Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জেইই পৰীক্ষাŽ জালিয়াতিঃ ভাৰ্গৱ ডেকাক সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ নৱেম্বৰ ঃ সৰ্বভাৰতীয় সংযুক্ত প্ৰৱেশ পৰীক্ষা (জেইই)ৰ জালিয়াতি সন্দৰ্ভত দেওবাৰে নিশা বৰঝাৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ নৱেম্বৰ ঃ সৰ্বভাৰতীয় সংযুক্ত প্ৰৱেশ পৰীক্ষা (জেইই)ৰ জালিয়াতি সন্দৰ্ভত দেওবাৰে নিশা বৰঝাৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা মূল অভিযুক্ত মধ্যভোগী কনছালটেন্সী প্ৰতিষ্ঠান ‘গ্ল’বেল ইডুলাইট’ৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক সোমবাৰে আদালতত হাজিৰ কৰা হয়। বিয়লিৰ ভাগত কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি আজাৰা আৰক্ষীয়ে জেৰাৰ বাবে অতিৰিক্ত সময় বিচাৰি আদালতত ১৪ দিন নিজৰ জিম্মাত বিচাৰি আবেদন কৰে। কিন্তু আদালতে ভাৰ্গৱ ডেকাক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। উল্লেখ্য যে আদালতত ভাৰ্গৱ ডেকাৰ অধিবক্তাই তেওঁৰ জামিন বিচাৰি আবেদন কৰিছিল যদিও আবেদন নাকচ কৰি আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে। প্ৰণিধানযোগ্য যে সৰ্বভাৰতীয় সংযুক্ত প্ৰৱেশ পৰীক্ষাত ভাৰাতীয়া পৰীক্ষাৰ্থী বহুৱাই একাংশ মেধাহীন প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা লৈ সেইসকল প্ৰাৰ্থীক চিকিৎসাবিজ্ঞান অথবা ইঞ্জিনিয়াৰিঙত বাছনি লাভ কৰোৱাৰ ব্যৱস্থা কৰিছিল।

 শেহতীয়াকৈ এই সন্দৰ্ভত আজাৰা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪১৯/৪২০/৪০৬ আৰু তথ্য-প্ৰযুক্তি আইনৰ ৬৬ডি ধাৰাত ৰুজু কৰা ৬২৪/২০২০ নম্বৰ গোচৰৰ ভিত্তিত পৰীক্ষাৰ্থী নীল নক্ষত্ৰ দাসৰ লগতে তেওঁৰ চিকিৎসক পিতৃ ডাঃ জ্যোৰ্তিময় দাস আৰু পৰীক্ষা কেন্দ্ৰৰ ৩জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল। শুকুৰবাৰে নিশা মধ্যভোগী কনছালটেন্সী প্ৰতিষ্ঠান ‘গ্ল’বেল ইডুলাইট’ৰ কাউন্সিলৰ কাকলি বুজৰবৰুৱাক গ্ৰেপ্তাৰ কৰে। শনিবাৰে আদালতত হাজিৰ কৰাই আৰক্ষীয়ে কাকলি বুজৰবৰুৱাক ৩ দিনৰ বাবে নিজৰ জিম্মাত লয়। মঙলবাৰে কাকলিৰ আৰক্ষীৰ ৩ দিনীয়া জিম্মাৰ ম্যাদ উকলি যাব। ইতিমধ্যে কাকলি বুজৰবৰুৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজাৰা আৰক্ষীয়ে নলবাৰীত আৰু গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলাই কম্পিউটাৰ, বেংক একাউণ্টসহ বহু তথ্য-প্ৰমাণ সংগ্ৰহ কৰিছে। আনকি এই ভয়ংকৰ পৰীক্ষা জালিয়াতিৰ লগত জড়িত থকা আন তিনিজন কৰ্মচাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। 

প্ৰণিধানযোগ্য যে কুখ্যাত চাকৰি-দালাল ভাৰ্গৱ ডেকাৰ মধ্যভোগী কনছালটেন্সী প্ৰতিষ্ঠান গ্ল’বেল ইডুলাইটত কোচিং কৰা শিক্ষাৰ্থীসকলৰ ধনৱান শিক্ষাৰ্থীসকলক চিনাক্ত কৰি পিছত ইঞ্জিনিয়াৰিং আৰু মেডিকেলত বাছনি লাভৰ নিশ্চয়তা প্ৰদান কৰি অভিভাৱকৰ লগত লাখ লাখ টকাত চুক্তি কৰে। বিগত ৮য১০ বছৰ ধৰি ভাৰ্গৱ ডেকা এণ্ড কোম্পানীয়ে এনেদৰে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত একাংশ অযোগ্য প্ৰাৰ্থীক বাছনি লাভ কৰোৱাৰ ব্যৱস্থা কৰি আহিছে। ইতিমধ্যে আৰক্ষীৰ জেৰাত এইসমূহ বিস্ফোৰক স্বীকাৰোক্তি দিছে ভাৰ্গৱ ডেকা আৰু সুন্দৰী মধ্যভোগী কাকলি বুজৰবৰুৱাই। তেওঁলোকে জেইই, নীটৰ লগতে মেনেজমেণ্টৰ পৰীক্ষাতো প্ৰাৰ্থীক বাছনি লাভ কৰোৱাৰ ব্যৱস্থা কৰি আহিছে।

 কিন্তু কেনেকৈ ইমান দিন ধৰি এই ভয়ংকৰ জালিয়াতি কৰি আহিছে সেয়া এতিয়াও আৰক্ষীৰ তদন্তত পোহৰলৈ অহা নাই। এক সূত্ৰই সদৰী কৰা অনুসৰি ভাৰ্গৱ ডেকা এণ্ড কোম্পানীয়ে পৰীক্ষা কেন্দ্ৰৰ একাংশ কৰ্মচাৰীক ধন দি ক্ৰয় কৰাৰ লগতে পৰীক্ষা অনুষ্ঠিত কৰা প্ৰতিষ্ঠানসমূহৰ লগতো বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বুজাবুজি কৰি আগতীয়াকৈ প্ৰশ্নকাকত ফাদিল অথবা অত্যাধুনিক পদ্ধতিৰে কম্পিউটাৰ হেক কৰি জালিয়াতি কৰি আহিছে। এতিয়া এই সকলো তথ্য ভাৰ্গৱ ডেকাক জেৰা কৰাৰ পিছত পোহৰলৈ আহিব।

No comments