Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পুনৰ ৰূপজ্যোতি কুৰ্মীৰ অভিনৱ প্ৰতিবাদ

  গণ বাৰ্তা, নকছাৰি, ৬ নবেম্বৰ :  মূল্য বৃদ্ধিক লৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনৱ প্ৰতিবাদ।পূৱ যোৰহাট ব্লক মহিলা কংগ্ৰেছ কমিটিৰ উদ্য...

 


গণ বাৰ্তা, নকছাৰি, ৬ নবেম্বৰ :  মূল্য বৃদ্ধিক লৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনৱ প্ৰতিবাদ।পূৱ যোৰহাট ব্লক মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰোধে মৰিয়নিৰ নকছাৰী দেবেৰাপাৰ চাৰি আলিত বিধায়ক গৰাকীয়ে বিভিন্ন খাদ্য সামগ্ৰী, শাক পাছলিৰ বৰ্ধিত মূল্য প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদত ব্লক মহিলা কংগ্ৰেছ কমিটি আৰু ব্লক যুৱ কংগ্ৰেছৰ বহু সংখ্যক সদস্যই অংশগ্ৰহণ কৰে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক দেশত খাদ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিৰ বাবে জগৰীয়া কৰি কঠোৰ সমালোচনা কৰে।বিধায়ক গৰাকীয়ে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালক কটাক্ষ কৰি কয় 'বিয়া নপতা দেশৰ প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীয়ে পৰিয়াল কেনেকৈ চলাব লাগে, পৰিয়াল পৰিকল্পনা কি, কেনেকৈ উপাৰ্জন আহে, গেছৰ বিল, লাইটৰ বিল ভৰি খাদ্য সামগ্ৰীত কিমান প্ৰয়োজন সেইবোৰ কথা নজনাৰ দোষত খাদ্য সামগ্ৰীৰ দাম বাঢ়ি গৈ আছে। বিয়া নপতা মানুহে নেতৃত্ব লোৱা বাবে আমাৰ দেশ আৰু ৰাজ্যৰ কাৰনে বিপদ নামি আহিছে'। ( সপোন ৰহমান শইকীয়া নকছাৰি )

No comments