ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৫ নৱেম্বৰ ঃ ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে কে’বাখনো হাস্পতাললৈ চিকিৎসা সামগ্ৰী দান কৰিছে।...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৫ নৱেম্বৰ ঃ ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে কে’বাখনো হাস্পতাললৈ চিকিৎসা সামগ্ৰী দান কৰিছে। তেওঁ অসমৰ কৰিমগঞ্জ জিলাৰ মুকুন্দ হাস্পতালত চিকিৎসা সামগ্ৰী দান কৰিছে। ইউনিছেফৰ গুড উইল এম্বেছাডৰ শচীন তেণ্ডলুকাৰে মুকুন্দ হাস্পতালত জি আই চি ইউ আৰু এন আই চি ইউ দান কৰিছে। মুকুন্দ হাস্পতাল কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি অঞ্চলত অৱস্থিত। যিটো অসম- মিজোৰাম সীমান্তবাসীৰ বাবে সহাক হ’ব। ইয়াৰ ফলত ২০০০ৰো অধিক দৰিদ্ৰ পৰিয়ালৰ শিশু উপকৃত হ’ব।
মুকুন্দ হাস্পতালৰ পেডিয়াট্ৰিক ছাৰ্জন ডাঃ বিজয় আনন্দ ইছমেলে প্ৰকাশ কৰিছে যে শচীন তেণ্ডুলকাৰ ফাউণ্ডেচনে তেওঁলোকৰ হাস্পতাললৈ চিকিৎসা সামগ্ৰী দান কৰিছে। যাৰ বাবে শচীন তেণ্ডুলকাৰ ফাউণ্ডেচনক ধন্যবাদ জনায় চিকিৎসকগৰাকীয়ে। উল্লেখ্য যে শচীন তেণ্ডুলকাৰ ফাউণ্ডেচনে দেশৰ বিভিন্ন প্ৰান্তত বহু প্ৰশংসনীয় কাম কৰি আহিছে। বিশেষকৈ মধ্যপ্ৰদেশৰ জনজাতি লোকৰ পুষ্টিকৰ খাদ্য আৰু শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰ-পূবৰ জনজাতিসকলৰ বাবেও শচীন তেণ্ডুলকাৰ ফাউণ্ডেচনে কাম কৰি আহিছে।
No comments