Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মন্ত্ৰীৰ নাম সাঙুৰ খোৱা বাবেই বন্ধ হ’ল এছআই কেলেংকাৰীৰ তদন্তঃ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষŽ ভগীৰথ কৰন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ নৱেম্বৰ :  সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাৰ মন্ত্ৰীৰ নাম সােãাৰ খোৱাৰ বাবেই ৰহস্যজনকভাৱে বন্ধ হৈ পৰিল এছআই কেলেংকাৰী...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ নৱেম্বৰ :  সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাৰ মন্ত্ৰীৰ নাম সােãাৰ খোৱাৰ বাবেই ৰহস্যজনকভাৱে বন্ধ হৈ পৰিল এছআই কেলেংকাৰীৰ তদন্ত। মুখা খোল খোৱাৰ ভয়তেই তদন্ত প্ৰক্ৰিয়া গাপ দি থ’লে। —ৰাজীৱ ভৱনত আজি আয়োজিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ  মিডিয়া কোষৰ অধ্যক্ষ ভগীৰথ কৰণে এই অভিযোগ উত্থাপন কৰি কয় যে  এছআই কেলেংকাৰীৰ তদন্ত কি হ’ল· প্ৰাঞ্জল বৰুৱা, গৌতম মেচ, চাৰিজনকৈ মন্ত্ৰী, কেইবাজনো বিধায়কৰ নাম এছআই কেলেংকাৰীত সােãাৰ খাইছিল। কিন্তু তদন্তকাৰী দলটোৱে এইসকল লোকক এবাৰো জেৰা নকৰিলে। এছআই কেলেংকাৰীয়ে আৰক্ষীৰ ভাবমূৰ্তিত কালিমা সানিছে। যদিহে তদন্ত সম্পূৰ্ণ কৰি দোষীক শাস্তি দিব নোৱাৰে, তেনেহ’লে তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষী যে তেনেই অক্ষম সেয়া ওলাই পৰিব বুলি উল্লেখ কৰে। ইপিনে সোণোৱাল চৰকাৰৰ কাৰ্যকালত এপিএছচিৰ এটা পৰীক্ষাও সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কয় যে অসম লোকসেৱা আয়োগে ২০১৮, ২০১৯ আৰু ২০২০ চনৰ পৰীক্ষা পাতিব পৰা নাই। ইয়াৰ কাৰণ ২০১৮ চনৰ পৰীক্ষা আদালতৰ অধীনত ওলমি আছে। একাধিক ভুল প্ৰশ্নৰ জৰিয়তে ফলাফল ঘোষণা কৰিছিল। প্ৰশ্নকাকতখনেই শুদ্ধকৈ প্ৰকাশ কৰিব নোৱাৰাটোৱে সোণোৱাল চৰকাৰৰ নিৰ্লজ্জতাকে প্ৰমাণ কৰে বুলিও তেওঁ উল্লেখ কৰে। স্নাতক পৰ্যায়ৰ প্ৰশ্নৰ উত্তৰ কিতাপ চাই প্ৰস্তুত কৰিব নোৱাৰা এইসকল কোন পৰ্যায়ৰ অধ্যাপক তথা প্ৰৱMব্না বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয় যে কলেজত এই অধ্যাপকসকলে ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিয়ে তাত ৰহস্যৰ সৃষ্টি হয়। কিতাপ চাইয়ে প্ৰশ্নকাকত শুদ্ধকৈ প্ৰকাশ কৰিব নোৱাৰে। নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লোৱাৰ সময়ত তিনি বছৰে অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে এনে বিতৰ্কৰ মাজতে যোৱা ৮ নৱেম্বৰত সমাজ কল্যাণ বিভাগৰ অধীনত চিডিপিঅ’ৰ পৰীক্ষা অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিছিল। পৰীক্ষা আছিল ছ’চিয়েল ৱৰ্কৰ। কিন্তু প্ৰশ্নকাকত আহে সমাজবিদ্যাৰ পৰা। যিটো ক্ষমাহীন। একেদৰে গ্ৰাম্য উন্নয়ন বিভাগত ১,০০৪টা, জনসংযোগ বিভাগৰ প্ৰায় ৮০টা, আৰক্ষীৰ প্ৰায় ১,০০০টা, মীন বিভাগৰ প্ৰায় ৫০টাকে ধৰি বিগত চাৰি বছৰে যিবোৰ পদ দিবন, প্ৰাঞ্জল, গৌতম, অক্ষয় আৰু তেওঁলোকৰ কোম্পানীয়ে লাখ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিলে তাৰ তদন্ত কি হ’ব বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। লকডাউন সন্দৰ্ভতো কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অপৰিকল্পিত লকডাউনে জনসাধাৰণক জুৰুলা কৰিলে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় ৪ লাখ শ্ৰমিক অসমলৈ ঘূৰি আহে। তেওঁলোকৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়াও স্পষ্ট নহয় বুলি উল্লেখ কৰে। সোণোৱাল মন্ত্ৰীসভা ভাৰতবৰ্ষৰ সবাতোকৈ দক্ষতাহীন, কৰ্মহীন আৰু দুৰ্নীতিপৰায়ণ আখ্যা দি ভগীৰথ কৰণে কয় যে চৌদিশে কেৱল দুৰ্নীতিয়ে ছানি ধৰিছে। মন্ত্ৰীসভাখনো আজিও সম্পূৰ্ণ নহ’ল। চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ দিশত। সোণোৱাল চৰকাৰৰ কাৰ্যকালত সাংবাদিকৰ নিৰাপত্তা নাইকিয়া হৈছে বুলি উল্লেখ কৰি কয় যে এই চৰকাৰৰ কাৰ্যকালত এজনৰ পিছত এজনকৈ সাংবাদিকৰ ওপৰত আক্ৰমণ চলিছে।

No comments