Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছানৰাইৰ্জাছ হায়দৰাবাদক ১৭ ৰানত পৰাস্ত কৰি দিল্লী কেপিটেলছ ফাইনেলত প্ৰৱেশ

আবু ধাবি, ৯ নৱেম্বৰঃ দেওবাৰে আবু ধাবিত অনুষ্ঠিত আই পি এল-২০২০ৰ দ্বিতীয় কোৱালিফাই মেচত ছানৰাইৰ্জাছ হায়দৰবাক ১৭ ৰানত পৰাস্ত কৰি দিল্লী কেপিটেল...

আবু ধাবি, ৯ নৱেম্বৰঃ দেওবাৰে আবু ধাবিত অনুষ্ঠিত আই পি এল-২০২০ৰ দ্বিতীয় কোৱালিফাই মেচত ছানৰাইৰ্জাছ হায়দৰবাক ১৭ ৰানত পৰাস্ত কৰি দিল্লী কেপিটেলছ ফাইনেলত প্ৰৱেশ কৰে। দ্বিতীয় কোৱালিফাই মেচত আজি প্ৰথমে  দিল্লী কেপিটেলছে বেটিং কৰি ষ্টনিছৰ ৩৮ ৰান, শিখৰ ধাৱানৰ বিস্ফোৰক  ৭৮ৰান, শ্ৰেয়াছ আয়াৰৰ ২১ ৰা,  হেটমাইৰৰ ৪২ৰান সহায়ত  তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত ২০ অভাৰত ১৮৯ ৰান সংগ্ৰহ কৰে। উল্লেখ্য যে শিখৰ ধাৱানে সৰ্বাধিক ৭৮ ৰান সংগ্ৰহ কৰে।  ১৯০ ৰানৰ বিশাল লক্ষ্য আগত ৰাখি  খেলিবলৈ আহি অপেনাৰ্ছ ডেভিড ৱাৰ্নাৰ মাত্ৰ ২ ৰানতে ৰাবাডাৰ  বলত আউট হ’বলগীয়া হয়।  প্ৰিয়ম  গাৰ্গে কিছু  ৰান কৰে যদিও ১৭ ৰানত ষ্টনিছৰ বলত আউট হ’বলগীয়া হয়। 

পিছত মনিষ পাণ্ডে আহি দলৰ স্কৰ আগবঢ়েৱাৰ লক্ষ্যৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই যদিও তেওঁ ষ্টনিছৰ চিকাৰ হয়। পিছত  কেন উইলিয়ামছে দুৰ্দান্ত প্ৰদৰ্শনেৰে মেচখন নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা কৰে আৰু বিস্ফোৰকভাৱে  ৪৫ টা বলত  ৪টা ছিক্সাৰ আৰু পাঁচটা ৪ৰ সহায়ত ৬৭ ৰান কৰি ষ্টনিছৰ বলত আউট হোৱাৰ পিছত শেষৰ ফালৰ বেটছমেন আব্দুল ছামাদে দুটা ৪ আৰু দুটা ৬ কোবাই দলটোক লক্ষ্যত উপনীত কৰাত কিছু আশা সজীৱ কৰাইছিল  যদিও ৰাবাডাৰ এটা অভাৰতে তিনিজনকৈ বেটছ মেন আউটা হোৱাত ছানৰাইজাৰ হাদৰাবাদে নিৰ্ধাৰিত ২০  অভাৰত ৮ উইকেট হেৰুৱাই মাত্ৰ  ১৭২ৰান কৰি পৰাজয়বৰণ কৰে। দলটোৰ হৈ সৰ্বাধিক ৰান কেন উইলিয়ামছনে সৰ্বাধিক ৬৭ ৰান সংগ্ৰহ কৰে। আনহাতে দিল্লী কেপিটেলছৰ হৈ  ৰাবাডাই ৪টা উইকেট, ষ্টনিছে ৩টা আৰু অক্ষৰ পাটেলে এটা উইকেট লাভ কৰে। উল্লেখ্য ১০ নৱেম্বৰত অৰ্থাৎ মঙলবাৰে ফাইলেত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছ।

No comments