয়া বুলি ভাষণত উল্লেখ কৰে।অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ১৯৮৩ চনৰ সৰুচৰাই শ্বহীদ প্ৰবীণ ভট্টাচাৰ্য্য,বিপিন বৰা আৰু জিতেন বৰাৰ কেঁচা তেজৰ মূল্যই স্বীকৃতি পালে বুলি তেওঁ উল্লেখ কৰে।উল্লেখ্য,আদৰ্শ হাইস্কুলখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা স্থানতে আৰক্ষীৰ গুলীত স্থলীতে ১৯৮৩ চনত প্ৰবীণ ভট্টাচাৰ্য্যৰ মৃত্যু হৈছিল।চিকিৎসাধীন অৱস্থাত কেইদিনমানৰ পিছত বিপিন বৰাৰ,কিছুদিনৰ পিছৰ জিতেন বৰাৰ মৃত্যু হৈছিল।উক্ত স্থানতে অসম চৰকাৰে আদৰ্শ হাইস্কুল প্ৰতিষ্ঠা কৰিবলৈ ধনৰ আৱণ্টন দিয়াত তেওঁৰ লগতে ৰাইজেও গৌৰববোধ কৰা বুলি কয়। তিনিওকে আছুৱে সেইসময়ত শ্বহীদ ঘোষণা কৰিছিল।আধাৰশিলা স্থাপন অনুষ্ঠানত সৰুচৰাই চাহবাগিছাৰ স্বত্বাধিকাৰ স্বপ্না শৰ্মা,প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা,বিজেপি-অগপ নেতা-কৰ্মী সঞ্জয়কৃষ্ণ তাঁতী, অলেন তাছা,মালা তাছা,লখিমী গোস্বামী,প্ৰশান্ত বৰা,মনোৰঞ্জন গগৈ, গৌৰী শংকৰ ভূঞা,সৌৰভপ্ৰাণ বৰা,যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ বিষয়া উদয় শংকৰ দত্ত, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা লক্ষ্মী নন্দন চেতিয়াসহ বিষয়া কৰ্মচাৰী আৰু স্থানীয় লোকসকল উপস্থিত থাকে ।

No comments